Marjina Begum   (মাৰ্জিনা বেগম)
9 Followers · 2 Following

সাধাৰণ !
লাজকুৰীয়া!
অন্তৰ্মুখী !
অন্তৰৰ ভাৱনাবোৰ বাৰমাহে সূৰ্যমুখী !🌻
Joined 29 January 2022


সাধাৰণ !
লাজকুৰীয়া!
অন্তৰ্মুখী !
অন্তৰৰ ভাৱনাবোৰ বাৰমাহে সূৰ্যমুখী !🌻
Joined 29 January 2022
25 APR AT 11:22

শক্তিশালী পুৰুষ মানুহবোৰে অকলে কান্দে,
কাৰণ তেওঁলোকে কাকো ক'ব নোৱাৰে তেওঁলোকৰ জীৱন কেনেদৰে গৈছে।
হয়, তেওঁলোক শক্তিশালী, কিন্তু তেওঁলোক ভাগৰুৱা।

-


25 APR AT 11:14

এই পৃথিৱীত তোমাৰ অস্তিত্বৰ বহুত কাৰণ আছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল তুমি এজন গুৰুত্বপূৰ্ণ ব্যক্তি যাক এই পৃথিৱীত অহাৰ সুযোগ দিয়া হৈছে....

-


1 APR AT 10:15

জীৱনৰ সকলোতকৈ প্ৰিয় বস্তুবোৰ
হয়তো অবৈধ, নহয়তো নিষিদ্ধ, দামী
নহ'লে আন কাৰোবাৰ।

-


1 APR AT 9:57

ব্যস্ত চহৰখনে ৰিঙিয়াই মাতিলে,
- মনটো আজি ফৰকাল নেকি?
উত্তৰ দিলোঁ ,
- তোমাৰ বুকুৰ ব্যস্ততা দেখি কিদৰে ৰাখোঁ মনটো বিষন্ন কৰি ... ।
তাৰ পিছতেই আকাশৰ বুকু ফালি চহৰখনলৈ নামি আহিছিল গালে-মুখে চুমি শেলুৱৈৰঙী এজাক বৰষুণ ।

-


27 FEB AT 18:21

মা হ'ল সেই ডাক্তৰ, যিয়ে নিজৰ সন্তানৰ লুকাই থকা সকলো দুখ কোনো বিশেষত্ব নোহোৱাকৈ জানে।

-


31 DEC 2023 AT 11:36

চেতনাৰ সমাধিত যদি ফুলে ফুল
সি জানো হাঁহে সচাঁকৈ?
আৰম্ভণিতে অপমৃত্যু যাৰ
স্বাৰ্থ সিদ্ধিৰ ভয়ংকৰ আঘাতত
আকৌ জন্মিব একেই মাটিত
কিহৰ বিশ্বাসত!

-


29 NOV 2023 AT 18:53

-কেতিয়াবা প্ৰয়োজন হৈ পৰে
এটি দীঘলীয়া সেৱাৰ.......
-ক্ষমা ক্ষমা ক্ষমা ক্ষমা
মোৰ সকলো ভুল স্বীকাৰ কৰিছোঁ ||

-


1 OCT 2023 AT 15:54


বিশুদ্ধ প্ৰেমৰ তুমি প্ৰস্ফুটিত কলি
অনুপ্ৰেৰণাত সৰে বিশ্বাসী শব্দৰ কুঁৱলী।

-


27 SEP 2023 AT 16:42

এটি চকুত মৰুভূমি
আনটোত গোলাপ
সজাই ৰাখিছোঁ আলফুলে
মাথোঁ তোমাৰ বাবেই।।

-


9 SEP 2023 AT 14:29

হাত দুখন মেলি দিলোঁ
- শূণ্যতা,
মুঠি মাৰি চপাই আনিলো
- মনত পৰিল কিবা থকাৰ কথা আছিল,
চকুযুৰি বন্ধ কৰোঁতেই অনুভৱ কৰিলোঁ
- "তুমি" এটাৰ খুবেই প্ৰয়োজন ।।

-


Fetching Marjina Begum Quotes