7 MAR 2019 AT 17:23

কবিতা,কবি আৰু সময়

কবিতা
সৃষ্টি কি যে অপূৰ্ব!!
হাতৰ কলমে যেতিয়া আঁকিব লয়
শব্দৰ চিয়াঁহীৰে অনুভৱৰ ছবি
তেতিয়া হয়তো কল্পনাৰ চহৰখন
শুই পৰে বগাকৈ কাগজখনত ।

কবি
ধূলিবোৰক হত্যা কৰি যেতিয়া আত্মগৌৰৱত
বুকু ফিন্দাই নাচে বৰষুণজাকে
তেতিয়াই নিচাত মাতাল হয় কবিবোৰ।
আন্ধাৰ ৰাতি সপোনত সাৰ পাই
অচিনা এখন নগৰ,
যত জন্ম হয় প্ৰতিদিনে আৱেগৰ একো একোটা
অনাথ কবিতা।

সময়
বেলিৰ পোহৰৰ পৰা গতি কৰে
এজাক নাঙঠ শব্দ।
অৱহেলিত হৈ পৰি ৰয় বহু দিন
কোনোবা ফুটপাথত
নাইবা কোনো নিষিদ্ধ কোঠাৰ অচল উশাহত।
সেই শব্দবোৰেই কাহিনী লিখে
কবিতা লিখে
আৰু বৈ যায়
চিৰদিন
চিৰকাল।।


-