Bhayalina Saikia   (ভায়লীনা শইকীয়া)
268 Followers · 404 Following

ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে -হীৰু দা❣️
Joined 5 April 2019


ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে -হীৰু দা❣️
Joined 5 April 2019
23 MAR 2023 AT 14:34

MAY BE IT'S OUR LAST MEET- শেষৰবাৰ লগ পাওতে তেওঁ কোৱা কথাষাৰ
মই হাঁহি মাৰি উৰুৱাই দিছিলো......

সেইবাৰ তেওঁক লগ পাওতে তেওঁৰ বুকুত মোৰ মূৰটো থোৱা নহ'ল,
মোৰ হৃদয়ত তেওঁক আকৌ লগ পোৱাৰ হাৱিয়াস আছিল.....
সেইবাৰো তেওঁৰ হাতখন চুই চোৱা নহ'ল,
মোৰ মনত তেওঁৰ হাতত খামুচি জীৱনৰ বাট বুলাৰ হেপাঁহ আছিল.....
শেষৰবাৰ তেওঁৰ পৰা আঁতৰি আহোতে তেওঁৰ মুখখন ভালদৰে চোৱা নহ'ল,
তেওঁৰ চকুত চকু থৈ এটি কবিতা হোৱাৰ বাসনা আছিল....

কথাটো সঁচা হল, তেওঁক আৰু লগ পোৱা নহ'ল, লগ পালে তেওঁক কম বুলি ভাবি থকা কথাবোৰ আৰু কাহানিও কোৱা নহ'ল, বহু কথাই আমাৰ পতা নহ'ল, প্রত্যাশাৰ অধৰত ৰৈ যোৱা হেপাঁহবোৰ মোৰ এইটো জনমলৈ আধৰুৱা হ'ল.....।।

-


21 MAR 2023 AT 17:24

কেতিয়াবা এজন মানুহেই জীৱনটোত ইমান বেছি প্রয়োজনীয় হৈ পৰে যে তেওঁৰ অবিহনে গোটেই জীৱনটোয়ে শূণ্য হৈ পৰে......
আৰু এটা কথা সঁচা সেই এজন মানুহৰ অভাৱ, পৃথিৱীৰ সকলো মানুহ আহি কাষত ভিৰ কৰিলেও পূৰাব নোৱাৰে।।

-


23 OCT 2022 AT 17:58

আৰু এদিন....
আকাশৰ নীলাবোৰ আপোনাক
দিব নোৱাৰাৰ দুখত,
মই কজলা ডাৱৰবোৰ দুচকুত
সামৰি লম....
আপুনি নুসুধিব মোক
কি যাতনাত দহিছো মই এনেকৈ?
কিমান দুখৰ ভাৰে
গধুৰ কৰিছে মোৰ উশাহ?
ক'ব খুজিও ক'ব নোৱাৰিম মই
সেয়া ৰ'দ হেৰুৱাৰ শোক আছিল,
ৰ'দ পুৰি পুৰি এঙাৰ হ'ব নোখোজাৰ
কাতৰ উশাহ আছিল সেয়া....


--ভায়লীনা শইকীয়া

-


9 OCT 2022 AT 22:53

আহিনমহীয়া চেচা বতাহজাকত
ৰাতি এটা সেমেকি আছিল,
কজলা মেঘৰ ফাঁকে ফাঁকে
মলঙি থকা জোনটোলৈ চাই চাই
সেইদিনা,
আমি কথা পতাৰ কথা আছিল।
আপুনি গোটেই ৰাতি মোৰ বুকুত,
শেৱালী হৈ ফুলাৰ কথা আছিল।
নিয়ৰফুলা নিশাটোত কিবা এটা
ৰাগি আছিল জানেনে?
আপুনি যে মোৰ আশে-পাশে আছিল,
সেই অনুভৱ শৰৎতকৈও ধুনীয়া আছিল।

-


30 JUN 2022 AT 18:40

জীৱনটোত বহুত মানুহ দেখিছো....এদিন চিনাকীতে আপোন হৈ দুদিনতে পৰ হৈ যোৱা মানুহ চিনিছো....প্রতিশ্ৰুতিৰ দস্তাবেজ লিখি অৱহেলাৰ ঢৌত উটাই দিয়া মানুহো পাইছো....তথাপিও নাজানো কিয়?....বিশ্বাস নামৰ শব্দটোৱে বুকুত বাৰে বাৰে শিপাব খোজে। নতুন মুখাৰ আঁৰৰ পুৰণি মুখবোৰ চিনি পোৱাত প্রতিবাৰে ভুল কৰে হৃদয়ে।নাজানো জীৱন ক'ত থমকিবগৈ, সঁচা মানুহৰ সংখ্যা কিমান হ'বগৈ.... তথাপিও অমানুহৰ পৃথিৱীত মানুহ বিচাৰি যাম....

-


26 APR 2022 AT 0:01

পানীপীয়াজনীৰ মাতত ভাঙি থকা
ৰাতিটো সাৰে থাকে,
আশা আৰু প্রত্যাশাৰ পৰিধিত
উমলি থাকে নিদ্রাহীন এহালি চকু।
হতাশাৰ সীমনা ফালি কিমান দূৰলৈকেনো
উৰিব পাৰে ভঙা ডেউকাত সপোন?
মৌনতা ভালপোৱা মানুহবোৰে,
বুকুত হেনো এজাক ধুমুহা লৈ ফুৰে।
যেন হেঁচুকি দিলেই বৈ আহিব,
কোলাহলৰ নদী....
কিজানি টুকুৰিয়াই দিলেই সৰি পৰিব
নিৰৱতাবোৰ....

-


3 APR 2022 AT 16:15

অাপোনাক লগ পোৱাৰ দিনা
ফাগুণৰ শেষ দিন হ'ব....
সেইদিনা,
সৰাপাতৰ খমখমনিত জীপাল হৈ থাকিব
নৈপাৰৰ হেঙুল আবেলিটো।
গোবাটত ধূলি হৈ উৰা ফাগুনে সেইদিনা
আকাশত আবিৰ হৈ খেলিব,
সৰুদৈচিলাৰ লাহৰী খোপাত
পলাশে গুজি দিব ভালপোৱাৰ ৰঙা এছাটি বা।
মই কবিতা লিখিব নাজানো
কিন্তু ক'ব পাৰো,
আপোনাক লগ পাওতে সৌ পাহাৰীয়া চিফুঙৰ ৰাগি
এটি মোৰ বুকুত বাজি থাকে,
আপোনাৰ কথাবোৰ লাগি থাকে, ওঠৰ ফাকেৰে
অনায়াসে বৈ অহা মোৰ হাঁহি এটিত।
আপোনাৰ সান্নিধ্যত মোৰ বুকুৰ বকিয়াত ফুলি উঠে
ফাগুনৰ ৰঙাবোৰ।
আপুনিতো নাজানে....
আপোনাৰ উপস্থিতিত ৰান্ধনী বেলিৰ ৰঙত ডুব যোৱা
মোৰ বুকুৰ ধপধপনিবোৰৰ কথা,
ব'হাগ ব'হাগ গোন্ধ এটাৰ দৰেই আপোনাক
মোৰ উশাহত বান্ধি লোৱাৰ কথা.....
~ ভায়লীনা শইকীয়া

-


24 MAR 2022 AT 1:32

ভাল লগাবোৰ এনেকৈয়ে আহে অজানিতে,
নদীৰ সোঁতে বাট সলোৱাৰ দৰেই,
ঠিকনা সলাবলৈকে
বুকুত ঘৰ সাজে হেঁপাহে.....
প্রত্যাশাৰ অধৰত ৰৈ যোৱা কথাবোৰে,
মাথো হুমুনিয়াহ কাঢ়ে
উজাগৰী ৰাতিবোৰে চকুপানীত গল্প সিচে।

ফেৰেঙণিত লাগি ধৰা চৰাইৰ ঠেংৰ দৰেই
বুকুৰ এচুকত লাগি ধৰে উশাহ,
মুক্তিৰ আঁপাহত ছটফটাই উঠে
ৰাগি লগা জীৱন.....
পুৱাও পুৱাও কৈ থকা হেমাহি ৰাতিটোক
হেনো এটা বেলি লাগে......
সঁচাকৈয়ে,
চকুৰ কোণত থূপ খোৱা নিয়ৰবোৰক,
এজাক ৰ'দ লাগে....


-


22 MAR 2022 AT 21:42

it's often hard to
believe
how dreams break,
habits change,

And you accept the new
you
All of a sudden

But strangely
Your taste remains the
Same!!

-Bhayolina Saikia

-


19 FEB 2022 AT 20:37

তোমাৰ চহৰৰ আকাশত বেলিয়ে হেঙুলীয়া সিচিছিল,
সেওঁতা ফালি নামি আহিছিল ফাগুন।

বতাহে দুবাহুত মোৰ চিঠি লৈ ফুৰিছিল,
মই যে ফাগুন বাউলী, গোটেই চহৰ বিয়পিছিল।

ষ্ট'পেজে ষ্ট'পেজে ফাগুনক লৈ চর্চা চলিছিল,
হেৰুৱা ঠিকনা এটা লৈ ফাগুন হেনো সেইদিনা
বহু ৰাতিলৈকে উৰিছিল.....

-


Fetching Bhayalina Saikia Quotes