ফাগুনৰ কবিতা
লঠঙা,
শুকান,
ধূলিময় !
কথাবোৰো বেলেগ নহয়;
শুকাই যোৱা বতাহত
এবাৰ সলনি হোৱা কথাটো আকৌ সলনি হয় !
বাৰে বাৰে প্ৰেম হয়,
থৰ লগা চৌপাশতো
হিয়া প্ৰতাৰিত নহয় !
অপেক্ষাটি বছৰেকীয়া,
গোলাপৰ হেঁচাত তথাপিও মদাৰ মৰহি নাযায়।-
▪️From Guwahati
▪️Assam Jatiya Bidyalay --- Jorhat Engineering Col... read more
ছবি!?
পাখি চিঙা পক্ষীজাক,
পাহি সৰা ফুলবোৰেৰে
সেইক্ষণৰ চৌপাশ !
তেজ গোটমৰা চেঁচা আঙুলিত
ৰৈ গ'ল এপাচি কথাৰ কাহিনী।
ৰৈ গ'ল উশাহে বাগৰ সলোৱা ক্ষণ।
ছবি হ'ল,
এজনৰ উশাহত তিনিজনৰ জীৱন !
পৰি ৰ'ল উশাহে অঁকা,
আকাশ ক'লা-বগা হোৱা এইখন অদৃশ্য ছবি ।-
: যাৰ মায়া সহজে এৰিব নোৱাৰি
তাক কি বুলি কয় জানানে ?
: হম্ জানো, "জেইচি" !!-
: কথাখিনি শুনিবলৈ সময় আছে নে হাতত?
: বতাহ এতিয়া সজীৱ নহয়
নতুন কাহিনীৰ খবৰ ল'বলৈ !!-
: আকাশখন সদায় গোমোঠা মাৰি থাকে যে !!
: সাঁচতীয়া ৰঙাখিনি আকৌ এবাৰ
মোকলাই দিয়াৰ সাহস নাই আৰু ।
-
ধূলিবোৰ কেনেকৈ মোহাৰে,
ধূলিবোৰক কেনেকৈ সজায়?"
ধূলিয়ে কৈছিল,
"আজিকালি অতীতৰ ৰং
বৰ্তমানতকৈও ৰঙীন !"
ধূলিয়ে ধূসৰ নকৰে,
ধূলিয়ে সোঁৱৰাই,
"অতীতবোৰ কিমান গভীৰলৈ নিজৰ আছিল !!"-
কোন বেয়া কোন ভাল;
নজনালৈকে সকলো ৰং ঠিকেই আছিল।
সম্প্ৰতি, ৰংবোৰ চিনিবলৈও বৰ টান !!-
ৰাতিবোৰ তেওঁ সামৰিলে,
উশাহৰ ঘনিষ্ঠতা বাঢ়ে ।
কিয়বা,
আৱেগবোৰ ৰঙা হ'লেও গহীন !
যিমান ঘঁহিলেও চিকমিকাই নুঠে ।-
বুকুখন সেউজীয়া যেন দেখিলৈই
কিয় ভাবি লোৱা অভীষ্ট বুলি !
ওলোটা দিশে ৰ'লেই শুনিবা,
সেউজ যেন লগা বুকুত
শেলুৱৈ ধৰা শব্দৰ গান ।-
সোণালী ৰ'দ আৰু
ৰ'দে খেদা চিলাৰ কবিতা ।
কবিতাত এতিয়া নেদেখা ৰং,
নুশুনা কথা,
আৰু নুবুজা সুখ ;
সঁচাকৈয়ে,
আকাশ ইমান অভিমানী !-