উৎসৱ
উৎসৱে কি আনে,
দুই তিনিতা প্ৰজন্মই পাহৰিব নোৱোৰা এটি এটি দুঃস্বপ্ন।
চাগি ভাগি পৰি ৰৈছে কৰবাত
নতুনকৈ কিনা জোতা যোৰৰ এটি ভৰি।
কাপোৰ সাজত ৰৈ যায় দাগ্ আৰু দাগ্
কেতিয়াও এৰাব নোখোজা দাগ্ ।
উৎসৱৰ ঢোল দগৰৰ মাতক যেন,
উপহাস কৰি হাহেঁ
লগে লগে অহা কাল অমানিশাই,
উৎসৱ ৰূপান্তৰ হয় মৃত্যুৰ দাবানলত।
উৎসৱক আদৰিবলৈ উদোলি মুদোলি হোৱা
ঘৰখন এতিয়া চেঁচা আৰু এন্ধাৰ।
ঘূৰি আহি ধুবলৈ থোৱা বাচন কেইটা
তেনেকৈয়ে পৰি আছে।
ঘৰখনৰ আত্ম এতিয়া ধুৱা হৈ উৰি গ'ল,
কিন্তু উৰি যাব জানো দাগ বোৰ
আকৌ আহিব উৎসৱ,
আকৌ কেঁচা হৈ পৰিব ঘাঁ বোৰ।
মনত পৰিব কোনো কাকৰ
নীতিৰ মৰম লগা মুখ খন।
উৎসৱ,
উৎসৱে কি আনে,
উৎসৱত মৃত্যুৰ দাবানল জ্বলে।
-
যেতিয়া লৈকে স্কুল ইউনিফৰ্মে লিংগৰ পৰিচয় দিব, তেতিয়া লৈকে সমাজৰ পৰা লিংগ বৈষম্য আঁতৰ হোৱা অসম্ভৱ।
-
VISION
Hey this is N' This is me
A desperate youth
Struggle for a dime
with honor, ethics, morals
and like lots of those shits.
& now slowly get attracted by crime,
For make a little mine.
The Smash of life makes me realize
That the world is negative by default
Hold me down,
To decompose the hull.
& then I close my eyes,
A voice shouting inside me
Lead me to the vision I saw.
I discover myself on that old path
Developed the strength to break
The negativity
What the world says are mine.-
N' This is Me
Round neck T with fresh looking bleach,
David Beckham Jacket,
For the gravity that make it.
Wearing driving gloves,
Rider lone wolf.
Bootcut jeans,
placed the old school reels.
King Brown Chelsea,
I'm a pirate
don't know what is mercy.
Retor Square glass,
This is me and my class.-
It's wrong to be called Modern by developing oneself by destroying the homes of others.
-
The thing that makes you a stranger to the World, That is the thing that makes you Beautiful.
-
Motto of my life:
"In this Universe all things are bright and beautiful."-
Regretting about the past and anxious about the future neither gives us knowledge nor truth.
-
মৌন ভাষাৰ নিশা
তোমাৰ লাজত এন্ধাৰৰ আৱৰণ
প্ৰেমৰ কিনো এইয়া সাথঁৰ,
ভ্ৰুক্ষেপ নাই আজি সমাজৰ প্ৰতি
সাঁতুৰিছো মই কামনাৰ সাগৰ।
ক'লা কেশৰ মধুৰ ৰাগিয়ে
শালীনতাৰ বাধা ভঙে,
দেহৰ কোনোবা সুৰীয়া ভাঁজক
কলিজাৰ তপ্ত নিঃশ্বাসে উমাল কৰে,
নিস্তব্ধ এই এন্ধাৰ নিশা
মৌন ভাষাৰে উঁঠে উঁঠে কথা পাতে।
কম্পিত দেহৰ তৰংগত ভাহি উঠে
হৃদয়ৰ গভীৰ প্ৰতিধ্বনি।
উতনুৱা দুটি হাতৰ পৰশে,
দেহৰ মাথাউৰি ভাঙে।
নিঃশব্দ এই সংযম বিহীন সংগম মুখি নিশা,
তোমাৰ লাজ কেৱল এন্ধাৰৰে গুপুত কৰা।-