Binita Devi  
20 Followers · 13 Following

Joined 25 August 2019


Joined 25 August 2019
30 AUG 2020 AT 22:28

বন্ধুত্ব সকলোৰে জীৱনত থকা বৰ প্ৰয়োজন । এটা ভাল বন্ধুত্বই প্ৰতিজন ব্যক্তিৰ জীৱনৰ পৰা আন্ধাৰ আতঁৰাই আশাৰ ৰামধেনু সিঁচিব পাৰে । সুখতেই সুখীহৈ দুখটো দুখী হৈ যেন হাততে হাতধৰি থিয় হব পাৰে তেনে বন্ধুত্বৰ বিশেষ প্ৰয়োজন । বন্ধুত্ব সম্পৰ্কটো সচাঁই অতুলনীয় । এই সম্পৰ্কত সোমাই থাকে মৰম ,ভালপোৱা ,অপাৰ বিশ্বাস ।
আচলতে বন্ধুত্ব মানেই কাইজীয়া ,বন্ধুত্ব মানেই অভিমান । এইবোৰটো ইয়াৰ অংগহে । প্ৰকৃত বন্ধু বিচাৰি পোৱাটো সহজ কাম নহয় । বন্ধুত্বই এজন বেয়া মানুহক ভাল কৰিব পাৰে , কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে ,কাৰোৱাৰ জীৱনত নতুনত্ব আনিব পাৰে গতিকে সকলোৰে জীৱনত এনে এজন বন্ধু থাকিব লাগে তেতিয়াহে জীৱনৰ প্ৰকৃত অৰ্থ বুজি পোৱা যায়।
বন্ধুত্ব কথাৰে বুজাব নোৱাৰি ,ইয়াক কেৱল অনুভৱৰ চকুৰেহে চাব পাৰি আৰু যাৰ ওচৰত তেনেকুৱা বন্ধু নাই তেন্তে তেওঁৰ সমান দুৰ্ভগীয়া কোনো নাই ।

-


23 JUL 2020 AT 21:58

মই তোমাৰ দায়িত্ব হৈ থাকিব নোখোজো ,
তোমাৰ প্ৰয়োজন হব বিচাৰো ,
মই তোমাৰ আজৰি সময়ৰ সংগী নহয় ,
মই তোমাৰ ব্যস্ত পৃথিৱীৰ জিৰণি হব খোজো ।।

-


19 APR 2020 AT 16:35

ভাল লগাহৈ পৰিছে উকা পৃষ্ঠাখন
জোনাকহৈ নামি আহিছা এবুকু পোহৰ বিলাবলৈ ,
প্ৰেমৰ ৰাগনীৰ পৰশত
ভাল লগা হৈছে নিথৰ ৰাতিবোৰ।
হিয়াৰ দাপোনত সজতনে ৰাখিছো তোমাক "সোন"
গোপনে গোপনে ......
ৰঙীনহৈ পৰিছে জীৱন ....
সৌ ৰঙচোৱা বেলিটোৰ দৰে ।
তোমাৰ কদমফুলীয়া হাঁহিটোত
মই বিচাৰি পাওঁ নিজক।
মুকলি আকাশে সিঁচি দিছে প্ৰেমৰ বৰষা
দুটি চকুৰ মিলনে আনি দিছে আশাৰ বতৰা ,
গোপনে গোপনে .....
কবিতাময়হৈ পৰে প্ৰতিটো পুৱা ,
তলসৰা তগৰৰ সুবাসে
কঢ়িয়াই আনে প্ৰেমৰ বতৰা ।
নিয়ৰ আহে দুবৰিক তিঁয়াবলৈ ,
মোৰ প্ৰথম প্ৰেমহৈ তুমি আহিছা
সপোনবোৰ সজাবলৈ.....
গোপনে গোপনে ....


-


9 DEC 2021 AT 23:10

এটা ল'ৰা আৰু এজনী ছোৱালীৰ মাজত অকল‌ প্ৰেমৰ সম্পৰ্কয়ে নাথাকে ‌, থাকে বিশ্বাস , বন্ধুত্ব ‌আৰু সাহসৰ সমন্ধ । যেতিয়া সকলো আঁতৰি যায় যেতিয়াই কিবা বিপদত পৰো তেতিয়াই হাত খন ধৰি লগত ঠিয় দি সাহস দিয়া , বিশ্বাস ৰখা ল'ৰা বন্ধু‌ এজন যাৰ ওচৰত আছে । সেই ছোৱালীজনী বহুত Lucky হয়।।

❤️ তেনে বন্ধুত্ব সদায় জীয়াই থাকক❤️

-


12 SEP 2021 AT 22:02

নিসংগতাই কেতিয়াবা শান্তি
আৰু কেতিয়াবা
অকলশৰীয়া
অনুভব কৰায় ।

-


6 AUG 2021 AT 20:14

বৰষুণজাকক লগতলৈ আকৌ আহিবাচোন ,
আজিকালি আকাশখনে বৰকৈ আমনি কৰে ,
তুমিটো জানায়ে মই বৰ বেছি এইবোৰ ভাল নাপাও ,
এইযে তোমাৰ আকাশৰ নীলা ৰঙবোৰ প্ৰেমৰ টোপালহৈ
বৰষে ,
যাৰ পৰশ পাবলৈ অতি অধীৰহৈ ৰৈ থাকা তুমি
জবুৰীয়াই পেলোৱা নিজকে সেই বৰষুণজাকক
আৰু মই দূৰৰৈৰ পৰা চাইযে তোমাক কও
"কিযে হব নহয় তোমাৰ?"
আৰু তুমিযে মোক বৰকৈ চিঞৰি কোৱা
"বৰষা তুমি এইবোৰ নুবুজিবা ,বৰষুণজাক মোৰ বৰ প্ৰিয় ,
আহা এবাৰ মোৰ লগত তিতি চোৱা ,মই তোমাৰ প্ৰিয় গানটো গাই শুনাম তোমাক"।

-


15 MAR 2021 AT 12:24

জীৱন নামৰ কিতাপ খনত কেতিয়াবা কিছুমান স্মৃতি ভালেই হওক বা বেয়াই আজীৱন লগত ৰৈ যায় । কেতিয়াবা স্মৃতিবোৰৰ লগত জড়িত মানুহজন লগত নাথাকিলেও শবদবোৰ অহৰহ বাজি ৰয় । কেতিয়াবা ই হহোৱাই কেতিয়াবা ই আকৌ কন্দোৱাই ,জীৱাই থাকিবলৈ সুখী হোৱাৰ অভিনয়বোৰ আনৰ আগত কৰি যোৱা হয় ।
যদিও অকলশৰীয়া সময়ত অপ্ৰাপ্তিবোৰে বুকুখন হেঁচা মাৰি ধৰে । কিন্তু এয়াটো সকলোৰে বাবে একেই । আপুনি ,মই কোনোটো ইয়াৰ ব্যতিক্ৰম নহয় । আজিকালি নিসংগতাবোৰ মোৰ ভাল লগা হৈছে ,অলপ সকাহ পোৱাৰ আশাত ব্যস্তহোৱাৰ অভিনয় কৰিব লৈছো । এতিয়া ইও
যেন মোৰ বাবে অৰ্থহীন 😊😊

-


14 FEB 2021 AT 0:01



তেওঁক ভাল পাওঁ বুলি কবলৈ বিশেষ সময় বা বিশেষ দিন প্ৰয়োজন নাই ,তেওঁ সদায় প্ৰিয় ,আপোনজন ,বিশেষজন হৈ হৃদয়ৰ এটি কোণত যে থিতাপি লৈ আছে । 🥀
কেতিয়াবা কিবা কাৰণত সম্পৰ্কবোৰ আগবঢ়াব পৰা নাযায় 💔,তেনে সময়ত তেওঁ জনে যদি কয় - যি হল বাদ দিয়া ,বিশেষ একো হব নেৱাৰিলেও এজন বন্ধু হিচাপে সদায় লগত থাকিম ,তেতিয়া হলে ভাবক চোন তেওঁ মোৰ বাবে কিমান বিশেষ । 😍💘
সপোন মোৰ প্ৰিয় ,কাৰণ মোৰ তেওঁজনৰ যে অচিনাকী হাঁহিটোত😁 মোৰ হাজাৰ সপোনে পাতনি মেলে তেনে হলে ভাবক চোন তেওঁ মোৰ কিমান প্ৰিয় ।🌹
অভিমানবোৰ মোৰ বৰ বেছি আপোন ,এই যে কথাই প্ৰতি কাইজীয়া কৰো ,এই যে বেলেগৰ কথা বেছিকৈ কলে খঙটোৱে যে হেঁচা মাৰি ধৰে ,তেন্তে ভাবক চোন তেওঁজন কিমান আপোন । 🌺🌸😌
তেওঁজন সদায় বিশেষ ,প্ৰিয় আৰু আপোন ❤

-


11 FEB 2021 AT 22:56

তোমাক ভাল পাবলৈ
দুচকুত চকু থৈ
দুহাতত হাত থৈ
দুওঁঠত ওঁঠ থৈ
ভালপেৱাৰ প্ৰমাণ দিব লাগিব তেনে কোনো
কথা নাই .......
কিয়নো
তোমাৰ হৃদয়খন যে মোৰ হৃদয়েৰে জুমি থৈছো
কোন কাহানিবাই .....

-


4 FEB 2021 AT 22:14

মৰমৰ
প্ৰিয়জন .....❤
তুমিটো জানায়ে ফাগুন মোৰ কিমান প্ৰিয় ,অৱশ্যে তোমাত কৈ বেছি নহয় । কেতিয়াবা আকৌ আহিবাচোন পচোৱা জাকক লগত লৈ অ পাহৰিছিলোৱে লগত আকৌ তোমাৰ কদমফুলীয়া হাঁহিটো আনিবলৈ নাপাহৰিবা ।
তুমিটো জানায়ে সপোনৰ পিছত দৌৰি মই কিমান ভাল পাওঁ , যিয়েই নহওক সপোন আছে বাবেইটো মই জীয়াই আছো, নহলেটো
জীৱনটো শেষ বুলিয়ে ধৰিলো ।
তুমিটো জানায়ে বিশ্বাস নামৰ শব্দটোক নিৰ্ভৰ কৰিয়ে প্ৰেম নামৰ শব্দটোক আঁকোৱালি লৈছিলো ।
বাৰু বাকী বোৰ বাদ দিয়া তুমি ভালপোৱা সোণাৰু জোপাও হালধীয়া হৈ পৰিছে , তুমি ফাগুনতে আকৌ আহিবা বুলি আগ্ৰহেৰে সোণাৰুৱে দলিচা সাঁজি তোমালৈ পদূলিত বাটে চাই ৰম ❤😌
ইতি ,
তোমাৰ অভিমানী .......❤

-


Fetching Binita Devi Quotes