এটা দুপৰীয়াৰ সাধু
ৰ'দ সিঁচি এটা দুপৰিয়াৰ নীৰৱ প্ৰস্থান
বকুল এপাহ ফুলিছিল
কোনোবা এটা নগৰীয়া পদূলিত।।
এখন বুঢ়া পাহাৰৰ বুকুত
চঞ্চল এজাক প্ৰেম বতাহ
ঘূৰি ফুৰিছে...
দুপৰীয়া হেনো
পাহাৰখন আকৌ গাভৰু হ'ল।।
কিৰিলি পাৰি এটা উশাহৰ জাক আহিছে...
কাটি যোৱা শিল এচটা
পাহাৰৰ বুকুত নিৰ্ভয়ে উশাহ টানিছে।।
অকোৱা পকোঁৱা বাটৰ
ধীৰ গতিৰ এটা সাধু
মোৰ জেপত ভৰাই লৈ আহিছোঁ
এদিন নৈ ঘাটত তোমাক শুনাম বুলি....।।
(নৈৰ গভীৰতা আৰু পাহাৰৰ উচ্চতা নেওচি তুমি পুৱেৰুণ বেলি)-
সপোনৰ তিনিআলিত আজিও মই বাট চাওঁ, কিজানিবা বাস্তৱৰ গাড়ীখনে ৰেঙণি কঢ়িয়াই... read more
লাহে লাহে উজানবজাৰ ঘাট ওচৰ চাপি আহিছিল.. তাইৰ হাতখনে তাৰ হাতৰ মাজত আলফুলে খামুচি ধৰিছিল। ছিলমিল আন্ধাৰত তাইৰ শিৰৰ ৰঙাখিনিলৈ সি চকু ফুৰাইছিল...
"নিবিড় বৰ lucky নিধি!!"...পাঁচটা বছৰত সকলো সলনি হৈছিল..এটা অংকৰ দুটা ভুল উত্তৰ হৈ সিহঁতে আজিও বিচাৰি গৈছিল শুধৰণিৰ এটা বিন্দু..."মই যাওঁ দিয়া,নিবিড় ঘৰ পাবলৈ হৈছে"... তাই গুচি যোৱা পিছত সিও মাথোঁ বৈ গৈছিল নৈখনৰ দৰেই.. বুকুত হেৰাই গৈছিল অজস্ৰ চকুপানীৰ চিঞৰ...-
তাই তাৰ চাৰ্টৰ বুটাম চিলাই দিয়া বাহানা বনাই তাৰ ওচৰ চাপে.. সিও কঁকালত খামুচি তাৰ বুকুৰ মাজলৈ তাইক আজুৰি নিয়াৰ সুযোগটো এৰি নিদিয়ে...চকুৱে চকুৱে বহু কথা কৈ যায়!!
-
আজি মোৰ চোতালৰ হাচনাহানা জোপাই ফেঁকুৰী উঠিছে,আকাশত মেঘৰ ৰুদ্ৰৰূপ...মই সেই আন দিনাৰ দৰে আজিও বাৰাণ্ডাত..সেউটা ফালি এজাক চেঁচা বতাহ উৰি গৈছে,আজিৰ বৰষুণ যেন মোৰ নহয়...বুকুৰ বিষত গৰজি উঠা আকাশলৈ খং উঠিছে,বুজি পোৱা নাই অভিমানবোৰ কেনেকৈ জ্বলাই দিম??তাৰ পিছত থাকিব জানো বৰষুণৰ মাজত মোৰ অস্তিত্ব??এৰা,স্বপ্নহীন ৰাতিবোৰ এনেই ঘন ক'লা,তাত মোৰ অশ্ৰুৰ ছায়াত জিৰাবলৈ জোনাকী পৰুৱাৰ জাক ও নাই!!আজি হৃদয়ে বাৰে বাৰে সোঁৱৰাই আছে মোক.."বৰষুণক যিদিনা ভালপাবলৈ এৰি দিম,সিদিনা সমস্ত জোনাক আনি মোক আভূষিত কৰিলেও মই হেৰাই থাকিম,নিজৰ মাজত...ডাৱৰৰ কোলাহলত বুকু ফাটি গলেও মৌন হৈ চাই থাকিম মাথোঁ প্ৰেমিক পক্ষীৰ বিলাপ..." আৰু কৰবাত ফটা বাঁহীৰ সুৰত বৈ যাব ভগা সুৰৰ ভৈৰৱ ৰাগ...!!
-
তোমাৰ বাবে ছিক্কিমৰ বৰষুণজাক মোৰ চুলিৰে নমাই আনিম..তোমাৰ কিতাপৰ মাজত কোনোবা এটা চুকত মোৰ হৃদয়খন পেলাই থৈ দিলেও অভিযোগ নকৰি তোমাক চাই থাকিম একেথৰে, নাভাগৰাকৈ!!
-
১
সময়ৰ যন্ত্ৰনাত সৰীসৃপ হৈ বগাওঁ
তোমাৰ স্মৃতি কেঁকুৰীত...
নীলাবোৰত বিষ ঢালি ফোঁপাই আহে
উদাস এটি হাঁহি!!
২
ছবিৰ আঁৰৰ ছবিখনত
তুমি মোৰ জঠৰ হৃদয়খন ফোঁপোলা কৰা..
তাত তোমাৰ ভালপোৱাৰ ৰংবোৰে
বাৰে বাৰে উকা কৰে
দৰ্শকৰ দুচকু..
৩
মকৰাৰ দৰে বগাই বগাই তোমাৰ বুকুত
এখন মকৰাজাল সাজিম!!
তাতেই জিৰণি লৈ
জীয়া জোনাক হুপিম...
(জোনৰ লগত জোনাকৰ নিচা..এটা সপোন)
৪
এঙাৰ তিয়াই মই সন্ধ্যা জাপিছোঁ,
তেওঁ আজি যাবগৈ ..
কলা কেনভাচৰ মাজত তেজৰ চেঁকুৰাবোৰ লুকুৱাই
তেওঁ আজি শেষ ছবি আঁকিছে!!
৫
মুহূৰ্তত মৃত্যু চকৰি ঘূৰিছে....
পুৰঠ দুটা ব্সন্তৰ অন্ত।
এলান্ধু আৱৰা আকাশত
জোনাক হুপি আজিও অকলশৰে কান্দিছে
"চন্দ্ৰবিন্দু"-
আজি বজাৰত চকুপানীৰ ভিৰ লাগিছিল,
তুলাচনীত সুখৰ ওজন জুখি তেওঁ ঘামৰ দাম পাহৰি পেলাইছিল...-
ঘড়ীবোৰ ঠিকেই চলি আছে নে?
সময়ক চুব পৰা হলে হয়তো ঘড়ীবোৰে কোনোবা এচুকত চিপজৰীত উলমিল হয়।
এৰা,আৱেগৰ কোনো শংকা নাই..
টুলুং ভুটুং জীয়া নাওঁখনিত সি পালতৰা হৈ ওলমি যায়...
এলান্ধুএ ফেঁকুৰিছে,মৃত্যুৰ উপত্যকাত..
এজাক হুমুনিয়াহ বলিছে,চাগে আজি মোৰ চহৰত আৱতৰিয়া এজাক বৰষা সৰিব..
ভালপোৱাবোৰক আইতাৰ পুৰণি চন্দুকটোত জঁটনাই পুহিছোঁ..
ফাগুন আহিছে
ক্ৰমশঃ ভয় বাঢ়িছে
উত্তাপৰ নে বৰদৈচিলা জনীলৈ সেইয়া বুজি উঠা নাই!!
দোমোজাবোৰ প্রিয় হৈ পৰাৰ পৰা আজিকালি দিনত নুফুলে কৰবীজোপা
ৰাতিও নুফুলে সুবাসী
চোতালত হাচনাহানা..
মাথোঁ হেঙুল হৈ নামে
কিছু আন্ধাৰ কিছু পোহৰ...
কিদৰে সজাম হেঙুলৰ অস্তিত্ব??
ঠিক এপাহ ৰঙা তেজী গোলাপ কোনো প্ৰেমিক হৃদয়ৰ!!
নে
মৃত্যুভেদী অহা এটা অশান্ত হাঁহিৰ
শান্ত প্ৰতিবিম্ব হেঙুল??
হেঙুল এক সাঁথৰ
ঠিক ঘড়ীটোৰ দৰেই....-
সুখী হোৱাৰ অজুহাত বিচাৰি যাওঁ
শেষত নৈখন পাওঁ...
কোচত এমুঠি সুমথিৰা ৰ'দ লৈ
উমলে নৈ আৰু আকাশে..
নাওঁবোৰে নিচুকাই,বতাহজাকক...
সুখী হোৱাৰ অজুহাত বিচাৰি যাওঁ...
শেষত নৈখন পাওঁ।।-
তুমি শান্ত,মই চঞ্চল...
তুমি সেউজীয়াত জী উঠা
মই আকাশত ডাৱৰ বিচাৰো..
আমাৰ লগ হোৱাৰ সময় 'বৰষুণ'...
উদাস সন্ধিয়া বেলি ডুবিলে
ঘাটত তোমাৰ সপোনবোৰে নাওঁ বান্ধে..
আৰু মোৰ কোঠাৰ ভিতৰত ভিৰ লাগে
তোমাৰ অবুজ প্রশ্নবোৰৰ।
মাজে মাজে মন যায়
তোমাৰ হৃদয় ভঁৰালত
ডকাইতি কৰিবলৈ...
ভালপোৱাবোৰ চুৰ কৰি
তোমাৰ বাবে এপাহ গোলাপ থৈ আহিবলৈ।
মই নিৰূপাই।।-