* প্ৰতিশ্ৰুতিবোৰৰ শ্ৰাদ্ধ পাতি প্ৰিয় মানুহবোৰেই এদিন এৰি যায়🥲
:হুমম্ চাগে আগতে দি থোৱা প্ৰতিশ্ৰুতিবোৰ মনতেই নাথাকে🙃
*মনত ৰাখিবলৈনো কি আছে,ভালপোৱাবোৰ দায়িত্ব হিচাপে ভাবিব নালাগে বচ্ ভাল পাই যাব লাগে সদায় একেদৰে...!
*প্ৰতিশ্ৰুতিবদ্ধ হৈও আঁতৰি গ'লে দুখ লাগে ন?
* না.... মোৰ নালাগে এতিয়া!
*মোৰ লাগে,তোমাৰ কিয় নালাগিব ?
*তোমাৰ লাগিলে সকলোৰে লাগিব বুলি কথা নাই😊
*নুবুজিলো??
*এখন হৃদয়ে বাৰে বাৰে প্ৰতাৰিত হ'লে শেষলৈ অভ্যাস হৈ যায়!সকলোবোৰ অভ্যাসৰ লগত কথা, ভালপোৱাও অভ্যাস হৈ যায় কেতিয়াবা....তুমি নুবুজিবা!!কাৰোবাৰ বাবে সদায় কথা পতা ব্যক্তিজনো ভালপোৱা হৈ যাব পাৰে,কাৰোবাৰ সদায় দেখা মানুহজন,সকলো অভ্যাস বুজিছা,মানুহবোৰ অভ্যাসৰ লগত চলে,আবেগিক হৈ মিছাতেই প্ৰতিশ্ৰুতিবদ্ধ হয়, পিছে মানুহবোৰ বাস্তৱিক,খুউব সোনকালেই বুজি উঠে যে মৰমৰ অভ্যাসেৰে সকলো প্ৰতিশ্ৰুতি পূৰাব পৰা নাযায় সেয়ে মানুহবোৰ আঁতৰি যায় আৰু বদনাম প্ৰতাৰকৰ পায়🙂....!
-
য'ত মৰম পাব বিশ্বাস পাব
বিনিময়ত একো নিবিচাৰোঁ
মাথোঁ মানৱতাৰ জয়... read more
নজনাকৈয়ে দুখৰ মালা এধাৰি
সি মোৰ বাবে গাঁথিবলৈ লৈছে
মই বুজিও নুবুজাৰ ভাও জুৰিছো
নহ'লে যে গত্যন্তৰ নাই
তাৰ দুখবোৰ থূপাই থূপাই
বৃহৎ দ'ম এটিৰে পিৰামিড সাজিছোঁ
দুখবোৰ উপশম কৰাৰ মন্ত্ৰ সি নাজানে
সি মাথোঁ নিজৰ ৰঙহীন পৃথিৱীখনত সোমাই
জীৱনৰ পোৱা- নোপোৱাৰ হিচাপ কৰে
অসফলতা তাৰ ডাঙৰ ব্যাধি
মই সাকোঁ এখন হৈ থিয় হৈছোঁ
মজবুত নহয় যদিও পৰি যোৱাৰ ভয় নাই
জীৱনৰ আলিটোৱেদি এদিন একেলগে
খোজ দিয়াৰ কামনাৰে....
-
বাকৰুদ্ধ হৈ যাওঁ বাৰে বাৰে
তুমি কাষলে আহিলে
আজি মনৰ কথাবোৰ
লিপিবদ্ধ কৰিম তুমি নামৰ ডায়েৰীত
তুমি পঢ়িবা আলফুলে
অনুভৱ কৰিব পাৰিবা মোৰ শব্দ বোৰ
কাৰণ ....
মোৰ হৃ কাননৰ তুমিয়েই যে
সপোন কুঁৱৰী 🌼-
উশাহ বৰ ঠিক ঘন হৈ আহিছিল
আপোনাৰ পৰা বাটটো ফালৰি
কাটি আহোঁতে.....
থমকি ৰম বুলি ভাবিও
ৰব নোৱাৰিলোঁ!
আপুনি বিচৰা ধৰণে
মই নহয়;তাতেই যেন স্তব্ধ সকলো...
বন্ধ কৰি ৰাখিলোঁ উভতি যোৱাৰ সেই প্ৰেমৰ বাট
ঘূৰি যোৱাৰ কথা মনলৈ আহিলে বন্ধ বাটটোৱে
অন্তত: প্ৰতিবাদ কৰিব....!-
আপুনি মোক ভাল পোৱাৰ দাবী কৰে
অথচ মোক মই হৈ থকাৰ স্বাধীনতা
আপুনি দিব নিবিচাৰে
ভাল পোৱাৰ আলিটোৱেদি উজাই গৈ
মই বন্দী হ'ব নিবিচাৰোঁ
আপুনি অলপ সহজ হওঁক
মোৰ মনে আপোনাৰ ভাল পোৱা
গ্ৰহণ কৰিব পৰাকৈ-
ভালে থকাৰ মোৰ অভিনয়ৰ অন্ত নাই,
তোমাৰ অৱহেলাত বাগৰি অহা মোৰ অশ্ৰুকণাৰ অন্ত নাই
মই জানো নীলা আকাশখন সম্পূৰ্ণ মোৰ নহয়( ঠিক তোমাৰ দৰে)
তথাপি তাৰ বুকুলৈ চাই মই হাঁহি থাকিম কিম্বা সুখী থকাৰ ন অভিনয় কৰিম🌼-
এটি অজুহাত বিচাৰি তুমি আঁতৰি গ'লা
মই আমাৰ স্মৃতিবোৰ সামৰি সুতৰি
নিসংগ ৰাতিবোৰত ডায়েৰীৰ পাতবোৰ দুখৰ চকুলোৰে ভৰাই গ'লো
মই তোমাক প্ৰাণভৰি ভাল পাওঁ
এইটো অজুহাত জানো কম আছিল
তুমি মোৰ হৈ থাকিবলৈ-
উশাহবোৰ জী আছে
শব্দবোৰৰ লগতেই মোৰ
জন্মান্তৰৰ চিনাকি
কোনে বুজিব
হাঁহি এটি গধুৰ হৈ
কবিতা লিখাৰ আঁৰৰ কাহিনী
অভিমানী মনটোৱে বহুবাৰ
হাহাকাৰ কৰি সুধিছে
মোৰ উশাহবোৰৰ বয়স কিমান ?
তথাপি আজিও উশাহবোৰ জী আছে
সময়ৰ বলুকাৰাশিত ....
বিশ্বাসবোৰ হেৰাই গ'লে
জ্বলি নাযায় প্ৰতাৰকৰ হৃদয় মৰু!
পিছে মই জ্বলি জ্বলি পুনৰ জী উঠিছোঁ
(নিজৰ বাবে)....
কোনে জানে বিষাদৰ সুৰ এটি
জীৱনৰ কোন ঘাটত আকৌ ৰৈ আছে
তথাপি জীৱনক ভালপোৱা মানুহে
পিছলৈ চাই ৰৈ দিব নোখোজে...
-
উকা পৃষ্ঠাবোৰ দুখৰ চিয়াঁহীৰে
পৰিপূৰ্ণ হোৱা দীঘল ৰাতিবোৰত,
তপত হুমুনিয়াহৰ শব্দত ঠেকা খায়
বিচলিত হোৱা মনৰ বতৰাবোৰ....
যাযাবৰী মনেহে জানে,
ঠিকনাহীন হৃদয়ৰ দস্তাবেজ।-
জীৱন
পাকঘূৰণি খোৱা জীৱন বাটত
পয়ালগা সপোনৰ আৰ্তনাদ শুনি
জীৱন যেন থমকি ৰব বিচাৰে!
অন্ধকাৰে গো- গ্ৰাসে গিলিব বিচৰা
জীৱন নাটৰ এখনি ধূসৰ ছৱি
আওবাটে হেৰাই যাব খোজে!
বিষাদগ্ৰস্ত জীৱনে নাসানে
ৰামধেনুৰ ৰঙবোৰ......
আপাততঃ........
নিসংগতাৰ এখনি চাদৰ
কংক্ৰিটে আৱৰা জীৱনত মেৰিয়াই
মন্থৰ গতিৰে খোজবোৰৰ হিচাপ-নিকাচ চলে!
-