তুমি এখনি ছবি মোৰ কল্পনাৰ
শব্দৰে যাক আঁকিব নোৱাৰি
তুমি এটি গান মোৰ ভাষাৰ
সুৰেৰে যাক বান্ধিব নোৱাৰি
তুমিতো মোৰ বুকুৰ সৰ্বস্ব
অথচ তোমাক চুব নোৱাৰি
চাব নোৱাৰি
তুমি মই
আৰু
মই তুমি-
Writing is my passion
Lover by Heart
Angry bird by Mind
যি বাটেৰে চঞ্চলা ফাগুন নামিছিল
সেই বাটেৰেই আহিছে আলসুৱা আহিন
তুমিও আহি চাই যোৱাহি মোৰ চহৰখনি
এতিয়া কেনে আছে চহৰখন, কেনে আছে নদীখন আৰু কেনে আছো মই
এতিয়া চহৰত উৎসৱৰ বতৰ
নিয়ৰ সিক্ত চহৰত এইয়া শৰত
পানী কমিছে, এইবাৰ বৰষুণো কম
নদীখন যে তেনেই নিজান হৈ পৰিছে
তুমি আহিলে লৈ যাম তোমাক প্ৰিয় নদীৰ ওচৰলৈ
এপলক চাই ল'বা, সাঁচি থবা নদীৰ কথাবোৰ
নদীক পূজা কৰিলেও নদীৰ আজি দুৰৱস্হা।
মোৰ ঘৰৰ পিছফালে থকা পথাৰখনত কঁহুৱা ফুলিছে
তুমিতো জানাই মোৰ চহৰত এতিয়া শৰত নামিছে
এইবাৰো দুৰ্গোৎসৱ ভালদৰে নহ'ব যেন লাগিছে
এতিয়াও শেষ হোৱা নাই অচিন ৰোগৰ আতংক
সৰু সৰু ল'ৰা ছোৱালী এতিয়া খুব সচেতন
মাস্ক আৰু চেনিটাইজাৰ নোহোৱাকৈ ঘৰৰ বাহিৰত ভৰি নিদিয়ে
স্নিগ্ধ শেৱালি ৰাতিৰ জোনাকী সিক্ত দূবৰি
মায়াময় কৰি তুলিছে মোৰ চহৰখনি
তুমি আহি এবাৰ চাই যোৱাহি
কেনে আছো মই, কেনে আছে নদীখন আৰু কেনে আছে চহৰখন।
-
আপুনি মোক মনত পেলাইছে নে নাই মই নাজানো।
বুকুত বোজা এটা লৈ মই আপোনাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছোঁ। এইয়া মোৰ অভিমান বুলি ধৰি ল'ব পাৰে আপুনি।
মই নাজানো আপোনাৰ মনলৈ এবাৰৰ বাবে হ'লেও মোৰ নাম মন - মগজুলৈ আহিছে নে নাই। কিন্তু আপোনাক মই এক মুহূর্তৰ বাবেও পাহৰি থাকিব পৰা নাই।
আপোনাৰ পৰা আঁতৰি থাকি কষ্ট পাইছোঁ। যথেষ্ট কষ্ট পাইছে বুকুৱে। আপুনি হয়তো নাজানে আপোনাৰ উপেক্ষাই যে অন্তৰত বহু কষ্ট দিয়ে।
অভিমান কৰিছোঁ মই আপোনাৰ ওচৰত। মই নাজানো আপোনাৰ বুকুত মোৰ অভিমানী মনে স্পৰ্শ কৰিব পাৰিছে নে নাই।
হয়তো আপুনি নজনাকৈয়ে থাকি যাব। কাৰণ আপুনি এতিয়াও নাজানে মোৰ উশাহ কেৱল আপোনাৰ। মোৰ ভালপোৱা কেৱল আপোনাৰ। নজনাকৈয়ে মই আপোনাৰ হৈ গৈছো।
-
***এজাক মানুহ আৰু এহাল প্ৰেমিক চৰাই***
এহাল প্ৰেমিক চৰাইয়ে হাতত হাত ধৰি কথা পাতি আছিল
মানুহজাকে জুইৰ জুমুঠা লৈ খেদি গ'ল
চৰাই দুটাৰ হেনো ধৰ্ম বেলেগ বেলেগ আছিল!!
এহাল প্ৰেমিক চৰাইয়ে গছৰ ডালত বহি সুহুৰিয়াই আছিল
মানুহজাকে সিঁহতলৈ শিলগুটি দলিয়ালে
চৰাই দুটাৰ হেনো জাতি বেলেগ বেলেগ আছিল!!
এহাল প্ৰেমিক চৰাইয়ে খোজ কাঢ়ি ফুৰি আছিল
মানুহজাকে জাঁঠি, জোং, দা লৈ খেদি গ'ল
চৰাই দুটাৰ হেনো এটা দুখীয়া আৰু আনজনী ধনী আছিল!!
এহাল প্ৰেমিক চৰাইয়ে গান গাই আকাশত উৰি আছিল
মানুহজাকে বন্দুকৰে গুলীয়ালে
চৰাই দুটা হেনো একে লিংগৰ আছিল!!
-
আজিকালি কবিয়ে প্ৰেমৰ কবিতা লিখে
বতাহত গুজব কবি প্ৰেমত পৰিছে
কবিৰ এতিয়া বিষাদৰ কবিতা লিখিবলৈ ভয়
কিজানিবা গন্ধৰ্ব প্ৰেমৰ বিচ্ছেদ হয়।
-
বুকুত শিপাইছে আপুনি
উশাহবোৰ আপোনাৰ
শেলুৱৈ ধৰা শিলৰ বুকুত
বৰষুণৰ টোপালে মৰমৰ চুমা যাচে
মই শিল
আপুনি বৰষুণ
-
**আহাঁ শৰত, মোক আঁকোৱালি লোৱা**
আহাঁ শৰত, মোক আঁকোৱালি লোৱা
তোমাৰ বাবে যে মোৰ অন্তহীন অপেক্ষা
মৃদু বতাহে মোক জোকাই চায়
পলকতে তুমি অহাৰ বাতৰি দি যায়।
একাদশীৰ জোনাকত দূৰণিত মাদল বাজিছে
উজাগৰী ৰাতি হৃদয়ৰ স্পন্দন বাঢ়িছে
ঝুমুইৰ গীতৰ তালে তালে কৰমতীৰ নাচোন
অ' শৰত, তুমিতো নাজানা মোৰ বুকুৰ সপোন!
ফাগুনৰ দৰে তুমি মোক উন্মনা নকৰা
এটি কহুৱা কোমল অনুভৱৰে সাবটি ধৰা
অ' শৰত, তুমি আহিলে জানা
আকাশখনো হৈ পৰে নীলাঞ্জনা।
প্ৰত্যুষতে শেৱালি সৰি পৰাৰ দুখত
নিয়ৰে উচুপে অকলশৰে
অ' শৰত, শুকুলা মেঘৰ ছায়াত
তুমি জিৰণি লোৱা, মোৰ বুকুত।
আহাঁ শৰত, মোক আঁকোৱালি লোৱা
তোমাৰ স্নিগ্ধ স্পৰ্শৰে মোক জীপাল কৰা
বুকুত সিঁচি দিয়া সমৃদ্ধিৰ বীজ
মা দূৰ্গাৰ আশীর্বাদত আঁতৰোৱা অসূয়া অপ্ৰীত।
-
**खेत**
दिल में एक दर्द सी महसूस होती हैं,
चेहरे पे उदासी सी छाई रहती हैं,
आपके चले जाने से,
हवा भी हमसे रूठने लगती हैं,।।
नीले गगन में तारे खिल उठते हैं,
हर पल एक मुस्कान सी बनी रहती हैं,
आपके आने की खबर से,
हवा भी गुनगुनाने लगती हैं।।
यूँ ही मैं एक बंजर भूमि हूँ
बारिश की बुंद से खेत बन जाती हूँ ।।
-
ভুুৰুকণি
নিশাই কোলাহল গ্ৰাস কৰাৰ পাছত
নিসংগতাৰ চকৰী ঘূৰে
লোমালুমে সপোনবোৰ বিচনালৈ নামে
ধৰ্ষণকাৰীয়ে খোলে ইখনৰ পাছত সিখন দুৱাৰ
পাৰদৰ্শিতাৰ প্ৰদৰ্শনী
আৰু এখন অঘোষিত প্ৰতিযোগিতা
উলংগ হয় সকলো
উলংগৰ দেশত ধোবাৰ কি কাম?
কৃত্রিম পোচাকজোৰ দিনত পিন্ধি
ভদ্ৰতা, শিক্ষা, সভ্যতাৰ প্ৰসাধন সানি
ধৰ্ষিতাৰ বাবে উলিয়ায় মৌন সমদল
মিছা প্ৰলেপ পৰিষ্কাৰ কৰি ধনী হয় ধোবা।-
মোৰ সপোনৰ লগত তোমাৰ সপোন যোগ দিলে
সেউজীয়া পথাৰখন সোণোৱালী হৈ পৰে।
তোমাক ভালপোৱা হিয়া উজাৰি দিলে
মোৰ ৰিক্ত বুকুত এআকাশ কৃষ্ণচূড়া ফুলে ।।
-