কিছুমান দিন জীৱনৰ
মই মোহাৰি আহিছো,
তুমিনো কি বুজিবা !
জীৱনত মই কি ?
হেৰুৱাই আহিছো।
-
https://www.facebook.com/debajit.ray.1800
I am here to expres... read more
তোমাৰ ভাৱনাতে উটুৱাই দিও
মোৰ পৃথিৱীয়ে জোনাক পাহৰা বহুতো সন্ধিয়া,
ৰাতি বাগৰি সপোনে আহি আঁকিব বুলি
তুমি মোৰ হোৱাৰেই ছবি।
-
সময়ে যদি কয়
তোমাৰ দুচকুৰ নীলা আভাত
মই মেলি দিম
জীৱনৰ পালতৰা নাঁও।
-
কি বুলি মাতিলে? তোমাৰ
হাঁহিকণ দেখাপাম
কি বুলি লিখিলে? মই
চিনাকী তোমাৰ ঘূৰাই পাম
নেজানো ক'ত? বিচাৰি ঘূৰি ফুৰে
মোৰ যাযাবৰ চকুহালে
নিহাৰিকাৰ সেই বিচিত্ৰ
ৰূপৰ সমাহাৰ,
অকপট হৃদয়ে প্ৰতিটোদিনেই সামৰে
ভাগৰৰ নিমগ্ন চিৎকাৰ বুকুত
গধূৰ সপোনে ৰাতি বেদনাবোৰক উছতাই
বিজুলীৰ দৰে গৰজি ডাৱৰে
মেলি যায় মোক অশ্ৰুৰ উপহাৰ।
-
शायद तुमसे इतना प्यार करने का
नातिजा यहीं है की
आज तुम और कहीं और मैं !
भटका हूं तुम्हारी राह देख कर।-
एक आवाज है जो
मैं हमेशा सुनता हूं,
वह है मेरे दिल की
जो आजकल अक्सर
खामोश रहता है।
-
আকৌ আহিবানে তুমি
ৰʼদে গচকা মোৰ পৃথিৱীত
খুলি যোৱা বান্ধবোৰ মোৰ জীৱনৰ
এবাৰ আহি চিলাই যাবাহি
ভাগৰুৱা প্ৰাণৰ স্পন্দন এতিয়াও আছে
ঘামেৰে তিতা দেহত মোৰ,
গামোচাৰে মেৰিয়াই থৈছো হৃদয়খনি
তোমাৰ হাতৰ পৰশে অঁকা
সেই দীঘল দীঘল উশাহ বোৰ লৈ,
হেনো ৰঙা ৰঙ বৰ প্ৰিয় তোমাৰ
আহিলেই দেখিবা পদূলিত সজোৱা
তোমাক বিচাৰি উজুটিৰে গণা তাৰিখত
মোৰ ৰঙা তেজৰ চেকুৰা।
-
তোমাক বিচৰা
মোৰ পৃথিৱীয়ে
আজি জোনকেই অচিনাকী
সজালে ।
নেজানো !
এতিয়া চাগৈ, জোনাক বুলি
তোমাকেই আদৰিলে ।-