"হেমেন , হেমেন চৌধুৰী"- এক অন্যমনস্ক পোনপটীয়া উত্তৰ ।
পেন্দুকনা ল'ৰাটোৰ নিৰস কথাবোৰ তাইৰ হজম কৰাত টান হ'ল ।
মোকা-মোকিকৈ মুখত একেলগে দুটা পানীপুৰী ভৰাই দিলে, নহ'লে তাৰ বাটিটোৰ পৰা যেন কোনোবাই কাঢ়িহে নিব । আন এজনক অনুকৰণ কৰি সিও নিমখৰ চামুচখনেৰে বাটিটোত নিমখ এচিকুট বাকি ল'লে ,তাৰ হাত দুখনত মসৃণতা নাই, জন্মযুগে তেল এঘহা নপৰা হাত দুখন ভৰ ৰ'দত চিৰাল ফাট মৰা উৰুঙা পথাৰখন যেন লাগিছিল , যেন কাৰোবাৰ জোতাৰ গোৰোহাত পৰি মৰহি যোৱা সি এপাহ পথৰ দাঁতিৰ বনৰীয়া ফুল।।
আও , নিমখ খিনিলৈও তাৰ ক্ষুধা..
তাৰ কৰ্ম-কাণ্ডবোৰ তাই নিৰৱে নিৰীক্ষণ কৰি ৰ'ল । তাৰ ভাগৰ টকাটো দোকানীক গতাই তাই উভতি চালে , নাই ইতিমধ্যে সি ফৰিং চিটিকা দি কেনিবা পালেগৈ ...এইবাৰ আকৌ আন এজনৰ চোলাৰ হাতত টান মাৰিছে ...কৃতজ্ঞতাৰ ভাষা তাৰ পৃথিৱীত অপৰিচিত .....
-
State : Assam . District:nalbari
*ভাড়াতীয়া*
- ভাড়াতীয়া নেকি ? (১)
-(ক্ষণিক ভাবি) , এৰা ভাড়াতীয়াই ..... এইটো
এপাৰ্টমেণ্টতে থাকো । তুমি হ'বলা বোপা
নতুন?? (২)
-(সন্মতি সূচক সহাঁৰি) (১)
-বাৰু, এখন্তেক আহিছোঁ...আজি মাহিলী পেন্সনৰ তাৰিখ।। নিজৰ ঘৰ হ'লে আৰু টকাৰ কথা থাকেনে??.. এয়া ভাড়াঘৰহে ,ইয়াত একা পেন্সন ৰ টকাকিটা নিদিলে মালিক-মালিকনীয়ে থকাই মুস্কিল কৰিব ..!! তাকে আজি বেংকৰ পৰা ভাড়াৰ টকাকিটা লৈ আহোগৈ। (১)
:"দেউতা বʼল ,গাড়ীত উঠ্ , কথাৰ মহলা পিছত মাৰিবি , ঢেৰ কাম আছে মোৰ (৩) "
(কথা সামৰি ষাঠিৰ দেওনা পাৰ হোৱা মানুহজনে ৰʼদত চিকমিকাই থকা এপাৰ্টমেণ্টৰ মালিক ৰ বগা ইনʼভাখনৰ বেকচিটত বহা দৃশ্যটো নতুন ভাড়াতীয়া ডেকাজনে অপলক নেত্ৰে চাই ৰ'ল)
:হিমাস্মিতা ...
-
চাৰ্জ ৰ পৰা আকৌ ফোনটো উলিয়াই ল'লে , স্ক্ৰীনত ন'টিফ্যিকেচন এটা জিলিকি উঠিল - "জনম দিনৰ শুমকামনা বন্ধু "(লগত দুটা আলিংগন কৰা ইমʼজী )....
---"ধন্যবাদ "( লগত এখন হাঁহি ভৰা মুখৰ ইমʼজি).….
ফোনটো আকৌ চাৰ্জ ত লগাই থ'লে , মুখৰ হাঁহিটো যেন মেছেজটোতে গ'লগৈ । ৰাতিপুৱাৰ এচাটি চেঁচা বতাহে খিৰিকীৰে সোমাই আলিংগন কৰি গ'ল , এই আলিংগনত উষ্মতা নাই , হিম যেন চেঁচা, ঠিক্ অলপ আগতে পঠোৱা আলিংগনটোৰ দৰে ....-
"ভয়"
-"চাওঁ, ভৰিখন অলপ আঁতৰাই দিবা চোন"
(বাছত যাত্ৰা কৰি থকা অলপ আদহীয়া মানুহ এজনে তেওঁৰ চিটৰ কাষত থিয় দি থকা কলেজীয়া ছোৱালী জনীক ক'লে)
**কথাৰ আত্ ধৰিব নোৱাৰি ছোৱালীজনী সচকিতভাৱে কিছু আঁতৰত থিয় হ'ল।**
**মানুহজনে ভালকৈ প্ৰত্যক্ষ কৰি দেখে যে আচলতে তেওঁৰ ভৰিখন তলৰ বেগটোতহে লাগিছে , ছোৱালীজনীৰ গাত লগা নাছিল। এটা সকাহবোধেৰে ওচৰৰ জনক ক'লে,
-বুইছ, ল'ৰা-তিৰোতা থকা মানুহ, ক'ৰ'বাত ফচি গ'লে!? আজিকালি ভয় লগাই হৈছে ।।
-
অনুগল্প (২)
**পালেং**
সুবিশাল বেডৰুমটোৰ মাজমজিয়াতে মেহগনি কাঠৰ কিং চাইজ পালেং খন । সোণালী বাৰ্নিচৰ গোন্ধটোৱে এতিয়াও আমোলমলাই আছে। ভিন্ন ধৰণৰ ফুল-পাতৰ ডিজাইন কাঠত কাটি উলিওৱা পালেংখন সম্পূৰ্ণ হৈ উঠিবলৈ ভালেকেইটা দিন লাগিছিল।
তাৰে সুকোমল তুলিখনৰ ওপৰৰ পৰা সত্যপ্ৰভা দুৱৰাৰ দেহটো আনি দুজনমানে বাঁহৰ সাঙীখনত তুলি দিলে , মাত্ৰ দহমিনিটৰ কষ্টত সাজি উলিওৱা বাঁহৰ সাঙীখন নশ্বৰ দেহটোৰ ভৰত কেৰ্-মেৰ্ কৰি উঠিল।-
#অনুগল্প (১)
-"সুধা কাইলৈৰ মিটিং খন তুমিয়েই হেণ্ডেল কৰিবা দেই ,নাৰী সবলীকৰণৰ আমি নাৰীয়েই ভূমিকা ল'ব লাগিব , আমাৰ হক , আমাৰ সপোন সম্পৰ্কে সজাগ হ'ব লাগিব ।
এৰা, আজিলৈ এৰো তেন্তে , কাইলৈ ৰবিবাৰে মই নোৱাৰিম ,এখেতে খং কৰিব ।।"
(ক'লা বেগখন হাতত লৈ নাৰীবাদী দলটোৰ নেত্ৰী বসুন্ধৰা বেগাই খোজ দিলে )-
আধা মেলা খিৰিকী খনত
বাহিৰৰ বতাহজাকে
বাৰুকৈ কোবাইছে।।
পঢ়ি থকা উপন্যাসখনৰ শাৰীবোৰ
আঙুলিৰ আগটোৰে ফুৰাই গ'লো ,
এচমকা ৰ'দ হঠাতে
দৰ্জাখনৰ খোলা ঢাপলিৰে
সোমাই আহিল ।
লগতে এচাটি গৰম বতাহ ...
চেঁচা নিৰৱতাবোৰ
ক্ষণিকতে গলি গ'ল,
কোঠাটোৰ চাৰিবেৰ খুন্দিয়াই
পাকঘূৰণি খালে ,
এটা নিভাজ সুৰ ।।
পঢ়ি থকা শাৰীটো
খেলি-মেলি পৃষ্ঠাবোৰত
কেনি হেৰাই গ'ল ।
বতাহত চৌদিশে এটা গৰম ভাৱ
ৰ'দজাকৰ বিনে যেন
এতিয়া প্ৰতিটো ক্ষণেই শীতাৰ্ত ..
-
নিশ্চুপভাৱে সকলো সহি গৈ আছে তাই ...
এদিন এনেকুৱা এটা দিন আহিব, ধৈৰ্যশীলতাই ও
প্ৰশ্ন কৰিব তাইৰ সহনশীলতাক লৈ ....-
ডিচেম্বৰৰ এটা সেৰেঙা ৰাতি ,
৩৬৫ টা পৃষ্ঠাৰ এটা অধ্যায়
আৰু কিছু নতুন অভিজ্ঞতাৰ
এটা সাৰাংশ....
বচ্ , কমপ্লিট্ ,
ক্লান্তিত জীৱনটোৱে
এঙামুৰি চাৰিলে ।।****
জানুৱাৰীৰ এটা শুভ্ৰ ৰাতিপুৱা ,
এক নতুন অধ্যায় ,
সাৰাংশ লিখিবলৈ
এক নূৰা বগা কাগজ
আৰু এক বটল চিয়াঁহী ।।
পেঞ্চিল এডাল এইবাৰো নাই ,
জীৱনটোৱে ক্ষোভ উজাৰিলে ...
যাহক ,
লিখোতে লিখোতে
ভূলবোৰ বহুখিনি মৰিল ......।।
-
বহুদিন তোমালৈ লিখা নাই ...
স্মৃতিৰ ধূসৰ দলিচাত
অনুভৱী শব্দবোৰ লোপ পায় ,
অনাখৰী কথাবোৰ
হৃদয়তে জাহ যায় ,
বহুদিন তোমালৈ লিখা নাই ।
বাঁহৰ সাঙীখনত এটা নিশ্চুপ শিশুৰ দৰে
শুই থকা তোমাৰ মুখখন ,
জীৱনটোৰ বাবে চাই লৈছিলো ...
হয়তো সেয়া যথেষ্ট নাছিল !
যথেষ্ট নাছিল মোৰ
তেৰবছৰীয়া জীৱনটো ।।
সেয়ে উকাপাতত স্তব্ধ কলম ,
স্মৃতিবোৰ যথেষ্ট নহ'ল !
মুঠি ভৰাই লোৱা স্মৃতিৰ বালি
শোকে বিন্ধোৱা
হৃদয়ৰ কোনোবাটো সুৰুঙাইদি !
মাথো পাঁচটা বছৰৰ পথটোত
সৰকি গ'ল ।
মই তোমাৰ কলংকিতা আত্মজা
মই হত্যাকাৰিণী ! পিতৃহন্তা ...
মোৰ স্মৃতিৰ মৃত্যু ,
অপমৃত্যু তোমাৰ ।
মই প্ৰবঞ্চক , অকৃতজ্ঞ
অপৰাধী তোমাৰ ,
মই ভয়াৰ্ত!
অসহায় !
অসহায় ....
-