মেঘালী বৰষা🌿💦   (✍️ বিপাশা 💕)
373 Followers · 283 Following

read more
Joined 30 December 2020


read more
Joined 30 December 2020

প্ৰতিটো মুহুর্তত এতিয়া বিষাদৰ ছাঁয় আৱৰি ধৰে চৌপাশ।
তুমিহীনতাৰ যন্ত্রণায় বাৰে বাৰে সকীয়াই নিস্প্ৰভ জোনটিৰ
দুখৰ মালিতা।।




— % &

-



" কুঁহিপাতৰ আলিঙ্গন "

ধূসৰতাৰ কাঁচিয়লি বাটত সজীৱতাৰ আঁচোৰ......
গছে-পাতে আনন্দৰ লহৰ,
কৃষ্টিৰ বেদীত যেন সুন্দৰতাৰ পৰশ।

কুঁহিপাতৰ আঁৰে আঁৰে আলহী কুলিয়ে
দি ফুৰিছে ব'হাগ অহাৰ বাতৰি,
অনুপমা প্ৰকৃতিয়েও জীৰ্ণ আভৰণ সলাই
ন সাজেৰে সাজিছে ব'হাগীক আদৰিবলে।
লাজৰ ওৰণি টানি, নতুনত্বৰ আশাৰে
কুঁহিপাতেও জনাইছে ব'হাগৰ মিঠা সম্ভাষণ।
সেয়ে প্ৰস্তুতি এতিয়া সাজোন-কাচোনৰ।

ঢোল-পেঁপাৰ মিশ্ৰিত শব্দত ৰজনজনাই উঠে ,
বিহুবলীয়া অসমৰ ইমূৰৰ পৰা সিমূৰ।
নাচনীৰ লিহিৰি হাতৰ পৰশত প্ৰাণ পাই উঠে
চেনাই লৈ বোৱা ফুলাম গামোচাখনি।
চহা খেতিয়কৰ মনত আশাৰ সঞ্চাৰ হয়,
জীপাল ভাৱেৰে অপেক্ষা কৰে
ব'হাগৰ সোণালী দিনবোৰলৈ.....।— % &

-



এয়াই জানো যথেষ্ট নহয়....
ভালপোৱা বুজাবলে ???
যিযোৰ চকুয়ে হেজাৰৰ মাজতো মাথোঁ বিচাৰি ফুৰে
আকুলতাভৰা সেইহাল চকুক যাৰ চাৱনিত আবদ্ধ হৈ ৰয় এই জীৱনৰ প্ৰতিটো পল... ❤— % &

-



সামান্য স্পৰ্শই বুজাই যায় এজনৰ উপস্থিতিৰ গুৰুত্ব......।।
মৰম, ভালপোৱা,খং- অভিমানৰ সংমিশ্রণেই জানো প্ৰেম নহয়.... ❤

(এয়া জানো নুবুজা???মোৰ ৰঙা ভালপোৱা দুষ্ট পোৱালি টো) — % &

-



"ব'হাগৰ উচুপনি"

চ'তৰ ক'ৰাল দুপৰীয়া ফুলবাছি থকা গামোচাখনত বাকী থকা ফুলখিনি বাছি বাছি মেঘালীয়ে অৰ্ণৱৰ কথাকে ভাবিলে। কি যে অকৰা এই ল'ৰাটো। অথচ তাইৰ আগত শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰাটো....!! হাঁহি থকা অৰ্ণৱৰ মূখখন মনত পৰি তাইৰো দুইওঁঠৰ মাজেৰে খেলি গ'ল প্ৰাপ্তিৰ এটি মিঠা হাঁহি।

যোৱাবাৰ আঁহোতে সি তাইক আঙুঠি পিন্ধাই গৈছে, এই ব'হাগত নিজৰ কৰি লোৱাৰ প্ৰতিশ্ৰুতিৰে....।

তাঁতৰ পাতৰ পৰা উঠি তাই এইবাৰ হেঁপাহৰ জুলুঙাত সজতনে সাঁচি ৰখা মাকৰ অলংকাৰখিনিৰ সৈতে আইতাকৰ দিনৰ পুৰণি পাটৰ সাজযোৰেৰে নিজকে এবাৰ কইনাৰ ৰূপত কল্পনা কৰি চালে।

বিহু পালেহি। অৰ্ণৱ আহিল..... কাঠৰ চাৰিবেৰৰ মাজত নিঠৰ দেহটি লৈ। নিৰৱে , নিশব্দে.......।— % &

-



•°•°•নাৰী... এক সৃষ্টিৰ নাম•°•°•

অজ্ঞান তিমিৰৰ এটি উজ্জ্বল জ্যোতি
পথভ্রষ্ট পথিকৰ সাহসৰ প্ৰতীক
তুমি নাৰী.....।
ৰহস্যৰ পম খেদি, সৃষ্টিৰ উৎঘাটন 'নাৰী'।
জয়মতীৰ পৰা কনকলতালৈ ,
আদৰ্শ জীয়ৰীৰ পৰা বীৰাংগনালৈ ,
আদৰ্শ বোৱাৰীৰ পৰা মাতৃলৈ ,
তুমি নাৰী....।
যাৰ আঁচলৰ ছাঁত প্ৰাণ পাই উঠে
এই দেশৰ হেজাৰ বীৰ।
জীৱনৰ আধালেখা দস্তাবেজ বুকুত কঢ়িয়াই...
যুগে যুগে লাঞ্ছিত বঞ্চিত হৈয়ো
জীৱন যুঁজত ভাগি নপৰা বটবৃক্ষ
এগৰাকী নাৰী....।
যি মাথোঁ বৈ যাব জানে, স্থিতপ্ৰজ্ঞ হৈ সভ্যতাৰ দিশে
হেজাৰ সন্তানৰ শক্তিৰূপে,সৃষ্টিৰ উৎস হৈ......। — % &

-



"সৰাপাতৰ সুবাস বিচাৰি"

বুকুৰ কোণত ক্ৰমে গজাঁলি মেলিছে
পূর্ণিমাৰ হালধীয়া জোনটোৱে,
পোৱা নোপোৱাৰ দোমোজাত
বুকুত বলিছে ফাগুনৰ অনামী নিচা।

ধূসৰতাৰ সাজ পিন্ধি বিৰিখৰ বুকুত
ওলমি ৰৈছে শূন্যতাৰে ভৰা এখনি কলিজা।
এতিয়া যেন সৰাপাতৰ প্ৰহেলিকা ভাঙিবলৈ
পিয়াপি দি ফুৰিছে ফাগুন প্ৰেমিকে।

পলাশ, মদাৰ,শিমলু ফুলাৰ
বতৰতে হেনো ফাগুন নামে,
গুজৰি গুমৰি থকা হৃদয়ৰ ভাষায়ো প্ৰাণ পাই উঠে।
সেয়ে হয়তো নপৰো বুলিও বাৰে বাৰে পৰো ফাগুনৰ প্ৰেমত,
এক নতুনত্বৰ আশাৰে,
সৰাপাতৰ সুবাস বিচাৰি......।। — % &

-



~*ৰঙা গোলাপ*~

এপাহ ৰঙা গোলাপ
হেজাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা
এপাহী গোলাপ।
যাৰ পাহিত লিখা থাকে ,
হেজাৰ ধুমুহায় বিচ্ছেদ কৰিব নোৱাৰা
প্ৰেমৰ মন্ত্ৰ।
যাৰ আলফুল কোমল পাহিবোৰতেই
মৰমবোৰ প্ৰকাশ কৰি,
ইজনে আনজনৰ লগত চিৰজীৱন থকাৰ প্ৰতিশ্ৰুতি দিয়ে।

(এপাহ ৰঙা গোলাপ মৰম, ভালপোৱাৰ......) — % &

-



তেওঁৰ প্ৰতিটো উশাহত মই
তেওঁৰ প্ৰতিটো পুৱাৰ ৰাঙলী সূৰুয মই ।।
এই যে "তেওঁ মই".......
আমাৰ আৰম্ভণি প্ৰেম, অন্তও প্ৰেম❤— % &

-



"ফাগুনৰ পছোৱাই মন ৰিঙিয়াই"

সৰাপাত গছকি
লঠঙা ডালত
আকৌ ফুলিছে শিমলুৰ তেজ ৰঙীন পাহিবোৰ।
হৃদয়ৰ বাকৰিত খলকনি তুলি
জুই হেন ৰঙা ফাগুনে
পুনৰ আনিছে প্ৰেমৰ বতৰা।

বুকুৰ অচিন কোণত
পুনৰ সেই চিনাকি বিষটোৱে উকি মাৰে।
এনেকৈয়ে এদিন সৰাপাতৰ বুকুত
পৰি ৰৈছিল প্ৰেমৰ পাহিবোৰ।

বুকুৰ মৰু জীপাল কৰি
পাহিবোৰ বুটলি ল'বলে
আজি মোৰ চুবুৰীত প্ৰাণচঞ্চলা ফাগুনীজনী আহিছে।
সেয়ে সকলো পাহৰি
পুনৰ শিমলুৰ তেজ ৰঙী পাহিত লিখি ল'লো
তোমাৰ মোৰ , স্বৰ্ণিল স্পন্দনৰ দুটি আখৰ
'প্ৰেম'.......।। — % &

-


Fetching মেঘালী বৰষা🌿💦 Quotes