সময় বাউসীৰে মনৰ মজিয়াত প্ৰতিবিম্বিত হোৱা ভীষণ অভিযোগবোৰ ।
বিৰোধিতাৰ ছাঁত জিৰণি লৈ নিজস্বতাৰ মোহত মোহান্ধ হৈ কৰা ত্যাগৰ কাহিনীবোৰ ।
কিন্তু ......,
নালাগে দিয়া...নিৰৱতাৰ আলয়তে আবদ্ধ থাকক মোৰ প্ৰতিবাদী সত্বাৰ সেই গোপন কথাবোৰ....।
-
নগাঁও মহাবিদ্যালয়ৰ স্নাতক শাখাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী..।
গুৰু বিষয় - ... read more
অনুভৱৰ সোঁতত মোৰ
স্বপ্নীল প্ৰেমৰ গাঁথাই...
উকা পাতৰ বুকুত ৰচে
এটি উন্মাদ কবিতা...।
শব্দতীৰৰ পাৰভাঙি ভাষাস্ৰোত হৈ
বৈ যায় মোৰ হিয়াৰ
গোপন ব্যাথা...।
বিচ্ছেদৰ সমাধি পাতি
মৰমৰ ফাঁকুৰে ৰহনিত হ'ব,
মোৰ উকা হৃদয়ৰ দলিচা....।
-
মুক্ত আকাশৰ জীপাল অনুভৱত
বাউলী প্ৰিয়া হৈ নাচোনৰ লহৰ তুলে
তাইৰ উন্মাদ হৃদয়ে।
এমুঠি সপোনৰ আলিংগনত
তাইৰ মনটোৱে আশাৰ কিশলয় বিচাৰি ফুৰে ।
সৃষ্টিশীল মনৰ সন্ধানী প্ৰিয়া তুমি,
স্বপ্নৰ কাহিনীত বাস্তৱৰ ৰহন সানি,
জীপাল কৰিলা আমাৰ সম্পৰ্কৰ এনাজৰী...।
তেজৰ সম্পৰ্ক অবিহনেও আমি দুয়ো
বিলীন হলো স্নেহৰ এটি গভীৰ সোঁতত ।
ভাৰ্চুৱেল পৃথিৱীৰ আঁৰতো
আমাৰ মৰমবোৰ জীয়াই ৰাখিছোঁ
হৃদয়ৰ টোপোলাত।
ওপজা দিনৰ অশেষ মৰম আৰু
শুভেচ্ছা যাঁচিলো বা ।
মৰম সুগন্ধিৰে সজাই ৰাখিবা তোমাৰ
হৃদয়ৰ কোঠালি...।
-
নীলিমতাৰ বুকুত শব্দৰ মূৰ্ছনাৰে
আঁকি থোৱা মৰমবোৰ সাৱটি লোৱানা...।
হিয়াৰ বাকৰিত প্ৰেমৰ কোঠালিটো
মৰমৰ সুগন্ধিৰে সজাই ৰাখিম মাথোঁ
তোমাৰ বাবে...।
-
প্ৰতিটো পল নিৰাশাই ছানি ধৰিলেও
হৃদয়ে মাথোঁ তোমাকেই বিচাৰে....
নিসংগ হৃদয়ৰ সংগী হ'বলৈ।
অভিমানী মনটোৱে বাৰে বাৰে
তোমাকেই আমনি কৰে
এধানি মৰমৰ অপেক্ষাত....।
তুমিটো নাজানা মোৰ আলসুৱা
উশাহবোৰ তোমাতেই থমকি ৰয়...।
তুমিটো নুবুজা যে তুমি মোৰ জীৱনৰ
বুজিও নুবুজা এক মৰমসনা অনুভূতি...।
-
চোতালৰ দুৱৰিয়ে ন ৰূপেৰে হৃদয়ে চুমিলে
হিমচেঁচা সুৱাসে গালে মুখে সানিলে শাৰদী সমীৰ
চন্দ্ৰাৱলীৰ নিশাটিয়ে জোনাকী বসন পিন্ধি
দীপ্তি ঢালিলে শেৱালিৰ শুভ্ৰ কৰণিত….।-
বিলীন হৈ পৰা মোৰ সাতোৰঙী স্বপ্নৰ ভাষা,
হিয়াৰ নিজৰাৰে নিগৰি অহা পৰিধিবিহীন আশা,
পলকতে হৈ ৰয় সকলো নিস্তেজ।
অনন্ত সুৰৰ তৃষাত শব্দৰ যেন কণ্ঠ শুকায়,
তথাপি ভাষাৰ লালিত্যই শুভ্ৰতাৰ বুকুত
শব্দৰ মালিতা সজায়।
অনুভৱৰ কাব্যিকতাই বাট হেৰুৱাই
নিস্তব্ধতাৰ ছাঁত জিৰণি ল'লে
মোৰ আধৰুৱা কবিতাই.......।-
জ্ঞানৰ এগছি বন্তি জ্বলাই দীপ্তি ঢালিলা
মোৰ নিষ্প্ৰাণ দুচকুত...।
উকা জীৱনৰ পাতনিত জ্ঞানৰ সঁফুৰা বিলাই
একান্ত প্ৰহৰী হৈ ৰ'লা মোৰ স্বপ্নৰ কাৰেঙত ।
একাজঁলি প্ৰেৰণাৰে, জ্ঞানৰ আভাৰে
উজ্বলাই তুলিলা
মোৰ জীৱন কিশলয়...।
হে গুৰু...কৰোঁ তোমাক শত প্ৰণিপাত যাঁচি অনুভৱৰ
একাজঁলি শ্ৰদ্ধাৰ বাণী...।-
অতীত স্মৃতিৰ সোঁৱৰণীৰ পাতখিলা
দুচকুৰ আঁৰত পল প্ৰতিপল
নষ্টালজিয়া হৈ ৰ'ল।
আবেগৰ বশবৰ্তীৰে দূৰ
অতীতৰ বাট বুলাই আকৌ উৰা মাৰে
সেই কাল্পনিক দেশলৈ।
উৰা মাৰিব খোজে মনটো
ৰত্নগৰ্ভাৰ শ্যামল কোলাত জীৱনে পাহি মেলা
অতীতৰ মধুৰ ক্ষণলৈ...।
দুহাতেৰে সাৱটিব খোজো নিতাল আকাশৰ সেই
প্ৰশান্তিৰ সময়...।
প্ৰেমহীন জীৱনেও সলাইছিল বাগৰ সুখ-দুখৰ ছাঁয়া বেৰি...,
কৰি তোলে মোক নষ্টালজিক।-
শূণ্যতাৰ আলয়ত আৱদ্ধিত.…..,
শান্ত সমাহিত সুপ্ত চহৰৰ এদাঁতিত
এমুঠি জোনাকেও বাগৰ সলায়....।
-