বৰষা বাবলি   (বৰষা(অভিমানীপ্রিয়া))
127 Followers · 35 Following

read more
Joined 11 April 2020


read more
Joined 11 April 2020
2 OCT 2021 AT 1:23

শেৱালি জোগা দুপৰ নিশা
মনে আৱেগ ৰচে
সজীৱ সজীৱ লগা ক্ষণত
প্রণয়ৰ মেলা পাতে !!
আৱেগে ক'লে কাণে কাণে
তুমি নজনা বহকথা গোপনে গোপনে...!!
এছাতি মৃদুপৱন
শেৱালিৰ সুৱাস গাত মেৰিয়াই
আৱেগবোৰেও সামৰিব খোজে
সকলো তোমাতে !!
প্রণয়ৰ....
বিশৃংখল চিত্তই ,
তোমাৰ মৰমবোৰ
মাথোঁ,
চুমি চাব খোজে !!🌼

-


25 JUL 2021 AT 10:06

আৱেগ

আপোনাতে আৰম্ভ হয়
মোৰ প্রতিটো ৰাতিপুৱা,
আপোনাতে শেষ হয়
মোৰ প্রতিটো নিশা....!!
অসীমত সীমা হেৰাই যোৱাৰ দৰে
নিজক হেৰুৱাইছো,
আপোনাৰ মাজত !!
বুকুৰ হেন্দোলদোপত
উশাহবোৰৰ বিজুটি,
হৃৎ প্রাংগনত
আপোনাৰ নামৰ ধপধপনি,
আৱেগক জানো সামৰি
ৰাখিব পাৰি ??
ভালপোৱাৰ পৰিধি নিবিচাৰিব,
কবিতাৰ শব্দৰে বুজাবলৈ
অসমৰ্থ মই....!!
আপুনি যদি আকৌ বিচাৰে
ভালপোৱাৰ কৈফিয়ত...
উত্তৰত বাকৰুদ্ধ মই...!!

-


24 JUL 2021 AT 9:35

আপুনি...
বৰষুণ ভাল পায়
নীলাকাশ ভাল পায়..
নামবিহীনভাৱে
আপুনিও বহুত কবিতাই লিখে
তাৰে মাজত হয়তো লুকাই থাকে
হেজাৰ স্বপ্নকুমাৰী..!!
কিন্তু মোৰ কবিতাৰ
প্রতিটো শব্দত কেৱল আপুনি..!!
মায়াবী নগৰীৰ হেজাৰ নতুনত্বৰ ভিৰত
হয়তো..
আপোনাৰ দৃষ্টি বহুতৰ ওপৰত
কিন্তু ,
হেজাৰ নতুনত্বইও গলাব নোৱাৰে
মোৰ হৃদয়ক..
দৃষ্টি যে কেৱল আপোনাৰ ওপৰত...!!

-


18 JUL 2021 AT 17:38

আপুনিতো নুবুজে
মোৰ অকবিতাৰ ভাষা ,
মুক্ত অথচ...
আপোনাৰ স্বীকৃতিৰ পৰা বঞ্চিত !!
উশাহবোৰো বিকিছো
আপোনাক পোৱাৰ হেঁপাহত !!
কান্দিবলৈ ঠাই বিচাৰি
আজিও মৰমে হাহকাৰ কৰে !!
ক্ষন্তেকীয়া জীৱন ,
অথচ
মৃত্যুলৈ দূৰ দিগন্তৰ অচিন বাট !!
আপোনাৰ সতে একেলগে যোৱাৰ হেঁপাহ
ইমানখিনি কোৱাৰ পিছতো
আপুনি কয়,
"প্রেম মাথোঁ দুদিনীয়া"

-


18 JUL 2021 AT 16:31

বাস্তৱ
দিনবোৰ গৈছে বছৰ বাগৰিছে
কষ্টবোৰ বাঢ়িছে,সময়বোৰ কমিছে
অথচ মুক্তি পোৱা নাই
পচন্দ নহয়,
য'ত কোনো নিজস্ব স্বকীয়তা নাই
Trending follow কৰি আধুনিকতা দেখুৱায়..!!
অযুত প্রশ্ন সম্ভাৰ
গুজি দিব মন যায়,
বাকৰুদ্ধ সমাজত আগত !!
কুন্ঠাবোধ নকৰিব
হয়তো তেতিয়াই মোক পাগল
উপমা দিব !!

-


17 JUL 2021 AT 21:27

তোমাৰ বাবেইতো
বুকুত লাগিছিল,
প্রণয়ৰ ৰঙীন বতাহ !!
হৃদয় বাগিছাত ফুলাইছিলো,
ভালপোৱাৰ ৰঙা গোলাপ পাহ
অনুভৱবোৰ
জাগি আছিল ওৰেতো নিশা !!
এতিয়া...
তুমি তুমি নামৰ এটি সুৱাস,
আমোলমোলায় প্রতি উশাহ !!
কাৰ বাবে ??
তোমাৰ বাবেইতো....!!

-


17 JUL 2021 AT 16:22

তোমাৰ বাবেইতো
বুকুত লাগিছিল
প্রণয়ৰ ৰঙীন বতাহ !!
তোমাৰ বাবেইতো
মোৰ হৃদয় বাগিছাত
ফুলাইছিলো
ভালপোৱাৰ ৰঙা
গোলাপ পাহ....!!🥲

-


16 JUL 2021 AT 21:02

এতিয়া...
হৃদয়ৰ সতে হৃদয় মিলোৱাত
কি আপত্তি আছে আপোনাৰ
হয়তো আপুনিও বিচাৰে মোৰ
হৃদয়ৰ ৰঙাখিনিৰ সান্নিধ্য
তেন্তে ৰৈ আছে কিয় ??
নে মোলৈ অপেক্ষা কৰিছে ??
জানো...
মোৰ উশাহৰ স্পৰ্শই
ক'ৰবাত আপোনাক চুই গৈছে..
আপোনাৰ...
দুওঁঠত আঁকি দিব মন যায়
প্রেমৰ স্বৰবৰ্ণ,
অথচ
মোৰ অব্যক্ত কথাবোৰ আপুনি নুবুজে!!

-


16 JUL 2021 AT 20:08

~ মৃত্যুলৈ ভয় নকৰা ??

~ মৃতয়ে জানো মৃত্যুলৈ ভয় কৰে ???
মোৰ মৃত্যু হবলৈ মই আকৌ জীয়াব লাগিব !!
যিটো অসম্ভৱ মোৰ বাবে...!!🙂

-


23 MAY 2021 AT 15:35

মোক বিচাৰি নাহিবা
তোমাৰ সপোনত আহিব পৰাকৈ মই ধুনীয়া নহয়🌻🌿
মোক সদায় মইয়ে হৈ থাকিব দিয়া 🙂
শব্দৰ মৰুভূমিত মৰিচিকাৰ ঠিকনা বিচাৰি🌻

-


Fetching বৰষা বাবলি Quotes