জীৱনবাটত বহু ভুল সিদ্ধান্তই
মুকলি কৰে দুখৰ দুৱাৰ
পথভ্ৰষ্ট পথিকৰ ভাগৰুৱা দেহ মন
উজুটিত পিছলিব খোজে দুভৰি
কথমপি হেঁচুকনি এডালৰ সহায়ত
বগুৱাবাই যাত্ৰাপথ
কণ্টকময়তাৰ দুখময় বাট
মূৰত দুপৰীয়া বেলিৰ ৰাঙলী আভা
ভিতৰত একুৰা জলন্ত অগ্নিশিখা
নুমুওৱাৰ কাৰোৰে সাধ্য নাই
অবিনাশী
তমসাছন্ন ৰাতিৰ নিস্তব্ধতাই
ফেঁহুজালি দিয়া পুৱাৰ লগত মিতিৰালি পাতিবলৈ
নিৰলস প্ৰচেষ্টা ৷
---দেৱযানী গগৈ-
#ৰ’দ
আজি ৰ’দৰ দেখো দেখাদেখিয়ে নাই
সৌ সিদিনালৈকে চকু চাট মাৰি নিয়া
ৰ’দজাক আজি ক’ত হেৰাল ?
ক’ত লুকুৱাই থৈছা হালধীয়া ৰ’দজাক
সোণাৰুবুলীয়া হাঁহিটোৰে দেখা নাই আজি
মৰিশালিৰ নিস্তব্ধতাই কোঙা কৰা
ভৰুণ বুকুখনক ৰঙাই তুলিবলৈ
বৰ প্ৰয়োজন হৈছে আজি ৰ’দজাকৰ ৷
---দেৱযানী গগৈ
-
জীৱনৰ প্ৰতিটো পল অনুপল
কণ্টকময়
কাঁইটীয়া দলিচাত খোজ কাঢ়ো
কিছুমান কাঁইটে বুকুত শেলে বিন্ধা দি বিন্ধে
কিছুমান কাঁইটৰ বিষে
দেই পুৰি নিয়ে হৃদয়খন
বজ্ৰৰ দৰে কঠিন হৃদয়খন
চূৰ্ণ বিচূৰ্ণ কৰি পেলাই
মোক ধৰাশায়ী কৰে
বুকুয়েদি ওলাই নাহে তেজৰ টোপাল
দুখৰ হুমুনিয়াহ
মোৰ বুকুত আজি কেৱল
মৰিশালিৰ নিস্তব্ধতা ৷
---দেৱযানী গগৈ-
#অনুভৱ
তেওঁ মোৰ বাবে
হাজাৰ কাঁইটৰ মাজত ফুলি ৰোৱা
কাঁইটৰ স্পৰ্শই ঢুকি নোপোৱা
এপাহি ৰঙা গোলাপ
বাটৰ হাজাৰ দুবৰি গছকি
মোৰ বুকুৰ পথাৰলৈ সোমাই অহা
এটি মাথো জোনাকী
মোৰ বুকুখন পোহৰাই ৰখা
আন্ধাৰৰ বাবে বাট ভেটি ধৰা
তগবগকৈ ফুলি ৰোৱা
এপাহি বেলিফুল
সীমাহীন আকুলতাৰে
দুহাত প্ৰসাৰিত ৷
---দেৱযানী গগৈ-
নাভাৱিবা মোক আকাশত ওলমি ৰোৱা
কেৱল এচপৰা শুকুলা ডাৱৰ
সীমাহীন নীলাখিনি চুমি
মই শিপাই আছোঁ অনন্তলৈ
মহাকাশৰ পৰা মহাসাগৰলৈ
---দেৱযানী গগৈ
-
স্মৃতিৰ টোপোলাৰ পৰা সৰি পৰা
কেইটোপালমান পনীয়া সোণ
উদিত সূৰ্য্যৰ দৰে
পুৱতি ৰাগৰ মেঘমল্লাৰ
থৌকিবাথৌ হিয়াত
পুনৰ সামৰি লোৱাৰ হাবিয়াস
অজান মনটোত হিয়াৰ কান্দোন
ধিমিকি ধিমিকি পোহৰৰ
জাল সিৰাবিন্যাস ৷
---দেৱযানী গগৈ
-
জীৱন পথৰ সহস্ৰ জটিলতাবোৰত যেতিয়া উজুটি খাওঁ আপোনাৰ অভাৱ বৰকৈয়ে অনুভৱ কৰোঁ অ’দেতা ! দেউতা শব্দটোৱে সদায়ে হৃদয়ত বিষ তোলে হাজাৰজনৰ মাজত চকুৰে বিচাৰি ফুৰোঁ
অবিৰতভাৱে কেৱল আপোনাক
নিষ্ঠুৰ দাৱানলে কেৱল ডেইপুৰি নিয়ে
বুকুৰ এছোৱা
হাহাকাৰবোৰে ৰ’ লাগি চাই ৰয়
অভাৱ কেৱল অভাৱ
আপোনাৰ !
----দেৱযানী গগৈ-
#জীৱন
জীৱন পথৰ প্ৰতিটো ষ্টপেজত
আনন্দ আৰু বিষাদৰ সংমিশ্ৰণ
সেই ষ্টপেজবোৰত লগ পালো
আপোনাক কিম্বা তেওঁক
জীৱন পথৰ খলাবমা বোৰত
হাতে হাত ধৰি আগুৱালো
জীয়ালো
যাপন কৰিলোঁ সত্তৰটা বসন্ত
আজি সকলো নস্তালজিক
প্ৰতিদিনৰ দস্তাবেজত আবদ্ধ
মোৰ কায়িক কিম্বা মানসিক অবয়ব ৷
----দেৱযানী গগৈ
গুৱাহাটী-
#শুভদিন
বৃক্ষৰ শীতল ছাঁত প্ৰশান্তি ক্ষণিকৰ
মন ভৰাই তোলা পখীৰ কাকলিত
মুখৰিত মোৰ নিমাওমাও দিনলিপি ৷
----দেৱযানী গগৈ
২৭জুলাই ২০২২-
তেজগোৰা বেলিটোৰ কিৰণবোৰ সামৰি কৃষ্ণচূড়াজোপাই আবিৰ সানিলে
নজহা নপমাকৈ টনকিয়াল কৰিলে
স্মৃতিৰ টোপোলা
প্ৰকৃতিৰ আকুলতাক পান কৰি
সিৰাই সিৰাই বৈ গল কৃষ্ণচূড়াৰ ৰঙাখিনি
----দেৱযানী গগৈ-