Borsha Lickson   (Lickson)
471 Followers · 265 Following

read more
Joined 24 July 2019


read more
Joined 24 July 2019
29 OCT 2024 AT 1:34

সময়ৰ যাত্ৰা

সময়ৰ সীমনাত, জীৱিত আজিও
অতীতৰ মধুৰ সোঁৱৰণী,
অংকুৰিত হোৱা নৱ জীৱনটি!!
এটি-দুটি ক্ষণৰ সাক্ষী হৈ
সময় উৰা মাৰিছিল !
প্ৰতিটো পলৰ ছবি বুটলি
ৰঙীন জীয়াকাহিনী আঁকি,
উজুটি খোৱা পথত
শিকনিৰ মালাধাৰী গাঁঠিছিল!!
সুখৰ অনুভূতিকো সাদৰেৰে
অপূর্ব ৰূপত সজাই তুলিছিল!
দুখৰ ছাঁ-বোৰকো কিন্তু
লগতে ৰাখি জীৱন যুঁজত
থিৰ হ'বলৈ শিকাইছিল!!
সূর্যোদয়ৰ সতে
আশাৰ ৰেঙণি বুলাই,
সূৰ্যাস্তৰ লগতো
ধৈৰ্য্য শক্তিৰ বুজনি দিছিল !!
অনুভৱৰ টোপোলাবোৰৰ সংমিশ্রণে
দক্ষতাৰ বীজ ৰুপণ কৰিছিল!
থমকিব খোজা ভাগৰুৱা মনটিক
পথৰ শেষৰ উজ্জ্বলতাই
হেপাঁহৰ চাদৰেৰে মেৰিয়াই বান্ধিছিল!
সপোনৰ দুপাখি উৰুৱাই
কল্পনাৰ সাগৰত সাতোঁৰিব শিকাইছিল!
পল-অনুপলৰ লগৰী হৈ
সময় আজিও যাত্ৰাৰ পথিক!
আলোকৰন্জিত যাত্ৰাৰ
অভিনৱ ভাবনাৰ অন্তহীন সাৰথি!!
-- Lickson.

-


6 SEP 2022 AT 22:06

হতাশা

সহজ নহয় হতাশাৰ পথত
নিসংগতাৰো লগৰী হ'বলৈ!
মনৰ ইচ্ছাৰ মৃত্যুৰ বাট
হাঁহিৰে মুকলাবলৈ!
কিমান শক্তিৰ প্ৰয়োজন বাৰো
সমোখত সপোনৰ ধূলি হোৱা দেখিবলৈ!
শৰীৰৰ মৃত্যুও চাগে সহজ
জীৱনৰ লক্ষ্যক আধাতে এৰাতকৈ..!
আশা-আক্যাংশাক ত্যাগ কৰাৰ সামৰ্থ
কেৱল মহান ব্যক্তিৰে হয় নেকি?
সকলো ভাৱনা ত্যাগ কৰি 
পৰিস্থিতিৰ হাতত হাৰ মনাজন
আদৰ্শস্বৰূপ হ'ব পাৰে নেকি?
অভাৱ-অনাতনে বাৰু
জীৱনৰ দিশ সলনি কৰে নি?
অযথা সপোন ৰচি
ধংসৰ উৎসৱ পতাটো
মহৎ কৰ্ম নেকি?
আধৰুৱা সপোনৰ ঘাঁহ
বুকুত লৈ ফুৰাতো
জড়তাৰ প্ৰতিচ্ছবি!
মৌনতাই উত্তৰ হৈ ৰৈ যায়
জীৱন পৰাজয়ৰ কাহিনী!

-


30 AUG 2022 AT 21:41

অতীত

সোঁৱৰিছো আজি অতীত তোমাক,
স্পষ্টতাৰ ৰঙীন মুহুূৰ্তৰ
জীয়া প্ৰতিটো সুমধুৰ পল,
ধুঁৱলী কুঁৱলী হাঁহিৰ ৰেঙনি
মনে হাবাথুৰি খাই ফুৰে
অতীতক বিচাৰি,
আকৌ আনি দিবানে আজুৰি!
পল-অনুপলকৈ বাগৰি যোৱা
সময়ক ধৰি বান্ধি,
পুনৰ জী উঠিবলৈ
সময়ৰ সেই জীয়া কাহিনী!
আৱেগ অনুভূতিৰ হাতত হাৰি
অতীত আকৌ আহিবানে ঘূৰি?
সময়ৰ সোঁতক নেওচি
প্ৰাণ ঢালি দিবানে
স্মৃতিবোৰক ৰহণ সানি,
আনিবানে হেৰাই যোৱাবোৰকো
জীৱনৰ প্ৰতিটো নিয়ম পাহৰি??
অনুৰাগ হৈ বোৱাবানে
অতীতৰ সকলো ৰাগী!
অমূল্য ক্ষণবোৰক ধৰি
সজাবানে মনৰ মালিনীক!!

-


4 JAN 2022 AT 12:26

Happy New Year 🎉


New Thought
Renew month,
New Time
More Hope,
New Wishes
To Live Lifes.

-


31 DEC 2021 AT 19:17

সময়

সময় বৰ গহীন
বতাহৰ দৰে মৃদু,
বতাহ বলিলে যেনেকৈ
মনত এক শান্তি বিয়পায়,
সময়েও ক্লান্ত হৈ
জীৱনৰ উকা কাগজবোৰক
ৰঙীণ কৰি যায়!
ব্যস্ত কৰি তুলা সময়ে সোঁৱৰাই
প্ৰতিটো ক্ষণৰ মহত্বতা,
কিদৰে স্মৃতি হৈ ৰ'য়
সেই সুন্দৰ বাস্তৱতাবোৰ,
ধুৱলী কুঁৱলি হৈ ৰ'য়
অতীত হিচাপে মাথো সময়বোৰ!
তথাপি অপৰিসীম শ্ৰম আৰু
অজস্ৰ সপোন বুকুত বান্ধি লৈ
ধৈৰ্যৰে সকলো আগুৱাই
সময়ৰ সোঁতৰ সৈতে বৈ,
সকলো পৰিস্থিতিক নেওচি
আশাৰ ৰেঙণীক হাঁহিৰে
সফলতাৰ ৰূপ দিবলৈ...!

~ Lickson


-


28 DEC 2021 AT 11:49

Kyun ruk jayein??
Jab chalna hi hein,
Jab manjil dur nahi
Bohot karib hein.
Kyun ruk jayein??
itna dur aake
Kathinayio ka itna pahar todh ke,
Jab aur ek hi pahar baki hein!
Jab kuch hi samai aur baki hein
Toh kyun ruk jayein??
Batao kyun ruk jayein??

-


27 DEC 2021 AT 1:38

Being loved by soul
Describes the beauty,
Longs last.

-


8 APR 2021 AT 10:32


Hope is great
It feels like
Hundred percent works.

-


6 APR 2021 AT 12:49


I asked myself,
"Are you alone?"
My heart replied,
"Your thoughts & believe
Never make you alone."

-


4 APR 2021 AT 14:47


Hard time came
To realize
My strength.

-


Fetching Borsha Lickson Quotes