Kuki Kalpita Borah   (✍🏻কুঁকি কল্পিতা বৰা)
41 Followers 0 Following

🎂January12,2001 Kamalabari,Majuli
Joined 9 January 2020


🎂January12,2001 Kamalabari,Majuli
Joined 9 January 2020
29 MAR 2022 AT 16:11

সৰু সূতা


তৃতীয় প্ৰহৰত তোমাৰ বুকু গলি যায়
তোমাৰ ছাঁয়াই তোমাক চিনি নাপায়
অথচ চিনি পোৱাৰ কথা
মই জানিলোঁ
নাইবা
তোমাৰ দুখৰ মাত
মই চাগে নুশুনিও শুনিলোঁ ।

এৰা! তুমি জানাই নহয়
ভালপোৱাত মৰিবলৈকে
মই মোৰ মন বান্ধিছোঁ
যিদৰে চোতালত ঘোঁৰা বান্ধিছা..

এবাৰলৈ তোমাক চাই ল'ব দিয়া
তাৰপিছতেই
পৰিলে আকাশ ভাগি পৰক
খহিলে পাহাৰ খহি যাওক
পথাৰে ফাট মেলক
ৰ'দে জুই দিয়ক
ভয় কৰিবলৈতো তুমিয়েই নিশিকালা !

-


28 MAR 2022 AT 22:24

কোনোবাই হৃদয় জুৰাই ভালপোৱা যাঁচে
কোনোবাই বুকু ভৰাই ভালপোৱা সাঁচে
কেতিয়াবা ভালপোৱাই ভালপোৱাক নাপায়
কাৰোবাৰ ভালপোৱাই বনগীত গায়!

নকওঁ বুলিও কৈ দিয়া হয়
নোকোৱা কথাইও কথা কয়
অথচ তুমি জানাই,
হৃদয় ভৰা একোৱেই আমাৰ নহয় ।

-


18 MAR 2022 AT 16:26

তুমি অলপ ৰং সানি দিলা
আঁকি আঁকি ৰং চাই হাঁহিলা,
আচলতে ৰং অলপ দিব পৰা নাযায়
আচলতে ৰং অলপ ল'ব পৰা নাযায়
জীৱনৰো যে মায়া
তুমিতো বুজিছা !

-


14 MAR 2022 AT 9:30

সৰি পৰা আৰু বুটলি লোৱা
একেই তপত,
যিদৰে একে থাকে ওজন
চকুৰ মৰত নাইবা মাটিৰ শপত !

-


3 NOV 2021 AT 21:03

পোহৰ!
ইমান পোহৰ!
মনৰ পোহৰ!
পোহৰত এতিয়া একোকে নমনি
শৱদত এতিয়া একোকে নুশুনি
পৃথিৱীত এয়া মানুহৰ পোহৰ!

-


2 NOV 2021 AT 9:58

আমাৰ ছাৰলৈ

ফুল চাবলৈ পাহৰা দিনতে হাঁহি দেখোঁ
ৰ'দ নোলোৱা দিনত মুখ
পোহৰৰ বাটে বাটে মানুহৰ খোজ
এয়া কিহৰ আয়োজন
ভোকৰ নে ভোগৰ নে পয়োভৰা মাতৰ!

দিনৰ দৰে ছঁয়াময়া দিনত
ৰাতিৰ দৰে মোহলগা শৱদত
পৃথিৱীৰ ধুনীয়া চৰাই এটাই
প্ৰথমটো বতৰা দিয়ে
এইবাটে দুখৰ দিন নাহে ।


-


1 NOV 2021 AT 0:29

আমাৰ কবি আমাৰ ঘৰ

ঘৰ এখন ভিতৰে বাহিৰে
ঘৰ এখনত এজাক মানুহ মৰে
ঘৰ এখনত এটা এটা মানুহ জন্মে
ঘৰে ঘৰক ভালপাব জানে
মানুহৰ ঘৰ ঘৰৰ মানুহ
এই কথাবোৰ সঁচাইয়ো জানে ।
ভালপোৱাত ভোক আছে
বিশ্বাসত ভোগ লিখা থাকে
ভালপোৱাতকৈ ভালপাব পৰা কি
কোনেও নাজানেনে?
ককায়েকে ভাবে ককায়েকে জানে
ভনীয়েকৰ মৰমত ককায়েকবোৰ
ক'ত মৰে ক'ত ? মাটিত নে পানীত
বেলিৰ মুখত দীঘল দি পৰে !
ক'লা কৰি নিনিবি বেলি
ৰঙাবোৰ দে ৰঙাবোৰ দে
ককায়েকৰ পোহৰত কাৰ নো নালাগে সুখ
কোনে বা হিচাপ কৰে দুখ
আজিৰ প্ৰতিটো খোজ
তোৰ মোৰ কলিজাৰ সাজোন কাচোন ।

-


30 SEP 2021 AT 18:59

আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা প্ৰক্ৰিয়াটোৱে আমাক শিকাইছে যে ডিগ্ৰী এটা অৰ্জন কৰাটো আমাৰ বিশেষ প্ৰাপ্তি । যি কলেজৰ শিক্ষাৰ্থীয়েই নহওক বা যি ঠাইৰ সন্তানেই নহওক বা যি বিষয়ৰ শিকাৰুৱেই নহওক
৩ বছৰীয়া পাঠ্যক্ৰম এটাৰ অন্তত বহু কষ্টৰে আজি আমি ডিগ্ৰী এটা পাইছোঁ । সেয়ে আমি প্ৰায় সকলোৱে সেই সুখখিনি সামাজিক মাধ্যমত "Graduated" "স্নাতক" বুলি প্ৰকাশ কৰিছোঁ । তাকে সহ্য কৰিব নোৱাৰি দুজনমান পণ্ডিতে লিখিছে ''Finally Graduated দেখি দেখি আমনি লাগিছে" , ''সিঁহতহে গ্ৰেজুৱেট হৈছে আৰু" জাতীয় বাক্য। ষ্পষ্টকৈ ক'ম, এই মানুহবোৰেই আচলতে আৱৰ্জনা । দুদিন পিছত এইবোৰেই বাটে ঘাটে কৈ ফুৰিব ''এইবোৰৰ পঢ়া শুনা ধাণ্ডা নাই" "একো পোৱা নাই,নিবনুৱা" স্নাতক ডিগ্ৰী লাভ কৰা প্ৰতিগৰাকী সতীৰ্থলৈ শুভকামনা, আমাৰ ভাল হ'ব🌼

-


29 SEP 2021 AT 16:17

শাৰদী আজি আউলি বাউলি
কঁহুৱাফুলীয়া আবেলি
নৈৰ পাৰৰ অসুখ শুনি
নে আহিন অহাৰ বাতৰি?
আহ ঐ মোৰ সোঁৱৰণি
উচুপিম দুয়ো মিলি !


-


27 SEP 2021 AT 19:30

বি.এড.ৰ এপ্লাই নকৰিলি কিয় ?
তুমি ডিএলএড নকৰা নেকি ?
ইউনিভাৰ্ছিটীবোৰত এপ্লাই কিয় কৰা নাই ?
অমুক পঢ়িলে চাকৰি সোনকালে পায়।
অমুকৰ জীয়েকে অমুকৰ পুতেকে অমুক পাইছে । অমুক পঢ়ি লাভ নাই । তই অমুকৰ মানুহ, তই তমুকৰ মানুহ !
পৃথিৱীৰ শ্ৰেষ্ঠ কেৰিয়াৰ পৰামৰ্শদাতা সকলক এইমাহতে লগ পাই গ'লো । ধন্যবাদ জীৱন ।

-


Fetching Kuki Kalpita Borah Quotes