লগ দিবলৈ কোনো নাই
না ভালপোৱা দিবলৈ
জীৱনটো চাগে এনেদৰেই যাব
কাৰোবাক পোৱাৰ আশা লৈ-
Birthday 21st May
যেতিয়া তুমিহীন যন্ত্ৰণাবোৰে
বুকুখন চেপি ধৰে
নাজানো কিয় অহৰহ চকুলো
দুগালেদি বৈ আহে
তোমাক সুঁৱৰিয়ে মোৰ প্ৰতিটো পল সাৰে ৰয়
সময়েও যেন মোৰ সহ্যৰ এটি পৰীক্ষা লয়
মন গ'লে আহিবাচোন
মোৰ মনৰ কোঠালিলে
একেলগে দেখা সপোনবোৰ
এজনে ভাঙি গ'লে…কেনে লাগে
তাকেই চাই যাবলে……-
আলফুলে ৰোৱাচোন মোৰ বুকুৰ মাজত
জীৱনৰ বাবে ৰোৱাচোন তুমি মোৰ কাষত
পাবলৈ আশা হেৰুৱাৰ ভয়
তুমিতো জানাই মোক
এজাক প্ৰণয়ৰ বতাহ তোমালৈকে বয় ।-
তোমাৰ চকুপানী ওলালে মই মচি দিম
তোমাৰ সুখত মইও এপাক নাচি দিম
তুমি অবিহনে কল্পনাই কৰা নাই জীৱনটো
নাজানো তুমি নহ'লে কেনেকৈ যে জীয়াই থাকিম
মন প্ৰাণ তোমাতেই সঁপিছো
মৰমখিনি তোমালেই সাঁচিছো
বুজি পোৱা যদি মোক
আকোঁৱালি ল'বা মোক
নহ'লে আৰু থাকি যাব জীৱনত
তোমাক নোপোৱাৰ দুখ ।-
হঠাতে ভাঙি যোৱা হৃদয়খন কেনেকৈ যোৰা দিম
দুগালে নিগৰি অহা অশ্ৰুক কেনেকৈ বাধা দিম
মোৰ দুগাল তিতি যোৱা অশ্ৰুৰ শপত
মোৰ জ্বলি থকা উজাগৰী নিশাবোৰৰ শপত
এদিন নিজৰ নামত ৰাখিম
সমস্ত পৃথিৱীৰ ভালপোৱাবোৰ……-
জীৱনে শিকাই দিছে বহুতো কথা
সুখ দুখ আশা নিৰাশাৰ সমাহাৰ খেলা
কোনোবাই কাৰোবাক পাইও সুখী নহয়
কোনোবাই আকৌ আনৰ সুখতে সুখী
সঁচা মৰম বিচাৰি কিমানৰ হাবাথুৰি
কোনোবাই আকৌ দিলেও বুজি নাপায় কিজানি
মৰমবোৰ বুজি পালে সপোনবোৰ সঁচা লাগে
হেঁপাহবোৰে জীৱনটোক ৰঙীন কৰি তোলে…
তাৰেই আশাত ক্ষণ গণি গণি
ভাগৰি নপৰা এই দুৰ্ভগীয়া কবি……-
দুখীয়া হ'ব পাৰোঁ……
আত্মসন্মান নথকা নহয়
আৱেগ অনুভূতি নথকা নহয়
কাৰো গোলাম নহয়
মৰম ভালপোৱা নথকা নহয়
বিবেক বিক্ৰী কৰা নহয়
লুভীয়া নহয়
-
বুকুত কিমান মৰম থাকিলে
তোমাক নেদেখিলে বুকুখন হাহাকাৰ কৰি উঠে
মনত কিমান হেঁপাহ থাকিলে
তোমাৰ হাঁহিটিয়ে মন প্ৰাণ ভৰাই তোলে
মৰম কিমান গভীৰ হ'লে
তোমাৰ বেদনাত হিয়াখন উচুপি উঠে……
সকলো জানাই তুমি
তথাপিও অবুজন-
তুমিময় হেঁপাহতে উন্মাদ মই
পচোৱা হৈ আহিবানেকি ফাগুনত ?
মৰমবোৰ দিবাহি বুলাই
ব'হাগতে ওলাম দুয়ো সাজি কাচি
বিহুতে মিলিব আমাৰ হৃদয় দুখনি-