:- কিমান ভালপোৱা মোক..?
:- মোৰ ভালপোৱাৰ পৰিমান নাই ছোৱালী.!
:- তথাপিও
:- সীমাহীন ভাৱে..
:- কিয় ইমান ভালপোৱা..?
:- ভালপাবলৈ কিবা কাৰণ লাগে জানো..?
:- লাগেটো আক্..
:- তেনে মোৰ ভালপোৱা কাৰণ বিহীন..!
:- ইমান ভালপোৱা কেনেকৈ হ'ল..?
:- নাজানো... কিন্তু, প্ৰতি দিনে, প্ৰতি মিনিটে, প্ৰতি ছেকেণ্ডে ভালপোৱাবোৰ বাঢ়ে তোমালৈ..
:- ইচ্..সদায় এনেকৈ ৰাখিবা নে কাষত..?
:- কিবা সন্দেহ..?
:- নহয় অ.. আজিকালি ভালপোৱাত আজীৱনৰ বাবে কথা দি মাজ বাটতে এৰি যায় যে সেইবাবে..!
:- আইও,, পাচোঁটা আঙুলি সমান নহয় নহয় মোৰ গোসাঁনী !
:- তথাপিও ভয় হয়..
:- নিচিন্তমনে মোৰ হাতখন ধৰি ৰাখিবা.. শেষ উশাহৰ লৈকে হাতে হাতত ধৰি আগবাঢ়ি যোৱাৰ দায়িত্ব মোৰ.. মাথোঁ তুমি সংগ এৰি নিদিবা..!!
:- মোৰ গোসাঁই 🥹❤️-
সুৱলাকৈ লিখিব নাজানো..
🎸গান গায় ভালপোৱা মই এজনী🎸
বৰষুণ মোৰ বৰ প্ৰিয়♥
মা-দেউতা মো... read more
অ চেনাইটি ,
নালাগে চোন দে এইবাৰ বিহুত
চহৰৰ কেৰুমনি, থুৰীয়া..
পাৰিলে এইবাৰ নাচনীৰ খোপা শুৱনি কৰা
কপৌফুল এপাহকে দিবি..
পাৰিলে এইবাৰ শিপিনীয়ে তাঁতশালত বোৱা
মেখেলা-চাদৰ এযোৰকে দিবি..
ৰৈ আছোঁ জান্,
নঙলাৰ মূখত তই আহিবি বুলি ।
নালাগে দে তই আধুনিক হৈ আহিব,
বিহুৱাৰ মূগাৰ চোলাটো আৰু আঠুমূৰত পৰা চুৰীয়া খনেই পিন্ধি আহিবি।
বিহুৱানখন মইয়েই সাঁচি থৈছোঁ তোলৈ বুলি ।।
নৈ-কানৰলৈকে আহিবি
মই ৰৈ থাকিম..
তাতেই পিন্ধাই দিম মৰমৰ বিহুৱানখন।
অ চেনাইটি,
এইবাৰ নালাগে দে চহৰৰ কেৰুমণি, থুৰীয়া!!-
কোনো এটা
বিশেষ মাহত Rose day, propose day, বুলিনো কিয় লাগে
প্ৰিয় ব্যক্তিজন কাষত থাকিলে প্ৰত্যেকটো দিন, প্ৰত্যেকটো মাহ, প্ৰত্যেকটো
বছৰেই চোন বিশেষ...❤️😌-
এয়াই নেকি সহজ যেন লগা ফটোগ্ৰাফাৰৰ জীৱন..?
দুচকুত অজস্ৰ টোপনি,দেহত ভাবিব নোৱাৰা ভাগৰ, আনফালে সকলোকে সুখী কৰাৰ চিন্তা..তথাপি,,,তেওঁলোকৰ হাতৰ পৰশত পংকিল কেমেৰাত বন্দি কৰে ক'ত পৰিয়ালৰ স্মৃতি, ভাওনাৰ ভাৱৰীয়াবোৰৰ আমোদজনক ভাও, ক'ত সুন্দৰীৰ চকুত লগা ফটো, ক'ত singer ৰ সুন্দৰ সংগীতৰ ভিডিঅ ।
কান্ধত ক'ত ওজনৰ ভাৰবোৰ লৈয়ে ওলাই যায় নহয় দিনটোলৈ, সপ্তাহটোলৈ। না ভাগৰ, না ভোক, না কষ্ট,,সকলো ত্যাগ দি দিন-ৰাতি একাকাৰ কৰি হাঁহি মুখে মাথোঁ তেওঁলোকৰ আশা,সপোনবোৰ স্মৃতিৰ কাৰেঙত সযতনে সংৰক্ষিত কৰাৰ চেষ্টা কৰে ।-
এয়াই নেকি সহজ যেন লগা ফটোগ্ৰাফাৰৰ জীৱন..?
দুচকুত অজস্ৰ টোপনি,দেহত ভাবিব নোৱাৰা ভাগৰ, আনফালে সকলোকে সুখী কৰাৰ চিন্তা..তথাপি,,,তেওঁলোকৰ হাতৰ পৰশত পংকিল কেমেৰাত বন্দি কৰে ক'ত পৰিয়ালৰ স্মৃতি, ভাওনাৰ ভাৱৰীয়াবোৰৰ আমোদজনক ভাও, ক'ত সুন্দৰীৰ চকুত লগা ফটো, ক'ত singer ৰ সুন্দৰ সংগীতৰ ভিডিঅ ।
কান্ধত ক'ত ওজনৰ ভাৰবোৰ লৈয়ে ওলাই যায় নহয় দিনটোলৈ, সপ্তাহটোলৈ। না ভাগৰ, না ভোক, না কষ্ট,,সকলো ত্যাগ দি দিন-ৰাতি একাকাৰ কৰি হাঁহি মুখে মাথোঁ তেওঁলোকৰ আশা,সপোনবোৰ স্মৃতিৰ কাৰেঙত সযতনে সংৰক্ষিত কৰাৰ চেষ্টা কৰে ।-
Tinsukia ITI কলেজৰ সেই অচিনাকী ল'ৰাজন..!
তোমাৰ হাঁহিভৰা মুখখন চকুৰ আগত
প্ৰতিপল প্ৰতিক্ষণ ভাঁহি থাকে..
যিদিনা তোমাক মই ITI কলেজৰ বাকৰিত প্ৰথম দেখিছিলো..!!
সিদিনা তোমাৰ হাঁহিভৰা মুখখনিলৈ ৰ লাগি চাইছিলো
তুমি চকুৰ দৃষ্টিৰ আঁতৰ নোহোৱালৈকে..।
তোমাৰ সেই দুটি ওঁঠৰ হাঁহিটিয়ে
মোৰ মন প্ৰাণ মোহিত কৰিছিল..।
তোমাৰ দুচকুত চকু থৈ
তোমাৰ সতে কথা পাতিবলৈ
হেঁপাহবোৰ উজাই আহিছিল..।
মনটোৱে ছটফটাইছিল যদিও থমকি ৰল..
কথা পাতো বা কেনেকৈ
তুমি যে অচিনাকি..
মাথোঁ চাই ৰও গোপনে তোমাক
দিন বাগৰিছে তোমাক পোৱাৰ হেঁপাহ দুগুনে বাঢ়িছে
তোমাৰ অনুমতি অবিহনেই মোৰ হৃদয়ে
তোমাৰ সতে ক'ত যুগৰ সপোন ৰচিছে
নোৱাৰিম চাগে মই তোমাক প্ৰকাশ কৰিব
মোৰ হৃদয়ৰ গুপ্ত বাৰ্তা
নোৱাৰিম চাগে...
মোৰ হৃদয়ৰ সাতোৰঙী ৰামধেনুৰ উপত্যকা
অচিনাকীৰ পৰা চিনাকি
ভাললগা পৰা ভালপোৱা
কিন্তু সকলোবোৰ একপক্ষীয়..
থাকক দিয়া এনেকৈয়ে একপক্ষীয় ভালপোৱা হৈ..
হৃদয়ৰ স্পন্দনৰ গতিবেগ হঠাৎ বাঢ়ি আহে কেতিয়াবা
ভয় হয় কিজানি প্ৰকাশিত ভালপোৱাত হেৰাই যোৱা তুমি
কেনেকৈ সহ্য কৰিম
নাই নোৱাৰিম..
তুমি বিহীন মই এটি
আধৰুৱা কবিতা..।।
✍️ দৃষ্টি-
কিমান লিখিম
শব্দৰে আজুৰি মোৰ শেষ নোহোৱা অনুভৱক
আপুনি নুবুজে...
অপেক্ষাৰ অন্তত হেৰুৱাৰ যন্ত্ৰণাই
কেনেকৈ দংশন কৰে এখনি হৃদয় ।
আপুনি নাজানে...
ত্ৰস্ত নিশা নিৰুদ্দেশ ভাৱনাই কিদৰে উচুপি উঠে
এৰা.....
অপেক্ষাবোৰ ক্ষিপ্ৰ হ'ব ধৰিছে
খোজৰ গতিহে লেহেমীয়া
একো নাই..!
প্ৰতিশ্ৰুতি নিদিব আপুনি উলটি অহাৰ
চিনাকি দিনবোৰকে লৈ আঁকি যাম সুখৰ চিত্ৰ ।
কাষতে পৰি ৰোৱা
প্ৰেমৰ নৈ খনিত
অনুভৱবোৰক এৰি দিম
কথাবোৰ চিৰস্থায়ী হৈ ৰ'ব
এককক্ষীয় প্ৰেমেৰে...।।
©দৃষ্টি
-
:- তুমি চাহ ভালপোৱা..?
:- অত্যন্ত প্ৰিয়..!
:- আৰু মোক..?
:- তোমাকো এই চাহকাপৰ দৰেই ভাল পাওঁ..!!
:- মোক চাহ কাপৰ সৈতে তুলনা কৰিলা যে..?
:- ওম...
:- কিয়...?
:- চোৱা..! চাহ যেনেদৰে চাহপাতৰ অবিহনে আধৰুৱা ঠিক তেনেদৰে তুমি অবিহনে মই আধৰুৱা । সেয়েহে চাহ যেনেদৰে অত্যন্ত প্ৰিয় ঠিক সেইদৰে তুমিও মোৰ অত্যন্ত প্ৰিয়...!!
:- ❤️🥲....-
:- ফুল ভাল পোৱা নে..?
:- অত্যন্ত প্ৰিয়
:- যদি মই এপাহ ফুলেৰে প্ৰেমৰ প্ৰস্তাৱ দিও গ্ৰহণ কৰিবা নে..?
:- ওহো..কেতিয়াও নকৰোঁ
:- কিয়..? তুমিয়ে চোন কৈছিলা ফুল তোমাৰ প্ৰিয় বুলি..!
:- ওম প্ৰিয় কিন্তু কাৰোবাক মৃত্যু কৰি মই মোৰ প্ৰেমক জন্ম দিব নোৱাৰোঁ..।।
:- তেন্তে কি দিলে প্ৰস্তাৱ গ্ৰহণ কৰিবা..?
:- ভাললগা বোৰ দুৰৰ পৰা চাইয়ে ভাল লাগে।
:- ঠিক সেইদৰে ফুলপাহ ফুলনিতহে ভাল লাগে মোৰ হাতত নহয়..!
:- মোক তোমাৰ হৃদয়ত স্থান দিয়া. মই তাতে সুখী হম..!!
:- ভালপোৱাক জন্ম দিবলৈ গৈ এপাহ সজীৱ ফুলক নিৰ্জিব কৰাটো মই মানি লব নোৱাৰোঁ..।।
মোৰ ভালপোৱা এনেকুৱাই..❤️
:- .........(নিস্তব্ধ)-
: বুকুৰ ভালপোৱা বুকুতে থাকক দিয়া ।
: তাতকৈ কৈ দিয়া
: কওঁ বুলি ভাবিও কব নোৱাৰি কেতিয়াবা
: কিয়..?
: ক'লেই জানোচা ভালপোৱা হয় আধৰুৱা..💔-