18 JUN 2018 AT 0:09

দেউতা

তোমাৰ দৰেই হবলৈ মন
অসীম ধৈৰ্য আৰু দৃঢ়তাৰে
সময়ক পিছুৱাই জীৱনৰ ধুমুহাত
আমাক আগছি ৰখা বটবৃক্ষ তুমি

তোমাৰ দৰেই হবলৈ মন
কঠোৰ পৰিশ্ৰম আৰু ধুমুহাকো নেওচি
নিজৰ আশাক বুকুৰ এচুকত কবৰ দি
আমাৰ সপোন সাৰ্থক কৰা তুমি

দেউতা
তোমাৰ চোলাৰ জেপৰ চকলেট কেইটাই
আজিও আমাক ডাঙৰ হবলৈকে নিদিয়ে দেখোঁন
জীৱন বাটত প্ৰতিটো ভুলৰ শুধৰণি তুমি
কুশলে থকা দেউতা
তুমি অবিহনে আমিবোৰ অচল।।।

-