Diganta Bharali   (Atnagid_7)
20 Followers · 3 Following

Joined 19 February 2020


Joined 19 February 2020
24 MAR AT 18:32

💦🌈হোলী জীৱনৰ ৰং🌈

জীৱনৰ ৰং ৰামধেনুৰ ৰংৰে
হোলী আমাৰ জীৱনৰ ধেমালিৰ আৰে আৰে ।।
বিশ্বাস আৰু একতাৰ স্বৰূপ
হোলীৰ পৰাই জন্ম হ'ওক শান্তিৰ নতুন ৰূপ।।
ৰঙা ৰঙে আনক ভালপোৱা ++
কমলা ৰঙে আনক সফলতা ।
সেউজীয়া ৰঙে আনক সমৃদ্ধি ।
নীলা ৰঙে আনক সততা ।
গুলপীয়া ৰঙে আনক প্ৰেমৰ বতৰা।
বিচাৰি লোৱা সকলোৱে
যিয়ে তোমাৰ জীৱনৰ আচল ৰং আনি দিয়ে।
এই ৰং সদায় আহিব
সপোনলৈ ৰংৰ ঢৌ নামিব।
মৰম হেৰাই গলে নাপাবা দুনাই
জীৱনৰ ৰং থাকিব লুকাই...
স্মৃতিৰ পথাৰত সকলোবোৰ ৰং বিৰাজমান।
নিছিগা ভক্তিৰ সোত আজিও বিৰাজমান।
এই ফাকু,ৰং,হোলী নহয় আজিৰ সৃষ্টি
দেৱ ,দেৱী, ইশ্বৰ , মুৰালী আৰু যদুপতি
স্বৰ্গত ৰচনা হৈছিল ৰং ধেমালী ।
এই পৃথিৱীত সৃষ্টি হ'ল ৰংৰ সমষ্টি
প্ৰকৃতিয়ে আকোৱালি ল'লে মানৱ প্ৰজাতি ।
মৰমৰ প্ৰকৃতি, সুন্দৰৰ পৃথিৱী
সকলোবোৰ আতংক আতৰি
এই ফাকুৱে আনক শান্তিৰ এক নতুন প্ৰগতি ।
দিগন্ত।।।।

-


24 MAR AT 18:19

💦🌈হোলী জীৱনৰ ৰং🌈

জীৱনৰ ৰং ৰামধেনুৰ ৰংৰে
হোলী আমাৰ জীৱনৰ ধেমালিৰ আৰে আৰে ।।
বিশ্বাস আৰু একতাৰ স্বৰূপ
হোলীৰ পৰাই জন্ম হ'ওক শান্তিৰ নতুন ৰূপ।।
ৰঙা ৰঙে আনক ভালপোৱা ++
কমলা ৰঙে আনক সফলতা ।
সেউজীয়া ৰঙে আনক সমৃদ্ধি ।
নীলা ৰঙে আনক সততা ।
গুলপীয়া ৰঙে আনক প্ৰেমৰ বতৰা।
বিচাৰি লোৱা সকলোৱে
যিয়ে তোমাৰ জীৱনৰ আচল ৰং আনি দিয়ে।
এই ৰং সদায় আহিব
সপোনলৈ ৰংৰ ঢৌ নামিব।
মৰম হেৰাই গলে নাপাবা দুনাই
জীৱনৰ ৰং থাকিব লুকাই...
স্মৃতিৰ পথাৰত সকলোবোৰ ৰং বিৰাজমান।
নিছিগা ভক্তিৰ সোত আজিও বিৰাজমান।
এই ফাকু,ৰং,হোলী নহয় আজিৰ সৃষ্টি
দেৱ ,দেৱী, ইশ্বৰ , মুৰালী আৰু যদুপতি
স্বৰ্গত ৰচনা হৈছিল ৰং ধেমালী ।
এই পৃথিৱীত সৃষ্টি হ'ল ৰংৰ সমষ্টি
প্ৰকৃতিয়ে আকোৱালি ল'লে মানৱ প্ৰজাতি ।
মৰমৰ প্ৰকৃতি, সুন্দৰৰ পৃথিৱী
সকলোবোৰ আতংক আতৰি
এই ফাকুৱে আনক শান্তিৰ এক নতুন প্ৰগতি ।
দিগন্ত।।।।

-


20 MAR AT 10:19

ঘনচিৰিকা
পথাৰ বা চহৰৰ কোলাহলে বিস্তাৰিত,
তাৰেই মাজতে ঘনচিৰিকাই গান গায়,
মৰমৰ আহ্বান হৈ আছে সিঁচৰতি।
অনুগ্ৰহৰ পাখিৰে, শব্দৰ গুনগুননী ,
সৰু এটা সুকীয়া শব্দৰ হৃদযন্ত্ৰ স্পৰ্শৰ জাননী।
চহৰবোৰত, ভিৰৰ মাজত,
ই ৰাস্তাৰ মাজেৰে চৰে
অনুগ্ৰহৰ সৈতে ই ওখ টাৱাৰবোৰৰ মাজত,
স্থিতিস্থাপকতাৰ এক প্ৰতীক,
এই সকলোবোৰৰ জৰিয়তে গান গাৱ খোজে ।
ৰাতিপুৱা আলিঙ্গনত, ই দিনটোক শুভেচ্ছা জনায়,
গধূলিৰ সুৰ্য্যস্ত , ই ম্লান হৈ যায়।
স্থিতিস্থাপকতাৰ এক প্ৰতীক,
আকাশত ইমান বিশাল,
আহক সকলোৱে সজতনে লালন পালন কৰি
চিৰিকাৰ গান, চিৰদিনৰ বাবে জীয়াই ৰাখোঁ ঘনচিৰিকা চৰাইটিক।
দিগন্ত।
Photo frame Google

-


1 MAY 2023 AT 21:21

মে' দিৱস


হে শ্ৰমিক তোমাৰ তোমাক নমস্কাৰ ।।🙏
১৮৮৬ চনৰ ১ #মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰ ।
৮ ঘণ্টা শ্ৰমদিনৰ দাবীত কৰিছিলা আন্দোলন ।
শোষনকাৰী পুঁজিপুতিৰ মৌচাকৰ জালত
কষ্ঠ আৰু শ্ৰমৰ উচিত মুল্যৰ অপেক্ষাত
যান্ত্রিক আৰু প্ৰেমহীনতাৰ অজ্ঞাত মানৱক
সহন‌শীলতাৰ পৰীক্ষা দিছিলা এই সমাজত ।
কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছ তত্বাবধানত।।
বলিদান,সাহস আৰু সংকল্পবদ্ধ পৰিকল্পনাৰে
প্ৰতিবাদৰ জুই জ্বলাইছিলা সমগ্ৰ মৰতত ।।
স্মৰন কৰিছো ........ঐতিহাসিক দিৱস
"শ্ৰমিকৰ শ্ৰমৰ বেদনা আৰু আনন্দৰ নিৰ্মল চকুলো"
দিগন্ত ।।

-


5 JUN 2022 AT 0:21

🌏বিশ্ব পৰিৱেশ দিৱস """🌱🌴🌳

সেউজী পৰিবেশৰ জীপাল অম্বেষণ
আমাৰ প্ৰানৰ অন্তৰে অন্তৰে....স্পন্দন
সেউজ বিপ্লৱৰ আগজাননী..
মাজে মাজে অন্ধকাৰৰ বিপন্নতাৰ ধ্বনি..
জীৱনৰ মায়া আৰু পংকিলতাৰ দুস্বপ্নই
জীৱশ্ৰেষ্ঠ মানৱৰ ওপৰতো চলাৱ পাৰে নিযাৰ্তন।
# #ইফালে অস্কিজেন ,প্লাজমাৰ আধুনিকতাৰ দৌৰত
জ্ঞানী পশু আৰু জীৱ আজি মৃত্যুৰ কৱলত ।
অত্যাচাৰী মানৱৰ বিচক্ষণৰ কৌশল নীতি
জল , বায়ু , স্থল সকলোতে পৰিকল্পনাৰ হাবাথুৰি ।
# #আনফালে সমস্ত জীৱনৰ প্ৰজ্ঞাৰে
এজাক সবল আৰু শক্তিশালী চিন্তাৰ মানৱে
ৰচিব খুজিছে সেউজীয়া ধৰাৰ ধৰনী।
বাৰে বাৰে ৰচিব খুজিছে মানৱতাৰ মহান ইতিহাস।
জৈৱ বৈচিত্ৰ্যৰ এই সুন্দৰ পৃথিৱী নামি আহিব সন্তুলিত প্ৰকৃতি ,
যদি নাৰাখো আমি মৰমৰ দৃষ্টি ,
কীট পতংগৰ পৰুৱা সকলোৰে অগাধ শক্তি ধংস কৰিব এই পৃথিৱী ।
হিংসা-ৰণচন্ডী ভাৱৰ পৰিহাৰ কৰি সেউজ উদ্যানৰ লৈ প্ৰতিস্তুতি
ঘৰৰ পদুলি, ঘৰৰ বাৰী , মন্দিৰৰ প্ৰাংগনত
যতে যেনেকৈ পাৰি
বৃক্ষ, গুল্ম, লতা প্ৰজাতিৰ যিকোনো এটা পুলি ৰোপণ কৰি...
পালন কৰো বিশ্ব পৰিৱেশ দিৱসটি ।
দিগন্ত

-


1 MAR 2022 AT 1:19

🌺🌼ওঁম 🥥🥑🥝
ওঁম ওঁম ওঁম 🌼
হে ওঁম ধ্বনি
তোমাৰ নহয় কেতিয়াও সলনি।
অসমীয়াতো ওঁম , হিন্দীতো ওঁম, ইংৰাজীতো ওঁম বঙালীতো ওঁম ,মাৰাঠীতো ওঁম আৰু ক'ত যে কিমান ওঁম !!!
ওঁম ওঁম ওঁম 🌼
ওঁম তুমি হ'লা আত্মা আৰু শৰীৰৰ শক্তিশালী সত্তা
সকলো জ্ঞানী প্ৰাণীৰ বাবে তুমি জ্ঞাত
জন্ম পৰা মৃত্যুলৈকে তোমাৰ স্মৰণ অবিভক্ত।
কেতিয়াবা কাৰোবাৰ মুখত।
" " হৃদয়ত।
" " মগজুত।
" " অন্তৰত।
অথবা কেতিয়াবা কাৰোবাৰ গোটেই শৰীৰত ।
তুমি ক'ত আছা, ক'ত থাকিবা অথবা ক'ত যোৱা কোনেৱে নাজানে।
ওঁম ওঁম ওঁম 🌼
দুঃচিন্তা দুঃচিন্তা
তোমাক পোৱাৰ বাবে সকলোৰে চিন্তা!!!
কেতিয়াবা অৰ্থ স্বাৰ্থত ।
" জন্ম লাভত ।
" আনন্দত ৷
" দুখত অথবা শোকত।
" পৰিএ৷ণত অথবা মুক্তিত। নহলে বিনা স্বাৰ্থত ।
ওঁম ওঁম ওঁম 🌼
আকৌ এবাৰ স্মৰণ কৰি....
ভক্তৰ ফুলপাহি লোৱা আদিৰ.....
শেষত সকলোৰে মংগল কৰা তুমি...‌।।।। db
#HappyShivratri #HappyShivratri2022

-


14 FEB 2022 AT 1:40

✍️... গ্ৰহন
বিকাশিত সপোনৰ আদিম পুৱাত
জোনাকৰ সন্ধিয়া কাঞ্চন প্ৰভাতী বেলাত
ক্ষন্তেক সময় তোমাৰ লগত
মেঘমলা ৰঙা পিন্ধি গভীৰ হলা নিজৰ মাজত
মৰমৰ মায়া কাননত নিশব্দে অজানিতে
নিৰপেক্ষ , অসম্পূৰ্ন শব্দই ভুমকি মাৰিলে ..
প্ৰেমৰ বান্ধোনৰ শিকলীডালত
মৰম নে সানিধ্য বিচাৰৰ অৰ্ধশূন্যতা ।
সম্বন্ধৰ দুৱাৰদলিত তোমাৰ দৃষ্টিত সপোন-লীলা
মোক নজনালা চেতনাৰ প্ৰতিধ্বনি ।।।
বহুত সময় বাগৰিল বুজিবলৈ মুগ্ধ হৃদয়ৰ কপনি
জীয়াই আছিল সচা প্ৰেমৰ মায়াৰ মুকুতাৰ কাহিনী ।
মই ব্যস্ত , মন প্ৰান নচুৱাই
দুখ শোক আতৰাই আকৌ দুলিম
তোমাৰখিনি শুনিৱ পাৰিম নে ? মই ক'ৱ নোৱাৰিম ।
এজাক নীলা পক্ষীৰ সুৰ্য্যস্ত সন্ধিয়াৰ সতে
ভাৱিব পৰা মনৰ কাৰেঙত বিৰহ বেদনাত
শান্তিৰ পথ বিছাৰিছো ফুৰিছোঁ ।।
ভুল চিন্তা , ভুল আশা আহিব নিদিবা
কাৰন মই আগৰদৰেই আছোঁ ।।
ক্ষন্তেক সময় অপূৰ্ব দোলাত তোমাৰ উপস্থিতি
জীৱন জীপাল নহয় প্ৰেমৰ অপূৰ্ণতাৰ বেষ্টনী ।
লুকাভাকুৰ মাজেৰে উন্মাদ ভৰা মৰম দিব নোৱাৰো ..
কিন্তু তুমি বিছাৰিলে উপায় দিব পাৰো ..
মোক বিছাৰি হাবাথুৰি নাখাবা ।।
বিছাৰিব জানিলে মোক সকলোতে পাবা ।।
এইবাৰ তুমি অসীম প্ৰেৰণা অপোন কৰিবা
তোমাক মৰম দিব বুলি বাট চাই নাথাকিবা । দিগন্ত ।

-


27 MAR 2021 AT 23:02


🌿🍁🍂চিনাকী ফাগুন 🌿🌿

শীতল বতাহৰ বৰষুণৰ ৰাতি
প্ৰয়োজনতাৰ শিখৰত নিথৰ ছবি।
ফাগুনৰ পছোৱা বতাহে কৰে আমনি
প্ৰকৃতিৰ বুকুত নামিছে ধুলিময় ছানি ৷
বাট চাই ৰৈ আছো ,আহিব প্ৰকৃতিৰ সুন্দৰ ছবি
ফাগুনৰ শেষত প্ৰকৃতিয়ে আনিব নতুন ধৰনী ।
উপভোগ কৰিবলৈ কষ্টৰ পৰীক্ষা আৰু পৰিসীমা
কোনোৱেও সলাব নোৱাৰা ঋতুৰ পৰিক্ৰমা ।

বায়ু, প্ৰানী,চৰাই-চিৰিকিতি জল আৰু স্থল
সকলোৱে সহিব লাগিব ফাগুনৰ পৰিবৰ্তন স্তৰ ।
সৰাপাতে ও মনৰ আকুলতা বঢ়াই
শুকান পথৰ ধুলি ও পঞ্চইন্দিয় জোকাৰি যায়।

জীপাল হৈ থাকে চকুৰ পানী
মনৰ বতৰা জনাবলৈ ফাগুনৰো আছে বহু কাহিনী।
ফাগুন আছে , পোহৰ নাই, সপোনবোৰ কঁপে
শক্তি আৰু সহনশীলতা থাকিলেহে আন্ধাৰ মৰে।

ভোকৰ মাত্ৰা নাবাঢ়ে যদিহে নহয় শক্তিৰ অপচয়
এইবাৰ ফাগুনৰ বতৰে নতুনত্ব আনিব নিশ্চয় ।

দিগন্ত।।।।।।।।।।।।।।।।।।
#কবিতা #অসমীয়া #শব্দৰ #পৰিএমা
#শব্দ#মালা #গাঠি #আগবাঢি #যাও #বলা

-


2 DEC 2021 AT 1:33

↗️শেষ অধ্যায় ↗️
অশান্ত , বিভস্ত , কুসংস্কাৰ , আৰ্তনাদ
আকৌ কিমান বিয়াপাবি ..
ই কোনো বেলেগ গ্ৰহৰ এলিয়েন্চ নহয়
এনেবোৰ পশু আমাৰ সৌৰজগতৰ পৃথিৱীগ্ৰহৰ ।
হে দানৱ কি লাগে তহতক
শান্তি নে আশান্তি ?
গাত যেতিয়া মানৱ প্ৰজাতিৰ প্ৰকৃতি জন্ম লৈছিল
তহতৰ ৰূপটো কেনেকুৱা আছিল ।
তহত বাৰু অকলশৰীয়া নেকি ?
তহতৰ জীৱনত বাৰু মৰম দয়া এনেবোৰ শব্দৰ
প্ৰয়োগ হোৱা নাছিল নেকি বাৰু ?
চিন্তা হয় কিজানি সকলো এদিন মৰিব
আমি নিৰ্বিচাৰে যিমান পাৰো মাৰি যাও ।
কিন্তু তহতৰ ভয় লাগে
পৃথিৱীত বাস কৰা মানুহক
ভয় কৰা ভগবান , আল্লা , যিশুক ।।
কেতিয়াবা ছাবি অকলশৰে থাকিলে
পৃথিৱীত থকা পীড়িত ,আৰ্তনাদ,জ্বলিত আত্মাবোৰে
উশাহ নিশাহত সোমাই তহতৰ দেহত
পোকৰ সৃষ্টি কৰি দেহ পচাই নিব
নতুবা অন্য কিবা ৰূপ লব ।

শোকসমপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু #অনিমেষ ভূঞাৰ আত্মাই শান্তি পাওঁক তাকেই নেদেখা জনৰ ওচৰত প্ৰৰ্থনা জনাইছোঁ লগতে দোষীয়ে যাতে উপযুক্ত শাস্তি পায় প্ৰশাসন তথা চৰকাৰক দাবী জনাইছোঁ ।
দিগন্ত ।

-


18 OCT 2021 AT 9:34


-@কাতি বিহু-
মাঘ বিহু ভোগালী
বহাগ বিহু ৰ'ঙালী
নাপাহৰিবা #অসমীয়া কাতি বিহু কঙালি
কঙালি কঙালি শব্দটোবে উনুকিয়াব খোজা
দুখীয়াৰ প্ৰতিছ্ববি ।।
চন্দ মিলাই কাতি বিহুৰ লগত খাপখুওবা
কঙালি শব্দৰ আছে এক বুৰজ্ঞী ||
প্ৰকৃতিৰ বুকুত গ্ৰাম জীবনৰ প্ৰতিছ্ববি
শৰতৰ ঋতুৱে আনে কব খোজে নতুন কাহিনী ।।
নঙলামুখৰ শেৱালি গছ ,
ঘৰৰ তুলশী জোপা
খেতিৰ পথাৰত তেল-শলিতাৰ জলন্ত চাকীয়ে
আকৌ লখিমীক আদৰিব অসমীয়া সমাজে ||
চহা কৃষকৰ শ্ৰম আৰু সাহস
সুজলা-সফলা ,শস্য-শ্যমলা সপোনবোৰ হওক দৃঢক||
সেউজীয়া পৃথিৱী ,স্বচ্ছ পৃথিৱী
অতীজৰ দাৰ্শনিক,কবিৰ কঙালি শব্দৰ সাবধানবানী|
আগন্তুক ঋতুৰ আহিব লগা খৰাং l
মিতব্যয়তা নাথাকিলে নাথাকিব সন্মান |
লখিমী জন্ম লৱ প্ৰকৃতিৰ বুকুত ll
খৰচৰ পিছত ৰৈ যোবা বীজ
নতুন প্ৰজন্মৰ বাবে হব সম্পদৰ প্ৰতিক ||
নিৰাশাৰ আন্ধাৰ থেলি সকলোবে আইৰ সতে মিলি
তুলসীৰ তলত জলাও শান্তিৰ এগছি চাকী ।।
দিগন্ত । db

-


Fetching Diganta Bharali Quotes