বৃদ্ধ ছবি
আকৌ নামিব নেকি বৰষা ?
কাল এন্ধাৰে ঢাকি পেলালে চৌদিশ।
জুপুৰিৰ চাকিটিও কপিছে বুকুৰ ধপধপনিৰ লগতে,
মম এডাল আছিলে , ভয় আকৌ বাউলী বতাহ?
খেৰৰ চালৰ মিহি মিহি ফাকেৰে টোপাটোপে পানীৰ যোগান,
বিছনাৰ এফালে শুকান আছেই তাতেই শুৱা যাব , ৰাতিও পাৰ হব ,কাল ধুমুহাও।
মোলৈ আৰু ভয় নাই ,
কিন্তু মোৰ সোনটো ?
বিদেশত জানো নাই নে মেঘৰ গৰ্জন ?
শুনিছোঁ বৰ ওখ ,আকাশ চুব পৰা তেওঁৰ ঘৰটো,
ভিতৰত মোতকৈ বহু বেছি দামৰ আচবাব,
তেন্তে বিজুলীৰ শব্দ তেওঁকো কপাই তুলিব নে?
এইবাৰ মোৰ বহুত বেছি ভয় লাগিছে !
জুপুৰিৰ চাকিটি মোলৈ ৰৈ ৰৈ নুমাই গ'ল!
টোপনিৰ সলনি নিৰ্জনতাই আৱৰি ধৰিলে,
মোলৈ ভয় নাই,
কিন্তু মোৰ একমাত্ৰ সোনটো??
-
মধ্যবিত্ত
খোৱাবোৰ পেট ভৰিলেই হয় ,
কি কি আছে বুলি নহয় ,কিবা আছে নেকি খাবলৈ? বুলি প্ৰশ্ন কৰাজনেই মধ্যবিত্ত।
যাৰ কাপোৰবোৰ পুৰণা নহয়,
তেতিয়ালৈকে ফাটি নাযায়।
দেখাত সাধাৰণযেন লাগিলেও পৃথিৱীৰ শ্ৰেষ্ঠ অভিনেতা এওঁলোকেই।
নাই বুলি হাত পাতিব নোৱাৰাটোও অভিনয়,
আছে বুলি নথকাৰ যন্ত্ৰনাত জীয়াই থকাটোও অভিনয়।
জীৱন যুঁজত হাৰ মানিবলৈও যাৰ অনুমতি নাই,
জয় কৰিবলৈ ও নাই যাৰ সু-সামৰ্থ ।
প্ৰয়োজনৰ ওচৰত যাৰ হাৰ মানে হেজাৰো হেঁপাহ।
তথাপি ব্যস্ত থাকে জীয়াই থকাৰ আশাত।
তেওঁ মহান , তেওঁ এ নাট্যকাৰ, তেওঁ এ শ্ৰেষ্ঠ অভিনেতা।
যাৰ জীৱনতে গঢ়ি উঠে একাধিক ছবি, একাধিক চৰিত্ৰ, একাধিক সপোন ।।
-
কলম ডাল তুলি ললো বুলিয়েই ভাহি উঠিল তোমাৰ চকুযোৰ ,
কেচা চুলিৰ সুবাসে ভেটি ধৰিলে বাট
ক্ষন্তেকতে ডুবি গলো তোমাৰ স্মৃতি ভৰা মায়াজালত ।
কল্পনাতে কাতৰ হোৱা মোৰ সূক্ষ্ম কলিজাৰ কেঁচা তেজবোৰ উলায় যাব যেন দিঠকৰ স্পৰ্শত।
ডালিম গুটিয়া তোমাৰ হাহিটিত বিচাৰি লও সমৃদ্ধিৰ ঠিকনা।
তোমাৰ বহল বুকুত ডুবি যাব বিচাৰোঁ।
সাৱটি ধৰি গণিব খোজোঁ জীয়া প্ৰতিটো ক্ষণ।
তোমাৰ মৰম লগা দেহাটো আৰু মনে বিচৰা মন ,
বাৰে বাৰে প্ৰেমত পেলায় মোৰ অবূজ নুবুজা মন।
মায়াৱী চকুৰ পৰশে কাঢ়ি লয় বুকুৰ আমেজ
হৃদয় চুই যায় তাৰ নৰম মিঠা মাতে।
-
If you like me ,
Then I love you .
If you love me ,
I can die for you.
If you ignore me ,
I will go far from you.
If you will go far from me
Then I will love you forever.
-
One day we don't call or text each other because we will be there together for us .
-
सपना इतना बड़ा होना चाहिए कि कामयाब होने मे आधे जिन्दगी निकल जाएं।
नहीं तो जिने के लिए कोई सपना ही नहीं रहेंगी।-
তুমি জানানে দেহা,!আজি বহুত বৰষুণ দি আছে,
আৰু তুমি তুমি লগা অনূভৱ যেন বহু দূৰ।
বৰষুণৰ এটি এটি টোপালতে যেন তোমাৰ স্মৃতি,
আৰু জানা দেহা ! ঢেৰেকনিৰ শব্দ, মোৰ বহুত ভয় লাগে,
তেতিয়া তোমাৰ স্মৃতি জাগি উঠে,
তোমাৰ বুকুত সোমাই যাও যেন লাগে।
পিছে.... তুমি এ যে নাই, মোৰ ভয় দুগুণ হোৱাৰ বাটত ,
গাৰুটো জোৰকৈ সাৱটি লও , তুমি বুলি..
বুকুৰ ধকধকন কমাবলৈ চেষ্টা কৰোঁ।
বৰষুণৰ টোপালবোৰ তোমাৰ নামেৰে আহি কানত বাজে।
তথাপি অনূভব কৰো তুমিহীনতা ।
এবাৰ আহি জোৰকৈ টানি লবা তোমাৰ বুকুৰ মাজত, আৰু কবা , টোপনি যোৱা এতিয়া আৰু ভয় নাই... মই আছোঁ,নিচিন্ত তুমি, মোৰ কলিজাৰ দাপোনত.....।-