সৰা পাতে পাতে
ফাগুন নতুনত্বৰ সুযোগ আনে,
তুমি দিয়া স্মৃতিবোৰ
জাকে-জাকে লৈ ফুৰে,
ফাগুন আকৌ আহিব
নতুনত্বক সুযোগ দিব
দিব চিনাকি কলি এটি
আকৌ মুহাৰি নিব ।।-
আধৰুৱা চিঠি মোৰ
তুমি জোনাক
জোন লৈ আহিবা
আহিবা দূৰ্গম বাটক ও নেওচি
তুমি আহিবা,
মই লিখা আধৰুৱা চিঠি
তুমি ও পঢ়ি চাবা।
পঢ়ি চাবা মই লিখা কবিতাবোৰ
তুমি যেন মোৰ কবিতাৰ শিৰোনামা..;
জোনাক তুমি আহিবা।
-
চেনেহৰ মাহ ৰমজান
আকৌ আহিল এবাৰ....;
মৰম-চেনেহৰ বান্ধোন
এই মাহে ৰমজান....!
ৰমজানৰ এই আগমন
মিলাপ্ৰিতীৰ ঘ্ৰাণ দিয়ে...,
তাকে দেখি মুমিন নৰ-নাৰীয়ে
আনন্দত আত্মহাৰা হয় পৰে।
মুমিন সকলৰ প্ৰাণৰ-প্ৰাণ
এই মাহে ৰমজান
আকৌ আহিল এবাৰ।।-
আজি মই এখিলা সৰাপাত
মই হেনো জীপাল তৰা দৰে আছিলোঁ
বতাহৰ তালে-তালে নাচি ফুৰিছিলোঁ।
ভোমোৰাৰ গানে-গানে মাতাল
আপোন পাহৰিছিলোঁ,
আজি মই এখিলা সৰাপাত।।
-
এখিলা সৰাপাত
তুমি সুখী হোৱা বুলিয়েই
মোৰ অশান্ত সাগৰত
এই নিবিড় যাত্ৰা.....,
তুমি সুখী হোৱা বুলিয়েই
উদাসীনতাৰ সৈতে মোৰ এই নিৰৱতা !
আকুলতাৰ কলা ডাৱৰে
ছানি ধৰিছে
মোৰ কোমল কলিজা........!
উশাহৰ এই ঢেৰেকণি
আঘাত সানে বুকুত আজি....!
তথাপিও উভতি নাহিবা তুমি।
নাহিবা তুমি চিৰদিন,চিৰকাল
সফল তুমি অভিনেত্ৰী..!
-
জোনাক দেখিছা তুমি
নিবিৰ শান্ত ,নিৰলা বতাহ
বৈছে,গাইছে সুৰলা গীত
হাঁহি এটি মাৰি ,মুখ ডাকিছে
লাজকীয়া হিয়া তিৰবিৰাই উজলিছে...!✨
মুক্ত আকাশ ভৰা অতিথিয়ে
হেঁপাহ ভৰি চাইছে,
তুমি ও তো পাৰা অতিথি হৈ চাব
লগে ভাগে গাব....!
সপোন জীয়াব...💖
জোনাক এবাৰ আহি চোৱা ✨-
হে বৰকতময় ৰমজান,
হে চেনেহৰ ৰমজান!
আছিলো তোমাৰেই অপেক্ষাতে,
পুনৰবাৰ আহিবা বুলি আমাৰ মাজলে।
তুমি বৰ অদ্ভুত, কিয়নো
তোমাৰ আগমনতেই নিঃশেষ হয়
ধৰাৰ পৰা অমানৱীয় গুণ।
মৰম-চেনেহৰ বান্ধোন
এই মাহে ৰমজান....!
ৰমজানৰ এই আগমন
মিলাপ্ৰিতীৰ ঘ্ৰাণ দিয়ে...,
তাকে দেখি মুমিন নৰ-নাৰীয়ে
আনন্দত আত্মহাৰা হয় পৰে।
তুমিয়েই বিলাই দিয়া মানৱক,
সেই মিলাপ্ৰিতীৰ ঘ্ৰাণ।
তুমিয়েই শান্তিপূর্ণ
হে বৰকতময় মাহে ৰমজান ।-
وَمَا لَـكُمْ لَا تُؤْمِنُوْنَ بِا للّٰهِ ۚ وَا لرَّسُوْلُ يَدْعُوْكُمْ لِتُؤْمِنُوْا بِرَبِّكُمْ وَقَدْ اَخَذَ مِيْثَا قَكُمْ اِنْ كُنْتُمْ مُّؤْمِنِيْنَ
"And why do you not believe in Allah while the Messenger invites you to believe in your Lord and He has taken your covenant, if you should [truly] be believers?"
( Qur'an 57-8)-
সপোনে দেখা
স্মৃতি যে তুমি.....;
বিচাৰিও আজি যেন নাপাওঁ,
হৃদয়ৰ বাটৰ যাত্ৰী আমি
বাহনেই হেৰুৱাওঁ....!
তুমি যে আজি স্মৃতিৰেই সাথী
জীৱনত উপলদ্ধি হয়।
-