তুমি এপাহ তলসৰা শেৱালি
যাৰ সুবাসত পাৰ কৰিব পাৰিম
মই প্ৰতিটো ধূসৰ আবেলি।
যদি তুমি হোৱা ৰজনীগন্ধা
বিশ্বাস কৰা তোমাৰ নামতেই
শপি দিম সমস্ত বিনীন্দ্ৰতা।
আঁউসীৰ ৰাতিতো তুমি জোন হৈ জিলিকিবা
মাঁথো মৰমৰ সাগৰত তুমি কোনোদিন যাযাবৰ লহৰ নহ'বা।-
হেঙুলীয়া মৰমে যদি কবিতাক
মোৰ বাবে ৰোগ সজাব খোজে
তেন্তে তুমিয়েই কোৱা!!
মৰমক মই সামৰি থঁও ___
নে কবিতাক মোৰ বাবে ত্ৰাস সঁজাও।
অন্তৰ্বেদনাত নিজকে জাহ যাব দিঁও___
নে জীৱন বাটৰ নৈৰাশ্যৰ পিচত
নিজক শেষ কৰি পেলাও ।
আশা ভৰশাৰ দোমোজাত এতিয়াচোন
প্ৰায়ে অকলশৰীয়া হঁও।।-
নিঃকৰ্ষিত সেইদৰা মাটিয়ো মই চহাব পাৰো,
য'ত তুমি খোজ পেলাইছিলা,
বিষণ্ণতাৰ চৌত্রিশটা ঢাপলি থকা চিৰিয়ো মই বগাব পাৰো
য'ত তুমি কাৰোবাৰ বাবে মাতাল হৈছিলা।
বুকুত ৰোৱা মৰহা ফুলপাহক
অহৰ্নিশে জীপাল কৰি ৰাখিব পাৰো,
যি তুমি কেৱল মোৰ বাবে ৰুইছিলা।
হাঁহিৰ চাদৰখন এতিয়াও চন্দ্ৰমা হৈ জিলিকাব পাৰো
যেতিয়া তোমাৰ কণ্ঠত সৰে.......
"শালিকি পুৱাত ৰ'দালি দেখিলে তোমালৈয়ে মোৰ মনতে পৰে।। "-
আজি কাননত মঞ্চস্থ
সাতামপুৰুষীয়া নুমলীৰ চনদ,
সন্ধি, বাৰুদক ঢুকি নোপোৱা এই ইস্তাহাৰ
কাৰণ তোমাৰ উদং বুকুখনেই কাননৰ নামত।
এই হৃদয়ে আজি বোৱাব পানচৈ
আকাশ ধিয়াই বিচাৰিব অভিমানী নৈ,,,,
ঘূনাসূঁতিৰ আলেঙে আলেঙে
এন্ধাৰতো উজ্বলিব জ্যোতিৰিংগনা হৈ।
~~~~যেতিয়া নামিব প্রেমৰ বাৰিষা~~~
তোমাৰ কামিজৰ ভিজা নূৰেও
জলিব আমাৰ মৰমক লৈ।।-
সদায়ৰ বাবে চিৰ গভীৰলৈ বিয়পিবা নেকি !
অফুলন ৰ ফুলৰ সুবাস মোৰ
প্ৰানে প্রানে বোৱাবলৈ।।-
তোমাৰ নিৰ্মম স্পৰ্শৰ অন্তত
ধাৰাসাৰে নিগৰে হাজাৰটা নিৰাশ
ৰাতিৰ স্ৰোতস্বিনী।~~~~
জীৱন কনফাৰেঞ্চৰ যজ্ঞৰ হমহম্ শব্দই
পৰিচয় দিয়ে ময়েই হেনো হুতাশিনী।
জীৱন নিলামীৰ তুমি সফল নায়ক,
বুকু ভেদা বাৰুদেই হৈ পৰে তোমাৰ স্মাৰক•••
```ব্যৰ্থ হৃদয়ৰ জিঞ্জিৰীত ```
নিৰ্বাক হ'ব খোজে মোৰ জীবন্মৃতা সত্বা,
তথাপি তুমিয়েই পোতাশালত গুমনাম্ মমৰ শলিতা। ~~
-
খৰাংৰ কাৰুণ্যতাত
তুমি জীপাল হ'ব পাৰা বাবেই
হৃদয়ত সদায়ৰ বাবে গুজিব বিচাৰিছিল
তোমাৰ প্ৰিয় বিষাদ...।
সোঁৱৰণীৰ গৰ্ভত জী উঠাৰ আকুলতা
যদিওবা তাইৰ নাছিল তথাপি
তোমাৰ এটা সংলাপত সাৰ পোৱা
তাই নিৰ্বোধ প্রণয়িনী নহ'লহেতেন__!-
তেঁওৰ মলিন হৃদয়ত এপাহ সজীব মদাৰ
তেঁওৰ তেজত আছে বেইমানী মৰমৰ আবদাৰ,
বিনিদ্র ৰাতিত মাতাল প্রহৰী তেঁও__
অথচ তেঁওৰ নামতেই নিৰ্বিকাৰে নিগৰিছিল
"খাকী কামিজ" যি উৰ্দ্ধত মোৰ কবিতাৰ•••।
তেঁও এতিয়াও বিয়পিব খোজে মোৰ চিৰ গভীৰলৈ।~~~
মোৰ নিশ্বাশৰ শেষ বায়ুকণা হ'বলৈ।।-
মৰমৰ এই আসক্ততা পৰকীয়া হ'লেও
বক্ষত দ কৈ সাঁচ পেলাব খোজা নিৰ্মম আবেগ
যি আৱেগৰ অন্য এটি নাম...```স্বপ্নাৱেশ```~~~-
ক্ৰমশঃ সন্ধিয়া নামে!
বুকুত ৰক্তিমতাই যেন তেঁওৰ
নামতেই সুৰ টানে।
সুৰ বোৰ নিভাঁজ
শব্দ বোৰ সৰল
অথচ অনুভৱবোৰ বেনাম
তথাপি ধমনীৰ তেজত তেঁওৰেই নাম।~~~
তেঁওৰ খাকী কামিজটোৰ চিনাকী গোন্ধ
মাতাল সন্ধ্যাৰ উদভ্রান্ত নিচাই
প্রণয়বোৰ বুকুত বৰ দ' কৈ শিপাই।।*
নাম কি দিম এই অনুভৱৰ!~~~~
-