Brajen Mahanta   (Brajen_Mahanta✍️)
409 Followers · 242 Following

read more
Joined 2 October 2018


read more
Joined 2 October 2018
28 APR AT 20:06

জোনটিৰেও ক'ব
মই জোনাক মাথোঁ তোমাৰ বাবে;
সপোনবোৰেও ক'ব
মই দিঠক মাথোঁ তোমাৰ বাবে...!
এতিয়া তুমি অহা
একাজলি মৰম হৈ, মাথোঁ মোৰ বাবে;
এতিয়া তুমি ৰৈ যোৱা
মোৰ লগৰী হৈ, মাথোঁ চিৰজীৱনৰ বাবে.....!!

-


10 FEB AT 18:51

তুমি আপোন মোৰ
কোনোবা যুগৰ
তুমি শান্তি মোৰ
এই জীৱনৰ,
তোমাৰ হাঁহিতেই যেন
মই নিজক বিচাৰি পাওঁ
তুমি ভৱিষ্যত মোৰ
এই বৰ্তমানৰ.....!!

-


6 JAN AT 18:52

জীৱন, আৰু বহু দূৰ
মৰহি যোৱা সপোনবোৰক
পুনৰ জীপাল কৰাৰ হেঁপাহত
জীৱন, আৰু বহু দূৰ.....
মনত হেঁপাহ, ন-ন চেষ্টা
জীৱনৰ ৰংগমঞ্চত, বিফল প্ৰতিবাৰ.....
তথাপিও যেন কোনো আক্ষেপ নাই
মাথোঁ আকৌ মই অপেক্ষাৰত
নতুন সফলতাৰ সন্ধানত
কিয়নো জীৱন, জীৱন আৰু বহু দূৰ.....!!

-


6 JAN AT 18:42

জীৱন, আৰু বহু দূৰ
মৰহি যোৱা সপোনবোৰক
পুনৰ জীপাল কৰাৰ হেঁপাহত
জীৱন, আৰু বহু দূৰ.....
মনত হেঁপাহ, ন-ন চেষ্টা
জীৱনৰ ৰংগমঞ্চত, বিফল প্ৰতিবাৰ.....
তথাপিও যেন কোনো আক্ষেপ নাই
মাথোঁ আকৌ মই অপেক্ষাৰত
নতুন সফলতাৰ সন্ধানত
কিয়নো জীৱন, জীৱন আৰু বহু দূৰ.....!!

-


24 SEP 2024 AT 17:35

___ইচ্ছাকৃতভাৱে___

কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ নাথাকে
হয়তো কেতিয়াবা কিছুমান পৰিস্থিতিত
উত্তৰ থাকিও যেন মৌন হৈ পৰো
ইচ্ছাকৃতভাৱে,
মনত হেজাৰটা সন্দেহ
ক'লে কোনোবাই শুনিব জানো
শুনিলে ভালকৈ বুজিব জানো
বুজিলে প্ৰকৃত সঁহাৰি পাম জানো...?
আচলতে আমাৰ নিচিনা
সাধাৰণ মানুহৰ এইটোৱেই সমস্যা,
সত্যৰ পথত আগবাঢ়ি
সকলোফালে ভাল দৃষ্টিৰে চাওঁতে চাওঁতে,
নিজৰ যেন প্রকৃত অস্তিত্বই নাইকিয়া হৈ পৰিছে
এটি চাবি দিয়া পুতলা সদৃশ,
যাক যাৰ মন তেওঁয়ে চাবি দি গুচি যায়
ইচ্ছাকৃতভাৱে.....!!

-


24 SEP 2024 AT 17:24

___কিছুমান মুহূৰ্ত___

কিছুমান মুহূৰ্ত
কিছুমান মুহূৰ্ত কঠিন
কঠিন, সন্মুখীন হবলৈ;
নিজক বুজাবলৈ
আবেগক সান্তনা দিবলৈ
কিছুমান মুহূৰ্ত সঁচাকৈয়ে কঠিন...!
কঠিন নিজে নিজক চাবলৈ
নিজৰ বিবেকক নিয়ন্ত্ৰণ কৰিবলৈ
এই মুহূৰ্তবোৰ যেন অসাধাৰণ,
হয়তো কিছুমান মুহূৰ্ত
মাথোঁ সাধাৰণ মুহূৰ্ত হৈয়ে থকাহেঁতেন
আজি যেন কঠিনত্বৰ অনুভৱ নহলহেঁতেন.....!!

-


24 SEP 2024 AT 17:06

ডাৱৰীয়া বতৰ
পাতলীয়া বৰষুণ,
সেমেকা মন
তত্ত্ব-গধুৰ মগজু...!!
আবেগৰ দলিছাত
বৰষুণৰ আমনি,
বসন্তৰ বাটত
আধা-কেঁচা অনুভৱ...!!

-


21 MAR 2024 AT 1:10

___প্ৰকৃতি___

কি যে ধুনীয়া এই প্ৰকৃতি
মনোৰম, মনোমহা;
গছে-বনে সকলোতে যেন
সেউজীয়া পৰশেৰে ভৰা...!
নীলা আকাশখন, চৰাইৰ কিৰিলিবোৰ
উফ! কি যে মধুৰ, মনমুগ্ধ অনুভূতি;
উভতনি পৰত, গছৰ ডালত চৰাইৰ ধেমালিবোৰেও
যেন প্ৰকৃতিৰ শোভা বঢ়াইছে...!
সূৰ্যাস্ত সময়, নিৰিবিলি পৰিৱেশ
ৰাঙলী বেলিটিও যে মনে মনে
গধূলিৰ বতৰাকে আনিছে;
সঁচাকৈয়ে এক অতুলনীয় অনুভৱ
আপ্লুত মই, এনে সৌন্দৰ্য‍্যতাত
কি যে ধুনীয়া এই প্ৰকৃতি...!!

-


18 MAR 2024 AT 21:05

অপ্ৰিয় ফাগুন
তথাপিও যেন;
ফাগুনৰ নিৰিবিলিৰ মাজত
নিজকে সপি দিব মন মোৰ...!!
কৃতিমতা, যান্ত্ৰিকতাৰে ভৰা
আজি কালিৰ পৰিৱেশতকৈ যেন;
ফাগুনৰ এই লঠঙা পৰিৱেশেই উৎকৃষ্ট
মনত শান্তিৰ সোৱাদ দিবলৈ...!!

-


16 MAR 2024 AT 13:08

জীৱনৰ ৰূপালী জয়ন্তীৰ প্ৰাকক্ষণত
২৪ বছৰ গৰকা এই সময়খিনিয়ে যেন
আজি প্ৰাপ্তি-অপ্ৰাপ্তি হিচাপ কৰিছে,
মগজুৰ অৱসাদ
উত্তেজিত দেহ
মনৰ হেঁপাহে যেন বাৰুকৈয়ে প্ৰশ্ন কৰিব লৈছে,
আৰু কিমান দিন?
আৰু কিমান দিন এই অস্থিৰতাৰ
কিমান দিন আৰু এই সফলতাবিহীন বিফলতাৰ
আৰু এনেকৈয়ে কিমান দিন.....!!

-


Fetching Brajen Mahanta Quotes