কওঁ কওঁ বুলি ভাবিও
বহু কথা ৰৈ যায় ,
ভয় হয়
কিজানিবা
তুমি গুচি যোৱা
মোৰ কাষৰ পৰা....
কিজানিবা
তুমি বেয়াই পোৱা ।
কেতিয়াবা ভাৱ হয়
নকওঁ মই তোমাক ভালপোৱাৰ কথা
মোৰ ভালপোৱাক
তুমি নিজেই অনুভৱ কৰিবা.....
-
তাতকৈ ভাল পাওঁ সূৰ্যাস্তৰ হেঙুলীয়া কিৰণ..
সেউজীয়াবোৰৰ প্ৰতি কিবা এ... read more
বেয়া বোৰৰ পৰা আঁতৰাই
সঠিক পথত আগবাঢ়ি যাবলৈ
নেতৃত্ব প্ৰদান কৰাৰ বাবে....
জীৱন গঢ়াৰ সপোন দেখুওৱা
অাৰু সেই সপোনৰ পথ দেখুওৱাৰ বাবে...
আপোনালৈ সশ্ৰদ্ধ প্ৰণাম।।-
অৰ্থই জীৱন গঢ়ে
আচলতে ইমান সহজ নহয়
সপোনৰ ডেউকা মেলি আগবাঢ়িবলৈ।
আদবাটতে থৰক বৰক কৰি তোলে
অভাৱীৰ অভাৱৰ সময়ে।
নিৰাশাই বাহৰ পাতে,
য্ন্ত্ৰণাত ককবকাই মৰে
অাৰু সপোনৰ ডেউকা খহি খহি পৰে।
চাওঁতে চাওঁতেই বহুদূৰ গুছি যায়
ফটা চিটা সপোনবোৰ।
জোৰা মাৰিবলৈ খোজতে যেতিয়া বিফল হওঁ
তেতিয়াই বিবুদ্ধিত পৰি ৰওঁ
ঘাত প্ৰতিঘাতৰ থাকিলে বুলিনো
ইমান থাকিব লাগে নে??
অৰ্থহীন জীৱন মূল্যহীন!!!
-
সেই সপোনৰ পম খেদি
ক্লান্ত হৈ পৰিছে সমস্ত সত্বা।
হেঁপাহবোৰো সামৰি থোৱা হৈছে
হৃদয়ৰ এটি কোণত।-
কলীয়া ডাৱৰৰ আচ্ছাদন ফালি যিদৰে
নিশাৰ আকাশত জোনাকে জিলিকে,
নিশাৰ এন্ধাৰ ভেদি যিদৰে
পোহৰৰ আগমন ঘটে।
সেইদৰে নিৰাশাৰ মাজতো
আশাৰ ৰেঙনি কঢ়িয়াই ফুৰে
জীৱনৰ আশাবাদী সত্তাই।
-
কিজানিবা পূৰালোহেঁতেন
বুকুত বান্ধি ৰখা সপোনবোৰ।
নীলাকাশক সাবটি
অজান দেশলৈ গলোহেঁতেন উভতি।
নৈ কিম্বা সাগৰৰ পাৰ
মৰু কিম্বা পাহাৰৰ সিপাৰ।
-
নিজক বিচাৰি চোৱা।
মুক্ত হৈ ওলাই আহা
যান্ত্ৰিকতাৰ আৱৰনৰ পৰা।
আনৰ সৈতে খোজ মিলাই
কিমাননো নিজকে ফাঁকি দিবা?
অকণ জিৰণি লোৱা।
-
পাহাৰ কি ভৈয়াম,
যাযাবৰী পক্ষী হৈ উৰা মাৰে
আচ্ছাদিত সেউজীয়াৰ মাজত।
এটি সেউজীয়া সপোনৰ দৰে...
ঘন জোপোহাৰ আঁৰত লুকাই তাই
কুক ভা খেল খেলে,
বুলবুলিৰ সৈতে মনগীত গাই
খিলখিলাই হাঁহে।
কি যে নিবিড়তা...
নাই কোনো বিৰূপ মন্তব্য
নাই কোনো কেটেৰা মাত।
এটি সেউজীয়া সপোনৰ দৰে...-
নিজস্বতাক বিচাৰি হাবাথুৰি খাই
বাটকুৰি বাই গৈ পায়
মগজুৰ পৰা হৃদয়লৈ...
তিলতিলকৈ গঢ়া নিজৰ সত্তাটোক
বাৰে বাৰে জুকিয়াই চায়!
অজান স্বপ্নৰ পিছে পিছে দৌৰি
দিকভ্ৰষ্ট হৈ উৰা মাৰে
অাৰু চিঞৰি চিঞৰি প্ৰশ্ন কৰে,
"কিয় বাৰু দীঘলীয়া এই যাত্ৰা? "
উত্তৰত উভতে কেৱল মৌনতাভৰা শব্দৰ গাঁথা।
ক্ৰমশঃ ভাগৰি পৰে
ভ্ৰান্ত ধাৰণাৰ মেৰপাকত আৱদ্ধ হৈ....
-
মুখা
চিনাকী মানুহৰ অচিনাকী মুখাবোৰ খোল খাই যায় কেতিয়াবা।
দেখা পাওঁ
আপোনতাৰ অভিনয় কৰা দুৰ্দান্ত চকুবোৰ।
নতুনত্ব নাই তাত।
দেখা পাওঁ
টকাৰ ওপৰত আধাৰিত মান-সন্মানৰ খেলখন আৰু
পৰ-আপোনৰ নিখুঁত অভিনয়।
ইমান ঠেক মনৰ মানুহ?
যেতিয়া মুখা পিন্ধাজনৰ বাহ্যিক আৱৰণৰ মেৰপাকত সোমাই পৰোঁ,
বিশ্বাসৰ হাতখন আগবঢ়াই দিওঁ বুলি মেলি লওঁ,
থমকি ৰৈ যাওঁ — বাৰে বাৰে।
মুখাৰ আঁৰৰ মুখখন দেখা পোৱা যেন অনুভৱে থিতাপি লয় ।
সোঁৱৰাই দিয়ে নিজক নিজৰ মাজতে ৰৈ দিবলৈ
-