নদীৰ তীৰৰ আঁহতজোপাৰ তলত বহি মই প্ৰায়ে এষাৰ কথা ভাবো,
নদীৰ গতিবোৰক বাধা দিয়া সৰু- ডাঙৰ শিলবোৰ যদি নদীত নাথাকিল হেঁতেন তেন্তে নদীৰ গতি বাধাহীন হ'লহেঁতেন, মসৃণ হ'লহেঁতেন। তেন্তে তাত শিলবোৰৰ প্ৰয়োজনীয়তাই কি!
উত্তৰত এষাৰ কথাই মনলৈ আহিল, শিলবোৰৰ লগত তাৰ সেই বাধাৰ গতিয়েই প্ৰকৃতিৰ নিয়ম। শিলবোৰক উঘালি নিশ্চয় আগবাঢ়িব পৰা যাব , কিন্তু তাৰ বাধাক নেওচি আগবঢ়া নদীৰ সোঁতৰ বল আৰু সৌন্দৰ্য্যতা তেনেই সুকীয়া।-
অভিমান
"""""""""""
প্ৰত্যাশাৰ অন্যান্য ৰূপ
এক সুখময় গাথা,
ইচ্ছা-অনিচ্ছাৰ গৰ্ভত
লুপ্ত হোৱা বেদনা।
বিফলতাত পৰিৱৰ্তিত
কল্পনাৰ হতাশা,
আপোন পৰ ভেদি
স্নিগ্ধা অন্তৰ ভগা।
অধিকাৰৰ মায়া এয়া
সকলো প্ৰাৰ্থী নহয়,
প্ৰিয়জনৰ বাবেহে
মন অভিমানী হয়।।-
ৰাতি যেতিয়া গভীৰ হয়
"""""""""""""""""""""""
ৰাতি যেতিয়া গভীৰ হয়
খিড়িকীখন খুলি ,
মই নিশ্চিত প্ৰত্যাশাৰে
শেঁতা জোনাকৰ পোহৰত
জিলিৰ মাত শুনো।
কি যে ৰহস্য!
জোনাকীৰ শীতল আভাই
উজাগৰ কৰে,
কিছু সোণোৱালী সপোনৰ
অবাস্তৱিত ৰূপৰ
মৰ্মস্পৰ্শী গাথা।
মোৰ গানৰ সুৰ
যিখন প্ৰবাহিত নদী মোৰ হৃদয়ৰ
মিলি একাকাৰ হয়
ৰহস্য ভেদি ~ জিলিৰ মাত।
পাতলীয়া ডাৱৰৰ মাতাল বতাহে
মাজে মাজে ভ্ৰমিত কৰে
সেই মিলনক।
হয়তোবা মোৰ খণ্ডিত অতীতৰ দৰেই!-
এপাহি গোলাপ
""""""""""""""""
বিভূষণৰ প্ৰভা
গন্ধ অন্যান্যা,
সৌন্দৰ্যতাৰ পূৰক
গৌৰবময়ী স্ৰষ্টা।
কৃশাংগীৰ ৰূপ
কলডিলিয়া খোপা,
সজ্জিত আলয়ৰ
বৰ্ধিত শোভা।
প্ৰেমিক প্ৰেমিকা
সম্পৰ্কৰ আধাৰ,
সাক্ষী একমাত্ৰ
হৃদয় ভগ্ননৰ।
দম্পতী বিবাহৰ
আধাৰশিলা,
সফল প্ৰেমৰ
বিজয়মালা।
বাৰেবৰণীয়া
দেৱত্ত ৰূপ,
প্ৰেমৰ দ্যোতনা
এপাহি গোলাপ।।-
Be selfish.
It means self+wish.
It doesn't mean caring about others or yourself.
But it means achieving wishes of yourself.
-
बङा घमन्द था गुलाब को अपनी सुंदर होने पर,
तेरे बालो मैँ लगते ही वो भी सरमा गया।
-
সপোনবোৰ ধূসৰ হৈ পৰিল,
নিচাৰ মাদকতাত জীৱনৰ লক্ষ্যও
মোৰ বাবে এক খেল হৈ পৰিল।
তোৰ নি:স্বাৰ্থ মৰম
দেউতাৰ কষ্ট
সকলো পাহৰি পেলালোঁ আই।
হৈ পৰিলোঁ নিচাত আগ্ৰস্থ এজন লক্ষ্যহীন।
মোক ক্ষমা কৰিব পাৰিবি নে আই?
জানো যে, তহঁতৰ সপোনকলৈ হেতাঁলি খেলিলোঁ।
কিন্তু পাৰ যদি তোৰ সোণক অ
ক্ষমা কৰি দিবি।
মই অনুতপ্ত আই,
সপোন আৰু জীৱনৰ মূল্য বুজিছোঁ।
কিন্তু এইবাৰ জীৱনেই মোৰ লগত খেলিলে আই,
প্ৰতিটো ক্ষণে কাঢ়ি লৈ গৈ আছে
মোৰ জীয়াই থকাৰ হেঁপাহবোৰ।
কলংক নহয়,
মাত্ৰ এজন আদৰ্শ পুতেক হ'ব বিছাৰিছিলোঁ,
কিন্তু মোৰ দুৰ্ভাগ্য
মই যে এতিয়া অপাৰগ।।
-
অন্তিম ভুল
"""""""""""""
মৰমৰ আই,
আজি তোলৈ বৰকৈ মনত পৰিছে,
বৰকৈ ভাগৰ লাগিছে
বৰ টোপনি লাগিছে অ'
সৰুকালৰ দৰে
আজি আকৌ তোৰ কোলাত
অকণমান জিৰাব মন গৈছে।
তই যে কৈছিলি
বাহিৰৰ জগতখন এখন মেলাৰ দৰে বুলি,
কিয় জানো তেতিয়া বুজিব নোৱাৰিলোঁ,
সময়ৰ সোঁতত এতিয়া বুজিছোঁ আই।
জগত-মেলাত কিছুৱে উপভোগ কৰে
আৰু কিছুৱে ধন ঘটে,
য'ত উপাদানবোৰ সদায় নিলাম হয়।
মইও নিলাম হৈ গলোঁ অ' আই,
ক্ষন্তেকীয়া সুখৰ মৰিচীকাৰ বিনিময়ত
ভ্ৰান্ত ধাৰণাৰ দোমোজাত
আনৰ দ্বাৰা ব্যবহৃত হৈ পৰিলোঁ।
আজি কান্দিছোঁ,চিঞৰিছোঁ,
নিজৰ ওপৰত খং কৰিছোঁ।
তথাপি মনৰ বোজা কমা নাই।
অতীতক সলনি কৰিব নোৱাৰোঁ যে!-
Dreams are never wrong.
The way of reaching that dream may be wrong.
-