মৌচুম দত্ত   (Mousum)
96 Followers · 41 Following

জীৱনটোক ভাল পাওঁ...
Joined 26 February 2018


জীৱনটোক ভাল পাওঁ...
Joined 26 February 2018

সুৱাগমণি ...
যেন বুকুৰ কলৰৱ,
প্ৰজ্বলিত আভাৰ নিনাদ গম্ভীৰ বৰ্ণালী ..
চুৰ্ণীকৃত টুকুৰা স্পন্দন,
যেন .. শেষ গভীৰ ছাঁয়া ..

এজাক বৰষুণ, এমুঠি জোনাক,
তোমাৰ কলৰৱ..
যেন বুকুৰ ধুমুহাত উচ্ছৃংখল,
পৰাণত থিতাপি লোৱা কুকুঁহা হেপাঁহ.. মই এনেকৈয়ে.. কেতিয়াবা শিল, কেতিয়াবা বহেমিয়া.. কেতিয়াবা অনাকাঙ্খিত, অচিনা অলকানন্দা..

-



কাকো কেতিয়াও, এতিয়া কোনো অভিযোগ নকৰো আৰু, বিশ্বাসো নকৰো । জীৱনটোত কিছুমান শেষ প্ৰাপ্তি বুলি ভাবিয়ে জীৱনটোত আছুতীয়াকৈ ৰখা বহু সপোন হঠাতে হেৰুৱাই পেলালো ...আচলতে, বিশ্বাস নামৰ শব্দ টোৰ প্ৰতি বেছি পুতৌ জাগিছিল বাবেই হয়তো, জীৱনটোত এই শব্দটোৱেই বহুত বেছি বেয়াকৈ প্ৰতাৰণা কৰিলে ...

-



সাঁথৰ বোৰ যেন সাঁথৰেই ...

জোনাকৰ বুকুত লিখিব থাকি যোৱা ...সকলোবোৰ,
তমসাৰ বুকুত এতিয়া যেন,
এখন জী উঠা জীৱনী..

এন্ধাৰৰ বুকুত সকলোৱেই অভিমানী...
কোনেওচোন নেদেখে !
জোনৰ বুকুতো সৰে,কাৰোবাৰ নীৰৱে উচুপনি...

-



পৰাণৰ সুহুৰিত বিচ্ছুৰিত অনুৰাগ ...

অনুভৱৰ সোপানত বহু যেন সাধুকথা,

এপাহি গোলাপে মৌন হৈ গাঁথিলে,
আজি বহুতো গাঁথা...

🌹😌

-


25 OCT 2023 AT 15:49

প্ৰতিশ্ৰতিবোৰেও বৰণ সলায়,
কপহুৱা মেঘৰ দৰে
আশাবোৰো নীলিমাত
চূৰ্ণীকৃত হৈ ৰয়,

আচলতে,
কিছুমান আকাংক্ষা
অনলৰ দৰেই,
চকুলোৰ বৃষ্টিৰ সৈতে
জিলিকাই তোলে
অচিনা ৰামধেনু ...

-


26 JAN 2022 AT 23:11

তুমি হেৰাই যাবা বুলি আগতেই জনাহেতেন,
নকৰিলোহেতেন,
তোমাৰ বাবে
ইমান বিশাল আয়োজন..
তোমাকেই
শেষ প্ৰাপ্তি বুলি ভাবি..

-


28 OCT 2021 AT 21:02

শেষ বুলি জানো শেষ হয়,

গুছি যোৱা বসন্ত
পুনৰ আহে,

হেৰাই যোৱা ৰ'দো
পুনৰ আহে ...

মাথো, জীৱন মৰুত শেষ হৈ ৰয় তৃষা, মই যেন তাৰ মাজৰে মৰীচিকা ...

-


8 JUL 2021 AT 17:07

তুমি নাই..
তুমি দূৰ আকাশ,
মোৰ জীয়া অতীত,
তোমাৰ সুহুৰিত জাগি উঠা চৰাইজনী আজি নিঠৰ,
দিশহাৰা ...।
স্মৃতিৰ কুঁৱলী ফালি জুমি চাবাছোন এবাৰ..

শীৰ্ণ যেন দুহাতত মৰহি যোৱা এপাহি গধূলি-গোপাল...
সিক্ত নয়নৰ পাহিত উজ্বলি উঠা বিধ্বস্ত পৰাণ...

-


25 JUN 2021 AT 14:51

দশোদিশত যেন প্ৰজ্বলিত শিখা,

ইমান জোনাকৰ ফুল,
নীৰৱে নিতালে..

পাবানে বিছাৰি প্ৰাপ্তিৰ ঠিকনা !

তুমি আহি চুই দিলেই,
বুকুৱে সামৰিব
বহু ৰাতিৰ অনন্ত তৃষা ....

-


16 MAY 2021 AT 8:52

উৰাই দিও বুলি উৰাই দিলে,
উৰি নুঠে সপোনৰ চিলা,
তাৰ আগতে পিন্ধিবই লাগিব,
এবাৰলৈ হ'লেও চকুপানীৰ চোলা...

-


Fetching মৌচুম দত্ত Quotes