Kalyani Das  
29 Followers · 39 Following

Joined 30 September 2018


Joined 30 September 2018
17 JUN 2022 AT 21:11

বুজা নাছিলো,
প্ৰিয়জন নহয় যে
তোমাৰ প্ৰয়োজন হে আছিলোঁ,
বুজা নাছিলোঁ,
তুমি দিয়া প্ৰতিশ্ৰুতি বোৰ
খলাবমা এটি ৰাস্তা
য'ত মই উজুতি খাবলৈ
মোলৈকে প্ৰস্তুত কৰা।।।

-


12 NOV 2021 AT 15:25

সুখৰ বাট কাটি
দুখ আহে
বিৰ দি বাট নাপায়
চকুলোও নাহে বাগৰি....

-


10 NOV 2021 AT 19:59

জানো জোনাক নাহে আজি
তথাপি মাতো

-


10 NOV 2021 AT 19:49

তেওঁ অহাৰ বাটেৰেই গ'লগে
এটি সুখৰ নিশাহ এৰি
আজীৱন দুখৰ উশাহ যাচি...

-


12 OCT 2021 AT 19:56

স্বপ্ন

স্বপনাতুৰ হৈ খেদি খেদি গৈ আছিলোঁ
পলকতে নোহোৱা হ'ল স্বপ্ন
থমকি ৰৈ উমান লৈছিলোঁ
মোৰ পিছফালে কিহেবাৰ শব্দ
ঘূৰি চায় দেখিলোঁ
এইয়া দেখুন মোৰ স্বপ্ন
ক'ৰবাতে এৰি আহিলোঁ
মোক হেৰুৱাৰ ভয়ত হাবাথুৰি খায় দৌৰিছে মোৰ পিছে পিছে........
আৱেগ বৰ্জিত প্ৰেমেৰে পূৰ্ণ
মেলি দিলো মোৰ দুহাত, দুবাহু.......
কোনেও কাকো এৰি নোযোৱাৰ চুক্তিৰে অলিখিত দলিলত
এতিয়া আমি আলিংগনত আৱদ্ধ।।।।।


কল্যাণী দাস।
১২.১০.২১

-


18 SEP 2021 AT 15:22

উত্তৰসুৰী

শাৰদীয় সুবাস সানি
নিৰ্মল বতাহজাক বৈছে উত্তৰসুৰী হৈ,
আশাসহিত হেপাঁহ এটা জাগিছে,
এই যে টোপনিত দেখা সপোনবোৰ জন্ম হয় ভাঙিবলৈকে
সপোনবোৰ য'তেই ভাঙে হেনু
গজালি মেলে তাতেই নকৈ ,
আহিন মাহৰ আজি প্ৰথমটো পুৱা,
সজাম দিয়া দিঠকত বাস্তৱ সপোন এটা
য'ত অঁকা থাকিব ,
"জীৱনক জীৱনৰূপে নিৰন্তৰে
জীয়াই ৰখাৰ অদম্য হেপাঁহ"।।।
১৮.০৯.২০২১

-


12 SEP 2021 AT 13:47

" ব্যস্ততাই হাতত হাত ধৰি
নিয়ে যন্ত্ৰনাক আতঁৰাই
দৃঢ়তাই জীৱনক নিয়ে আগুৱাই ।।। "

12.09.2021

-


4 SEP 2021 AT 7:16

সঁচাকৈ বিচৰাজনে নিজৰ ভাল বেয়া সকলো কথাই আঁৰ-বেৰ নোহোৱাকৈ প্ৰকাশ কৰে, কিন্তু প্ৰতাৰকে নিজৰ কেৱল ৰহন সানি হলেও ভালখিনিহে প্ৰকাশ কৰে।




3.09.2021

-


12 AUG 2021 AT 7:37

প্ৰেমৰ আহ্বান
ক'ত' আছিল
মাথোঁ উত্তৰত কৈছিলো সময়লৈ বাট চোৱা,
অস্থিৰ তুমি উত্তৰ লাগে
অপেক্ষা নহয়,
প্ৰত্যাখ্যানটো অস্থিৰতা তোমাৰ..
অপৰাধ তাতেই
ধীৰে ধীৰে সোমাই পৰিছিলা বুকুৰ মাজলৈ
ক্ৰমে হৃদয়ৰ নিভৃত কোণলৈ
বাসনাই অধিকাৰ কৰিলে
তেতিয়া জনা নাছিলো
হৃদয়খন ভাঙিবলৈ কৰা ষড়যন্ত্ৰ বুলি
অপৰাধটো তাতেই
এতিয়া হে বুজিলোঁ,
বাধ্যবাধকতাৰ আলম লৈ হৃদয়খন টুকুৰা টুকুৰ কৰাৰ হেপাঁহ ।।।।।।।।।


-


8 AUG 2021 AT 6:13

আশাবোৰ আহে
জীৱনৰ ভৰষা হৈ,
আহত হৃদয়ত মৰম লগাবলৈ,
হেপাঁহৰ ডোলদাল ঢিলাই দিছোঁ
কচৰৎ আহত হৃদয়খন শুকাবলৈ।।।

-:কল্যণী দাস:-
০৮.০৮.২০২১



-


Fetching Kalyani Das Quotes