অক্সিজেন বিহীন হৃদয়ৰ দেশত :
কপালৰ ঘামত সেমেকা অতীত,
অস্তগামী সুৰুজৰ পোহৰত হেঙুলীয়া সময়!
সৌ সেইদিনাৰ সন্ধিয়া বোৰত তোমাৰ তপ্ত চুমা বোৰৰ মাজত হেৰাই পেলাইছিলো
মই মোৰ হৃদয়ৰ আচুতীয়া একোন!
আজি হয়তো মই আৰু মই হয় থকা নাই
নিজৰ দুচকুতে সৰ্বস্ব হেৰুৱা নিৰ্লজ মানৱ শৱদেহ মই!
মোৰ বাবে তুমি জ্যোতিৰ্ময় হেৰোৱা অতীত,
হয়তো তোমাৰ বাবে মই কুঁৱলীয়ে আৱৰা এন্ধাৰ নষ্টালজিয়া!
তোমাৰ এটা হাঁহি মোৰ হৃদয় দেশৰ অক্সিজেন,
আজি তুমি নাই মোৰ দেশত,
দিন, মাহ ,বছৰৰ পৰিধি নেওঁচা অক্সিজেন বিহীন এখন দেশৰ মই বিগলিত মৃতদেহ!-
অৱধাৰিত! তোমাৰ সান্নিধ্য মোৰ বাবে অৱধাৰিত,
কুৰুকি কুৰুকি হৃদয়ৰ গভীৰ একান্ত লৈ তুমি কৰা যাত্ৰা অৱধাৰিত,
সজ্বোৰে নহ'বা বুলি ক'লেও তুমি মই যে আমি হ'ম, সেইকথা অৱধাৰিত।-
প্ৰেমৰ দিৱসৰ চিঠি:
প্ৰেমৰ দিৱসত এখন চিঠি লিখিম,
চিঠিত তোমাক প্ৰেমৰ সংজ্ঞা সুধি আমনি কৰিম;
তোমাক ভাল পোৱাটো মোৰ হৃদয়ৰ ভিতৰৰ ঘৰটোৰ গাঠনি টনকিয়াল কৰিবলৈ দৰকাৰ নে সমনীয়াৰ চকুত ঈৰ্ষাৰ বীজ সিচিবলৈ দৰকাৰ তোমালৈ চিঠিত লিখিম,
চিঠিত প্ৰতিশ্ৰুতি নাথাকে প্ৰস্তাৱ থাকিব,
হৃদয় সদনত গৃহীত হ'লেই লৈ পেলাম আমি জীৱন মুখী প্ৰেমৰ প্ৰস্তাৱ,
এখন চিঠি লিখিম প্ৰেমৰ দিৱসত; য'ত লিখা নাথাকিব, ''i will die without your love''-
পৰাজিত হৈ ভাঙি নপৰা অসম্ভৱ, কিন্তু পুনৰ থিয় দিব নোৱাৰাতো মৃত্যু।
-
শৰীৰৰ আউল লাগিলেও ভাগৰি নপৰা তুমি
বিৰামহীনতাৰ পৃথিৱীত তুমিও বৈ আছা অবিৰাম;
অবিৰাম বৈ থকা তুমি নাৰী, তুমি নদী, কংক্ৰিটৰ কোলাহলৰ ভিতৰতে তুমি সেউজীয়া বনানী!-
প্ৰাণোচ্ছল এটি সন্ধিয়া তোমাৰ সৈতে মই পাৰ কৰিম কিছু অভিজাত সময়,
হাৱাই চেণ্ডেল চোঁচৰাই ফুৰা মই টোৱে সেইদিনা ষ্টাৰবাকছ নহ'লেও কাফে-কফি-ডে'ৰ বিলাসী কফিৰ ধোৱাৰ সৈতে উমাল সন্ধিয়াৰ উমান ল'ম,
নিয়ন লাইটৰ পোহৰত কিছুদেৰি তোমাৰ পথে খোজ ল'ম ...
তোমাৰ শৰীৰ কঁপাই নিয়া শীতলতাৰ বিপৰীতে মোৰ চামৰাৰ জেকেটেৰে তোমাৰ অনাবৃত শৰীৰ ঢাকি চেলুলয়ডৰ নায়কৰ অনুভূতি ল'ম মই।
ত্ৰিপল ফাইভ চিগাৰেট জ্বলাই নায্যতা দিম মোৰ শৰীৰৰ তাগিদাক, এবাৰ মাথোঁ সন্ধিয়াটোক মোৰ নামৰ ঠিকনা দেখুওৱাৰ বিনিময়ত তোমাক সেইদিনা মই এখন শুকান হৃদয়ত সেউজীয়া সিচিবলৈ শিকাম।
-
১১ ডিচেম্বৰ,২০১৯ সমগ্ৰ অসমীয়া জাতিয়ে সেইদিনা এখন যুদ্ধত পৰাজিত হোৱাৰ বেদনা লাভ কৰিছিল। বাহিৰৰ উগ্ৰ আন্দোলনৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সেইদিনা বেলেগ এটা পৰিৱেশৰ সৃষ্টি হৈছিল, আমাৰ অশান্ত হৈ পৰা মনবোৰ লৈ বিশ্ববিদ্যালয়ৰ ভিতৰত সকলো একত্ৰিত হৈ সেইদিনা জ'চাগ তিনি আলিত দুপৰ নিশা ঠেটুৱে ধৰা জাৰত একেলগে বহি আমি আলোচনা কৰিছিলোঁ আমি কি কৰিব পাৰো?জাতিটোক আমি কেনেদৰে উদ্ধাৰ কৰিম?আলোচিত হৈছিল ৰাজনৈতিক আন্দোলনৰ কথা,আলোচিত হৈছিল Inner line permit ৰ কথা, বিধান সভাৰ আসন সংৰক্ষণৰ কথা।হঠাতে বিশ্ববিদ্যালয়ৰ তেতিয়াৰ গৱেষক ছাত্ৰ তথা একালৰ সাধাৰণ সম্পাদক মানসদাই কিছু কথা কৈছিল,''বহু জাতি ইতিহাসৰ বুকুত হেৰাই গৈছে, বহু শক্তিশালী জাতি অতীত হৈছে , অসমীয়া জাতিয়ে যদি আজি এই সময়বোৰৰ সন্মুখীন হৈছে তাত আমাৰ ভুল নাই, ভুল আগৰ প্ৰজন্মৰ আৰু যদি এতিয়া আমি ভুল কৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মই তাৰ ফল ভোগ কৰিব, মোৰ বোধেৰে এতিয়া অসমীয়া জাতিয়ে এটা খোজ দিওঁতে, এবাৰ ক'ৰবাত উঠা বহা কৰোঁতেও সেই কথা মনত ৰাখি চলিব লাগিব, আমি অধ্যয়নৰ আন্দোলন কৰিব লাগিব , এচাম প্ৰশাসনিক বিষয়াৰ সৃষ্টি কৰিব পাৰিব লাগিব, এটা শিক্ষিত জাতীয় সত্বাৰ সৃষ্টি কৰিব পাৰিব লাগিব, আজি আমাৰ জাতিৰ দুখৰ দিন নহয় নতুনকৈ জন্মগ্ৰহণ কৰাৰ দিন"যোৱাকালিৰ ঘটনাৰ পিছত আজি পুৱাৰে পৰা মনত বাজি আছে , আমি এচাম প্ৰশাসনিক বিষয়াৰ সৃষ্টি কৰিব পাৰিব লাগিব।
-
সপোনবোৰ গাঁৱতে ৰচিব পৰা হ'লে..
কাহিলী পুৱাই পথাৰলৈ সপোন খেদিব গ'লটো হেঁতেন,
ৰঙা বেলিয়ে ডেই পুৰি নিয়া শৰীৰটোৰ যাতনা নুবুজোতেই মানুহ জনীয়ে লৈ যোৱা এবাটি পানীয়ে জুৰ কৰিলে হেঁতেন মন;
পথাৰৰ পৰা ঘৰলৈ পাকটো মাৰি দুপৰীয়াৰ সাজত তেওঁ দিয়া কচু ঢেকীয়াতেই পেটৰ জুইয়ে তাপ মাৰিলে হেঁতেন।
ৰবিবাৰে চহৰৰ বজাৰৰ পৰা তেওঁলৈ অনা ৰঙাফোট এপেকটতে তেওঁৰ মোৰ বুকুত পৃথিৱী সাজিলে হেঁতেন,
সপোন বোৰ গাঁৱতে ৰচিব পৰা হেঁতেন....-
নিসংগ আবেগৰ ভৰত কুঁজা হোৱা মোৰ সময়ত
নিজেই বন্দী কৰিছোঁ নিজক;
সত্বাৰ অপমৃত্যুত বিগলিত মনৰ জীৱন্ত শৱদেহ মই....-
ত্ৰস্তমান সময়ত তেওঁৰ দুচকুৰ গভীৰতাই দৃঢ়তাৰ আহ্বান জনায়,
ডুবো ডুবো বেলিৰ সৈতে আন্ধাৰ হ'ব খোজা মনটোক তেওঁ জোন হৈ পোহৰৰ স্বপ্ন দেখায় ;
তেওঁ আছে বাবেই মই আছোঁ বুলি কোনো কথা নাই কিন্তু, তেওঁহীনতাৰ সময় বোৰে হদয় খহায়।-