চিল্কৰ শাৰীৰ ভাঁজে ভাঁজে
আছিল উইষ্টেৰিয়াৰ নীলা
ওলমি থকা ঝুমকাত
জেতুকাবুলিয়া আঙূলিক শিৰোনামালৈ
কবিতা লিখা কবিৰ আলফুল পৰশ
উৰি ফুৰা চুলিৰ কোনো মাধুৰীমাৰ ৰূপৰ
প্ৰত্যক্ষ দৰ্শনত আঁৰ কাপোৰৰ
অৰ্থ নুবোজাৰ সাঁথৰ
কঢ়িয়াই ফুৰা নিমাত কবিতাত বিচাৰি থকা
শব্দ....
সেই কবিৰ মাজৰ কবি মোৰ আত্মাৰ সখী
কোনে কৈছিল ,"বʼলাছোন যাঁও সুদূৰত যʼত ৰৈ আছে কাল,
ভাঙি ছিঙি নিলগাই সকলো জঞ্জাল
শুদা হাতে লৈ মাথো প্ৰাণৰ প্ৰদীপ
ন-কইনাৰ কপালত পিন্ধাম টিপ
তালৈ যামেই তাতেই আছে ৰৈ
ফূলশয্যাৰ নিশা,অবিচল কাৰোবাৰ প্ৰেম...!"
-
দুটি তৰাৰ সৈতে আলাপত থকা জোনটিক চাই
বহিছো সন্মুখত মোৰেই কপালত তোৰেই পোহৰ পেলাই
আঁকিছে পৰশ কিম্বা অজান অনুভূতিৰ
কাষৰ তৰাই গাইছে
এখনি নীলা চাদৰৰ শাৰী
উৰি অহা বাদুলীয়ে সলালে বাট
তামোলৰ গছত লৰিল পাত
বিশাল আকাশ আজি নহয় উকা
গ্ৰীবাত মূৰি গুজি নামি আহে দীঘল নিশাহ
বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সুতাৰে বোৱা
এখনি নীলা চাদৰ
তাৰেই এটি মিঠা ভাজত
নিশ্বাসৰে উম আৰু জিয়া জিয়া আদৰ....
গানৰ পাছত গান আহে
কথাই আজি মোৰ উশাহ টানে
কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে
নেজানো মোৰ কিযে হʼল!
নেজানো মোৰ কিযে হʼল!
মৰমৰ সাগৰত সাঁতুৰাৰ হেঁপাহত চাগে
কোনো দেৱী বাউলী হʼল।।
জোনৰ কামনাত জোনাক সৰিলে
ফুলৰ বাসনাত ভোমোৰা উৰিলে
মিলনৰ বাসনাত বুকু মোৰ হম্ হম্ কৰে
নেজানো মোৰ কিযে হʼল!!
জোন আৰু দুটা গান আজি মোৰ হৈ ৰʼল
-
উকলা এক
শূন্যৰ পৰাই আৰম্ভণি হৈছিল
মাঁথো এক স্হানৰ প্ৰয়োজন আছিল
লুডুখেলৰ সাপ ৰ মুখত নিৰান্নবৈত কেণা লাগি
নেজত পৰাহিৰ দৰেই
যোগৰ ৰেচত জয়ী হৈ হৈ বিজয়ী মুকুট পিন্ধাৰ
ঠিক আগতেই শূন্যৰে পূৰণ হৈছিল
স্বাভাৱিকতে শূন্যতে শেষ হৈছিল
শেষ মানেই শূন্য
শূন্যই প্ৰথম অংক
অংকতেই চলে পাটীগণিত
জীৱন ৰথৰ চকৰী
শূন্য মানেই সহজ
সহজ মানেই সৰল
সৰলৰ বন্ধনীত চলে যুঁজ
বন্ধনীৰ বাহিৰত সুখ
আৰম্ভ হৈছিল তেনেকেই যাত্ৰা
এটা মাত্ৰ উকলা এক লাভৰ
ভাগ্য মিলিলেই পূৰ হʼব
স্হান সলোৱাৰ বাঞ্ছা
এটা উকলা একৰ ক্ষমতা//
- কাব্যশ্ৰী মহন্ত
-
ALIVE
It was almost midnight
The fumes of burning body flll up the air
Sounds of crying and screaming made the scene like a horror film
I was scared
I found myself as a mutilated ND maimed
I was writhing nd moaning
I touched my face and it was wet
There was blood on my fingers
I was crying and pleading for help
A stranger man carrying me to the cemetery
I was shouting but that stranger could not listen my voice
Things blured a little more
I passed out
Am I dead?
I wake up with an electric shock
Coz it was a nightmare
-
কিছুমান কথা নোকোৱাকৈয়ে থাকি যায়
কিছুমান শব্দ শব্দ হৈয়ে ৰৈ যায়
না প্ৰকাশৰ বাবে থাকে
না অপ্ৰকাশৰ বাবে !
কিছুমান মানুহ কিছুমানৰ বাবেই আহে
কিছুমান বিশেষ সময়ত সেই কিছুমানবোৰ
প্ৰিয় হৈ পৰে
এই প্ৰিয় বোৰৰ মাজতেই যে কিছুমানে
বাধা দিয়ে !
প্ৰিয় জনৰ সৈতে অপ্ৰিয় নহ'বৰ বাবে..
হৃদয় খনত ব্যৰ্থতাৰ কুঠাৰ নামাৰিবলৈ..
হয়তো...... দূৰত্বৰ কথা আহে !
সেই দূৰত্বকো কিছুমানে অতিক্ৰম কৰে
আৰু.. কিছুমানে সেই দূৰত্বৰ সিটো পাৰতে
স্হায়ী ঠিকনা পাতে !
ক্ষোভ নাই..! অসন্তোষৰ চিনো নাই..!
কিছুমানৰ বাবে কিছুমানক তেনেদৰেই
স্ৰজে!
ঠিকনা বিহীন পৰিচয়তেই
আত্মীয়তা গঢ়ে !
....কাব্যশ্ৰী
৩/৫/২০২১-
ভুল
কিমান টোপাল চকু পানীয়ে
লুণীয়া কৰিলে
সিক্ত নয়নত প্ৰস্ফুটিত নহয় সমুখৰ পৃথিৱী?
কিমান আশাই বন্দী কৰিলে
নিৰাশিত নহৈ বিভ্ৰান্তিত বিলীন হয়
মন নামৰ অবাধ্য শব্দটি?
কিমান ভুলৰ পৰিণতিত
স্বপ্নবিভোৰ নিদ্ৰাই বিৰক্তিত মুখ ঘূৰাই??
দি যায়
উজাগৰী নিশাৰ জোনাকী বিহীন
অমানিশাই দিয়া গধুৰ সেই টোপোলা টি!
-
ভালপোৱাৰ আঁৰতেই হয়তো অভিমানৰ ৰহস্য
অভিমানৰ বীণাতেই অনুৰাগিত হয়
তুমি কেৱল মোৰ নামৰ স্বাভিমান
খংবোৰ প্ৰকোপ নহওতেই এষাৰ মাততেই চোন আৱেগে সাৱটি ধৰে
উশাহৰ গভীৰতাত তোমাৰ নামত জীপাল হয় হদয়ৰ প্ৰতিটো কোণ
তুমি কোন?
কল্পনা ৰ উৰ্দ্ধত
অচিনাকি ৰ ৰূপত চিনাকিহৈ
আপোনতকৈও আপোন জন হৈ পৰা
ভালপোৱাৰ অবুজ শিহঁৰণিৰ আঁচল দেহত মেৰিয়াই
অনুভৱৰ শ্ৰেষ্ঠত বিনাদ্বিধাই
তুমি কেৱল মোৰ বুলি কʼব পৰা
প্ৰেমৰ অপ্ৰকাশিত ভালপোৱাৰ
অব্যক্ত সুৰ
-
ঘৰমুৱা বেলিৰ হালধীয়া হাঁহিত
নাঁওখন জিৰাইছে নীলা আঁচলখনিত
প্ৰতিশ্ৰুতি নহয় নৈকট্য আত্মীয়ই
কৈছে কালিলৈ আকৌ লগ পাম বুলি...
-
নাজানো..
এইখন কোনখন নাটকৰ মূল চৰিত্ৰত পৰ্দাপণ কৰিছো..
বাস্তৱৰ নে মায়াৰে ভৰা স্বপ্নৰ..
নাজানো..
এয়া অভিমান নে স্বাভিমান..
নাজানো..
নিয়ৰ সৰা দুবৰি নে ৰ´দে পোৰা শুকান পাত
আৰু অন্তিম পৰিণতি...?
বিভ্ৰান্তিৰ শোকে ধৰা অশ্ৰুৰ ভেঙুচালি
নে সঁচা এটা জীয়া হাঁহি...
হয় নাজানো একো..
জানো মাঁথো...
সঁচাৰে সজাব পৰা এটা মিছা কাহিনী
নতুবা সঁচা সঁচা লগা
তোমাৰ আৰু মোৰ
এটা মিথা হাঁহি.......!!!-
বাস্তৱ সদায় তিক্ত..এই তিক্ততাৰ আৰঁত থাকে অপ্ৰকাশিত হিয়াভগা কান্দোনৰ বহু ৰহস্য..ৰহস্যবোৰে যদি মুক্তিও পাই সমাজৰ ভয়ত নাপাই ই স্বীকৃতি..নাথাকে সমাধানৰ বাক্য এষাৰি...সুখৰ সময়ত হাঁহি বিলাবলৈ হাজাৰজন থাকে..কিন্তু দুখৰ সময়ত কিমানজন থাকে???সহ্য আৰু কিমান??
দুখৰ ঋতুত মানুহৰ পৰিচয় ওলাই...কোন আপোন কোন পৰ....সহজ ভাষাত..
আপোন পৰ সকলোৱে স্বাৰ্থপৰ..
আপোনবোৰ পৰ হয়...
চিনাকিবোৰ অচিনাকি হয়..
হয়...ইয়ে বাস্তৱ...যি সদায়েই তিক্ত...
-