এইয়া শেৱালি বুটলাৰ সময়
দুৱৰিৰ দলিচাত শুভ্ৰ তৰালী
কণ কণ নিয়ৰৰ টোপাল, আৰু
সৌন্দৰ্য্যক দোমোজাত পেলোৱা অস্পষ্ট কুঁৱলী।।
ভৰিৰ ৰুণুক-জুনুক পায়েলৰ শব্দ
লাজতে সেমেকিছে লাজুকী-লতা
দুৱৰিৰ বুকুৰ বেদনা,
গছকত মৰহিছে কণ-কণ শেৱালি
এৰা, দুৱৰিৰ কান্দোন নীৰৱ-নিস্তব্ধ।।
আকাশত সৌৱা ৰঙা বেলি
পুৱাৰ নে গধূলিৰ? নাজানো।
আহিনৰ দোমোজা, নে দোমোজাত শৰৎ?
নে দোমোজাত আজি শাৰদী ৰাণী?
~হিমাদ্ৰী
-
তোৰে মোৰে কাহিনী হেনো বেলিফুলৰ সমান ধুনীয়া
উজ্জ্বল হালধীয়া আৰু অলপ সেউজীয়া।
তোৰ মুখতে ৰ'দৰ উত্তাপ
শীতৰ পুৱাতিত উম দিব পৰাকৈ
মোৰ মাজত এজাক বৰষা
তোৰ উত্তাপৰ লগত ফেৰ মাৰিব পৰাকৈ।
তোৰ বুকুত এজাক চেঙেলীয়া জোনাকী
এন্ধাৰ ৰাতিত পোহৰ বিলাব পৰাকৈ
মোৰ চকুত ভাহে অযুত তৰালী
তোৰ আকাশত তিৰবিৰাবলৈ।
তোৰে মোৰে কাহিনী হেনো বেলিফুলৰ সমান ধুনীয়া
উজ্জ্বল হালধীয়া আৰু অলপ সেউজীয়া।-
আজি বতৰটো গোমা
বৰষুণ হৈ নামি আহিব খোজা এজাক চকুপানী
আৰু ক'লা ডাৱৰৰ দৰে বিষাদেৰে ভৰা এটা মন
আৰু সৌৱা মই চেদেলি ভেদেলি হৈ পৰি আছো
জীৱন নদীৰ প্ৰৱাল সোঁতত।
ৰ'দে আঁকি থোৱা বাট বিচাৰি ঢাপলি মেলিছিলোঁ
কিন্তু আজি ৰ'দালিৰ ঠিকনা ক'ত?
সিও চাগে ঢাপলি মেলিলে কোনোবা দিশে
হয়তো অইন কাৰোবাৰ জীৱন বাটত।
আৰু, এতিয়া কি?
অপেক্ষা নে উপেক্ষা?
এৰা, উপেক্ষা কৰিবতো মোক কোনেও শিকোৱাইনাই !
তেতিয়াহ'লে অপেক্ষা
ৰ'দালিৰ হালধীয়াখিনি হেঙুলীয়া হোৱালৈ অপেক্ষা।-
তেওঁৰ নামৰ অনুভৱ বোৰ ভাল লগা হৈছে
বাস্তৱৰ পৰা বহুত দূৰত
সেইকাৰণে চাগে ধুনীয়া
এই যে তেওঁৰ কাৰণে অন্তহীন অপেক্ষা
আঙুলিৰ মূৰত দিন, সময়, পল-অনুপল গণনা
কষ্টকৰ বুজিছা
তথাপিও এই কষ্ট যেন ভাল লগা।
অনুভৱ বোৰ প্ৰকাশ কৰাৰ বিশেষ ইচ্ছা নাই
এনেকৈয়েই ভাল লগা হৈছে
তথাপিতো এদিন জোনাকত তেওঁৰ হাতখন আলফুলে খামুচি খোজকঢ়াৰ হেঁপাহ আছে
তেওঁৰ বুকুত মূৰ গুজি অযুত তৰাৰ কাহিনী শুনাৰ হেঁপাহ আছে
এই হেঁপাহবোৰ পূৰ্ণ হোৱাৰ অপেক্ষা যেন ভাল লগা
এই অনুভৱ বোৰ ভাল লগা।।-
ফাগুন তই হেনো যাবিগৈ
এবুকু মৰম বুকুচাত বান্ধি লৈ
এবুকু বিৰহ ধৰাত এৰি থৈ
পলাশৰ ৰঙা বোৰ সেমেকা কৰি
যাবি বোলে উভতি তই অহা বাটেদি
ফাগুন তোৰ বুকুচাত কত যে নানাৰঙী সপোন
তই আহিবি, পলাশ ফুলিব
তোৰ চঞ্চল বতাহ জাকত যৌৱনে নাচিব
আৰু কত যে আবেগ
বতাহতো যেন অভিমানে প্ৰাণ পাই উঠে।
ফাগুন তই আকৌ আহিবি
সৰাপাতৰ সৈতে উমলিবি
পলাশৰ এবুকু ৰঙা বুকুচাত বান্ধি লৈ
আকৌ উপচাই পেলাবি আমাক এবুকু আবেগেৰে
হয়তো পোৱাৰ, নহলে হেৰুৱাৰ।-
তোমাৰ আকাশখনত মেঘ হৈ উমলিব দিবা জানো?
মোৰোতো মন যায় আকাশ ভৰি মৰম পোৱাৰ।
নিশাৰ সৌ জোনাকী আকাশখন দেখিছা
তৰাৰে ভৰি পৰিছে
মইয়ো তোমাৰ জোনাক হ'ম
তুমি যদি মোৰ আকাশ হোৱা।
কিমান ভালপোৱা দিলে তুমি মোৰ হৈ ৰ'বা?
কিমান ধুনীয়া হ'লে মোৰ ফাগুন তুমি হ'বা?
বাস্তৱ বোৰ বৰ বিষাদ ভৰা
তুমি মোৰ সপোন হৈ থাকা।
ফাগুনৰ সৌ পলাশ জোপা দেখিছা
সকলো গছ লঠঙা হোৱাৰ পিছতো সি ডাল ভৰি ফুলিছে
মইয়ো পলাশৰ দৰে ফুলিম
তুমি যদি মোৰ ফাগুণ হোৱা।-
A crowd of people that surrounds me
Seems just like strangers
I thought I know them
Perhaps I am proved wrong.
I pass by the road struggling to reach my home
The road elongates
The sky poures
I am left in the middle of the road all alone.
The moon shores me up
The nights are my friend
May be this was what growing up meant
- Struggling with the world until you are dead.
-
এনেদৰেই থাকিবনে?
এনেদৰেই থাকিবনে এই আউলি বাউলি ভালপোৱা?
এনেদৰেই থাকিবনে বাগৰ সলাব নোখোজা এবুকু আৱেগ?
এনেদৰেই থাকিবনে সেই সূৰুজৰ ৰশ্মিৰ দৰে তোমাৰ উজ্জ্বল হাঁহি?
এনেদৰেই থাকিবনে সাগৰৰ দৰে গভীৰ অথচ অপ্ৰকাশিত আমাৰ মৰমবোৰ?
নে সময়ৰ লহৰত তুমি হেৰাই যাবা সেই দূৰ দিগন্তত?
হেৰাই যাবা নেকি তুমিও মই সৰুতে ভাল পোৱা সেই তৰাতিৰ দৰে?
কিন্তু মইটো বিচাৰো তুমি জোনবাই হোৱা
ডাৱৰৰ ফাঁকেৰে মিচিকিয়াই মোৰ ফালে চোৱা
কোৱাচোন.....
কোৱাচোন এনেদৰেই থাকিবনে আকাশৰ দৰে ধুনীয়া অথচ অপ্ৰকাশিত আমাৰ মৰমবোৰ?-
I am feared of light
For I had lost my battle in it
I fought so brave
At the end darkness became my ally.
The Sun conspires against me
The clouds are its friend
They shower heavily
Just to break me apart again.
The moon so beautiful
Shines golden white
But the dark sky inspires me more
'Cause that's how my world looks like.-
There I stood behind the woods
Recalling my days of childhood
There was a ground with lots of trees
We used to play hiding behind the age old banayan tree
Now that thirty years have passed
Off course the ground doesn't exist
A highway runs there
And the children? They are competing with the machines.
For getting something you need to sacrifice
That's what have been taught
But the nature that gave you birth
Is as worthy as you are to survive.
Developing humans destroying nature
Rising temperatures showing results
Ohh no.. its not your fault , it's someone else
How can you blame yourself for the wrong that has happened!!-