ভুল
ভুল হ'ল মোৰ
যথেষ্ট ভুল আছে মোৰ
ভুল আছে প্ৰতিদিনৰ দৰে
ব্যৰ্থ হ'ম বুলি জানিও
কথা পাগুলি থকাটোত ভুল আছে মোৰ
ভুল আছে মোৰ উপদেশ দিয়াত
ভুল আছে মোৰ ভুল বোৰ দেখুওৱাত
সময় নাই অসময় নাই
মানুহ নাই পিশাছ নাই
ভুল আছে কথা বোৰ পাগুলিয়াই পাগুলিয়াই
চকুৰ পতা কলা কৰাত
ভুল সঁচাকৈয়ে ভুল
প্ৰতিদিনৰ ভুল
প্ৰতি মিনিটৰ ভুল ।
-
দুখৰ মাজত সুখৰ সন্ধান জীৱনৰ অন্য এক মাদকতা
সুখৰ তৃষ্ণাতুৰ হোৱা,,,😄😄
Stop to... read more
মোৰ কবিতাৰ নূন্যতম পৰিধিত
তোমাক সাঙুৰি লব পৰাকৈ
মই ইমান ভাল
পংক্তিৰ প্ৰণেতা নহয় ।
মোৰ কল্পনাৰ পৰিধিত
তোমাক প্ৰতিফলিত কৰিব পৰাকৈ
মই ইমান সুদক্ষ কাৰীকৰ নহয়।।
মই মাথো নিৰ্জন এটি দ্বীপৰ কাষত
হাতত স্মাৰ্ট ফোন নামৰ বাকলি সদৃশ
যন্ত্ৰটি লৈ ,
তোমালৈ বুলি যোৰা লগাব পাৰো
দুটামান বৰ্ণ আৰু দুডাল মান মাত্ৰা ।
যাৰ শেষ কি মই নাজানো
মই এইটো ও নাজানো যে
সি কিম্বা শব্দই হৈ ৰব নে
নে পৰিবৰ্তন হব এটি বাক্যলৈ।
মোৰ তোমাৰ কাষলৈ যোৱাৰ হেপাহ নথকা নহয়
মোৰ তোমাৰ নতুন চহৰৰ ঠিকনা জনাৰ হাবিয়াস নথকা নহয়
মই চেষ্টা নকৰাও নহয়
অথচ মই অসফল ,
সেয়েহে নুসুধিবা মোৰ অগ্ৰগামিতাৰ কথা
নুসুধিবা মোৰ ভাগৰুৱা আত্মাৰ বেথা ,
কিয়নো সি বৰ থুনুকা
ভুলক্ৰমত গলি গলি
বৈ আহিব বৰফ সিক্ত অশ্ৰুৰ দোলা।।
-
মই শিল হবলৈ চেষ্টা কৰো
জীয়া শিল ।
যাৰ অগ্ৰগতি লেহেমীয়া যদিও
সকলোৰে লক্ষণীয়
কিন্তু হাৰি গৈছো ,,
প্ৰতিবাৰেই জী উঠি
মৃত্যুৰ লগত খেলা কৰিছো
সেয়া মনৰ মৃত্যু
ভোগা জনে জানে ।
অপৰিপূৰ্ণ জনে বুজে।।
গৰল গিলি গিলি
মই তেজাল হবলৈ খোজো
কিন্তু মই বিষ পানৰ পাত্ৰৰ সহিতে
সমূহ সমৰত আহিবলৈ ভয় কৰো।।
মই কুণ্ঠাবোধ কৰো
কিজানিবা মই পৰাজয় হও।
পৰাজয়ৰ গ্লানি সহিব পৰাকৈ
মই সাহসী হৈ উঠা নাই ,
কিয়নো মই হতবাক হওঁ
যেতিয়া মই মোৰ অবাস্তৱ পৃথিৱীত
নিজক জয়ী কৰোৱাৰ পৰিকল্পনা কৰো
অথচ ! বাস্তৱতাৰ পালেং খনিত
মুখথেকেচা খাও ।
Bornali-
সুখবোৰ তেতিয়া স্থায়ী যেন লাগিছিল
আৰু তোমাক তেতিয়া দুখপিপাসু যেন লাগিছিল
-
তুমি মই বিচৰা ধৰণে জীৱনটো চলিছে জানো ?
জীৱনৰ যে ইমান মান-অভিমান
ইমান যে আব্দাৰ !!
কেতিয়াবা কৰবাত হামথুৰি খাই পৰিলেও
এহ একো নাই কেতিয়াবা হৈ যায় বুলি হাঁহি মুখে বিষত মলম সানে !
কেতিয়াবা আকৌ সযতনে সাঁচি ৰখা মনটোৱে কষ্ট পালেই
উফন্দি উঠে সকলো ।
সঁচাই জীৱন মান -অভিমান ,হাঁহি- কান্দোন , সুখ- দুখ
পোৱা নোপোৱাৰ এক ভিত্তি ....,
যাৰ আছে বহুতো অৱয়ব
এটা মানুহ অভিধাযুক্ত অবয়বত লুকাই ৰৈ গতি কৰে সিহঁতি
যাক অনুভৱ কৰো সময় নামৰ গতিশীল প্ৰৱন্ধতোৰ
সোঁ বা বাওঁ কাষে,,,,,,।।।।।,,,,
-
পৰিত্যক্ত জীৱনৰ অপৰিত্যক্ত গাঁথা
সন্ধিয়াৰ কুসুমত
এটা নহয় হাজাৰটা খুচা বিন্ধা প্ৰশ্নৰ ওক মুকনি
প্ৰশ্নৰ চেং গুটি কেইটা
হাততো ইলোটি সিলুটি কৰি মাৰি দিছো
অ'ত ত'ত সিঁচৰিত প্ৰশ্নই ,,,
কওঁ নকওঁ কৈ মনৰ ভিতৰত ভূন ভূনাইছে
পুনৰ থমকি ৰৈছে নতুন প্ৰশ্নৰ জন্মান্তৰ নহওক বুলি।
হয়তো সিহঁতিও বুজিছে
এতিয়া সময় নহয় উত্তৰৰ
এতিয়া সময় নহয় আক্ষেপৰ
-
শব্দবোৰ হয়তো আগৰ দৰে হৈ থকা নাই ---*
হয়তো সিহঁত ভাগৰিছে
এই যান্ত্ৰিক যেন লগা মগজুত জিৰাৱলৈও সিহঁতৰ কষ্ট হৈছে ।
কোন কাহানিবা বা হেৰাল ইহঁতৰ লগত সম্পৰ্ক
গমেই পোৱা নগ'ল ।
একো নাই আকৌ লগ পাম
হয়তো সিহঁতেও অভিমান সামৰি আকৌ ধৰা দিব
মন মগজুত ☺️-
ওপজা দিনৰ বহুত শুভেচ্ছা
মৰমৰ লিজা ।
সুখী হোৱা তুমি তাৰেই আশা।
হাঁহিৰ পৰশ তোমাৰ দুই ওঁঠত
জীপাল হৈ পৰক তাৰেই আশা ৰাখিলো ...l-
It's ok
you can ignore my words
Now I have not feel anything
Because
These are now common-
যাক মই মোৰ অস্তিত্ব বুলি ভাবিছিলো
তেওঁ মোৰ অস্তিত্বক লৈ প্ৰশ্ন কৰে --!
আৰু মই উত্তৰত নিশ্চুপ
হৈ ৰোৱাৰে পৰিকল্পনা কৰো"--"
কিয়নো অত' দিনে
যাৰ শেতেলীত জিৰাইছিলো
তেওঁৰ এই প্ৰশ্নই
নিজাকৈ যে স্থান এটি লবৰ হ'ল
সোঁৱৰাই দিলে ^*^-