Dhiraj Pratim Kalita   (@Dhiraj Pratim Kalita)
10 Followers · 12 Following

read more
Joined 31 December 2019


read more
Joined 31 December 2019
31 MAR 2020 AT 18:39

কব নোৱাৰা কথাবোৰেই বিয়পি পৰে “ষ্টেটাচ" হৈ থিক মই ভাবাৰ দৰেই হোৱা হয় জীৱনতো, কিয় নাজানো নিশা হ'লেই ভাৱবোৰ গধুৰ হয় ! অস্থিৰ কৰি তোলে ৰাতি বোৰ... ভয় লাগে সপোন বোৰ দেখিবলৈ কিজানি বা আকৌ ভাঙি যায়...

-


8 APR 2020 AT 19:49

সুখী হ'বলৈ বহুত বস্তৰ প্ৰয়োজন কেতিয়াও নাই.... সৰু সৰু ভাল লগা মূহুৰ্ত বোৰক লৈয়ে সুখী, এই সৰু সৰু সুখবোৰত কেতিয়াবা অকলেও হাঁহিব পৰা যায়...... অকলশৰীয়া মূহুৰ্ত বোৰত যেতিয়া হাত খন ধৰি সদায় কাষত থকা প্ৰতিশ্ৰুতি দিয়ে তেতিয়া সুখবোৰ ক্ৰমান্বয়ে বাঢ়ি কষ্টবোৰ কমি যায়..... সৰু সৰু যত্ন বোৰে দিনবোৰ পূৰ্ণ কৰি নিয়ে, বহু ব্যস্ততাৰ মাজত পোৱা এটা মেচেজ বা ফোন কলে দিনটোৰ আৱসাদ বোৰ কাঢ়ি নিয়ে...... আৰু তাৰ পিছতো যদি কোনোবাই প্ৰশ্ন কৰে, " কি আছে তেওঁ এনে?" চিঞৰি ক'ব পৰাকৈ সাহসী মই, মই জীয়াই থকাৰ আৰৰ কাৰণটোৱেই তেওঁ.....❤️

-


4 APR 2020 AT 19:12

সদায় অহাৰ দৰে সেইদিনাও আহিছিল! ৰেজিষ্টাৰ বহীখন
হাতত লৈ.. কিন্তু সেইদিনা আহিছিল আমাৰ জীৱনত অন্তিম বাৰলৈ........ চাৰিওফালে ভাল লগা কোলাহল আজিও যেন গঢ়ি উঠিছে সেই মিঠা হুলস্থুল পৰিবেশ আৰু সেই স্মৰণীয় ৰেজিষ্টাৰ খন..... এতিয়া ক'ত বা পৰি ৰ'ব আন্ধাৰ কোঠাত, য'ত লাগি ৰ'ব ধূলি কণাবোৰ আৰু মাথোঁ ৰৈ যাব হাজাৰ হাজাৰ সপোন..... সকলো ক্ষণতে আছে মাথোঁ উৎকণ্ঠা.... ছাৰ-বাইদেউ তিতা মিঠা কথা আৰু ক'ত যে কি, জীৱনত কি পালোঁ বা হেৰুৱালোঁ! সেইটো হ'লে নাজানো ! কিন্তু ঠিক যে স্কুলৰ মূহূৰ্তবোৰ সদায় বুকুৰ একোণত আপোন হৈ ৰ'ব.... !!

-


3 APR 2020 AT 19:20

এখন চেলফি, আৰু তলত এটা কেপচন" Friend's Forever", শেষ হৈ যায় জানো...? ভাল লগা সময় বোৰ ইমানযে সোনকালেই পাৰ হৈ যায়.... আচৰিত লাগে!! আগৰ দৰে নাই সময়বোৰ, সলনি হ'লো আমি, পৰিবেশ-পৰিস্থিতি অথবা যন্ত্ৰৰ যুগে সলনি কৰিলে আমাৰ মানসিকতা, কিন্তু আজিও মনৰ একোণত সজীৱ, সেই স্কুলীয়া দিনৰ স্মৃতি...... কলেজৰ নতুন পৃথিৱীত ভৰি দিলো যদিও, ঘূৰি যাব বিচাৰো সেই স্মৃতিবোৰলৈ... কলেজৰ দিনবোৰতো খুন্দিয়াই সেই দিন বোৰে...

-


2 APR 2020 AT 22:27

আপুনি মই নজনাকৈয়ে এদিন হঠাৎ ৰৈ যাব উশাহ... চৌপাশৰ ভাললগা, বেয়ালগা বোৰ উদ্ধৰ্ত ৰ'বগৈ আত্মা...! মগজুটো খুলি ৰাখিব পৰা হয়.. অজথা চিন্তা বোৰে চেপি ধৰিব নোৱাৰিলে হয়... জীৱনলৈ মমতা থকা মানুহবোৰে মৃত্যুলৈ ভয় কৰে না জিয়াই থকা ইচ্ছা আছে না মৰিবলৈ সাহস আছে ! চাৰিওফালে মাথোঁ এটা বৃহৎ চিন্তাই ঘেৰি আছে...; এনেকৈয়ে.....

-


1 APR 2020 AT 20:50

হেডফোনত প্ৰিয় গান “ধীৰে ধীৰে হেৰাই যায় আবেলিৰ এই ৰদালি..." মনৰ একোণত আজিও সজীৱ তোমাক প্ৰথম লগ পোৱা দিনৰ কাহিনী, কেনেকৈনো পাহৰিম সেই চাৱনি... তাৰ পিছতো কোনোবাই সুধিলে কিমান সহজে কৈ দিওঁ“মই তাইক ভাল পাব এই পৰা নাছিলোঁ আচ্ছা মইও পাৰোঁ চোন, মিছা কথা ক'ব....!!

-


31 MAR 2020 AT 13:14

এসাগৰ অনুৰাগৰ কোলাত তুমি প্ৰিয় মোৰ,
ৰঙীন হৈ থাকক হেঁপাহৰ গান বোৰ
আৰু ধুনীয়া হৈ উঠক হাঁহিৰ গীতবোৰৰ শব্দ বোৰ,
জিলিকি থাকক সদায়, তোমাৰ কন্ঠৰ জোনাকী কাৰেং বোৰ....

-


26 MAR 2020 AT 21:54

দুয়োপাৰে সেউজীয়া মাথোঁ সেউজীয়া....সদাই ব্যস্ত পথছোৱা আজি ধূলিত পোত খাই পৰিছে....বতাহে কেতিয়াও এজোপা ডাঙৰ গছৰ গুৰি উঘালিব নোৱাৰে, মাত্ৰ কেইটামান পাত সৰাব পাৰিব, উসাহবোৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জীয়াই থাকিম...কৰক মৃত্যুৰ বাবে জীৱনে আ‌য়োজন, মইও জীয়াই থাকিম নমৰালৈকে, মোৰ বাবে, ঠিক মোৰ ধৰণেৰে... কেতিয়াবা অকলশৰে থাকিও ভাল লাগে, এখন ভাল কিতাপ , এটা ভাল গানেও আপোনাৰ মানসিক অৱসাদ বোৰ নোহোৱা কৰিব পাৰে..
#Stay Home #Stay Safe

-


25 MAR 2020 AT 19:29

ৰাতি দুপৰত সপোনে জগাই আৰু বাস্তৱে খুন্দিয়াই.... সকলো থাকিও যে ক'ৰবাত কিবা এটা নাই ক'ৰবাত হেৰাই গ'ল পুৰণি হাঁহি বোৰ....! ক'ৰবাত যে কিবা নহয় কিবা এটা হেৰুৱাইছোঁ তাকেই যেন সোৱৰাইছো সময়ে-অসময়ে! মন বেয়া লাগিবলৈ নতুনকৈ একো নালাগে, এসময়ত হকে-বিহকে ফোন, মেচেজ কৰি আমনি নলগা মানুহবোৰক যেতিয়া চকুৰ আগত দেখিলেও মতাৰ অধিকাৰ নাথাকে, তেওঁৰ ভাল-বেয়া খবৰ লব পৰা নাযায় তেতিয়া অতিষ্ঠ হৈ কোনো কাৰণ নোহোৱাকৈ নিজৰ ওপৰতে খঙ উঠে... দিন-মাহ, বছৰ বাগৰি যায় কিন্তু কিছু পুৰণি স্মৃতিৰ প্ৰতি হেঁপাহ বোৰ চোন বাঢ়ি যায়.....।।

-


22 MAR 2020 AT 22:19

কিছুমান কথা ইচ্ছাকৃতভাৱে ভবা নাযায়... তেওঁ চোন বাৰে বাৰে মনলৈ আহি খুন্দিয়াই যায়, লগৰ বন্ধুৰ ধেমালিত আজিও অনুভৱ কৰোঁ, দুচকুৰে সৰি পৰা অভিমান বোৰৰ কাহিনী.. তেতিয়া সিহঁত বোৰে কয় ধেমালিতে,“পিছফালে ঘূৰি চা এবাৰ তাই আহি ৰৈ আছে".. অতীত তোক লৈ অযথা উৎকণ্ঠিত হোৱাকৈ বৰ্তমানতেই জীয়াই থাকোচোন.., আজি আছোঁ, কাইলৈ হঠাৎ নোহোৱা হৈ যাম, জীয়াই থকা দিনকেইটা অন্ততঃ নিজৰ ধৰণেৰে সজাই যাম... # জীৱন জিন্দাবাদ

-


Fetching Dhiraj Pratim Kalita Quotes