আজিৰ এই বিশেষ দিনটোত সেইজন ব্যক্তিৰ জন্ম হৈছিল যিজনে সকলোকে নিজৰ ব্যক্তিত্বৰ জৰিয়তে আনন্দ, মৰম, সহানুভূতি, সুস্থ চিন্তা আৰু জীৱনৰ ৰং বিয়পায় । সেই বিশেষ ব্যক্তি জনেই হৈছে মোৰ অতিকৈ আপোন বন্ধু তুমি । মোৰ তথা আমাৰ পৰিয়ালৰ তৰফৰ পৰা তোমালৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আল্লাহৰ ওচৰত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো লগতে আমাৰ বন্ধুত্বৰ এনাজৰীডাল এনেদৰে শক্তিশালী হৈ থাকক, তোমাৰ সপোনবোৰ পূৰণ হওক তাৰে কামনা কৰি তোমাৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বিগত দিনৰ আগন্তুক দিন বোৰতো হাঁহি থাকা। Wishes you to many many birthday Ainul 🌼🎂🎂
তোমাৰ বন্ধু
নাজিমুদ্দিন আহমেদ
-
তোমাৰ অলক্ষিতে লিখো হাজাৰ কবিতা
আলফুলে ৰছো সপোনৰ কাৰেংঘৰ
তাতে তুমি শোবা
আলফুলে কৰিবা মৰম
সিচি দিবা যৌৱনৰ কোবাল বতাহ
জীৱন জোনাক তোমাৰ হাহিঁত
ফুলি উঠে তোমাৰ ওঠত
মৌন হৃদয়ৰ কোঠালিত
তোমাৰ তপচ্চাত মগ্ন,
সজতনে বিচাৰিছো তোমাৰ সানিধ্য,
দিন কি ৰাতি...!!!-
আঘোনৰ প্ৰথমজাক বৰষুণ
মোৰ বাবে বৰ ৰোমাঞ্চক
টুপাল টুপাল পানীবোৰে যেতিয়া গালত চুমা আকে !!
মই তেতিয়াই মতলীয়া হওঁ
কাৰণ...
শৰৎ তোমাৰ প্ৰিয় !
তুমি তল সৰা শেৱালী বৰ ভালপোৱা ন ?
তোমাৰ নিমন্ত্ৰণীত বুতলিবলৈ যাম
শুভ্ৰ শেৱালী,
আস্.....!!
নিয়ৰৰ চেচা পানীৰ পৰসত
তোমাৰ-মোৰ হৃদয়ত পৰস পাব
ভালপোৱাৰ সুবাস ||
-
মই কলো;
তোমাৰ গোলপীয়া দূগালত প্ৰেমগুটি উঠিছে, কি মলম সানিছা..!!
তুমি কলা,
তোমাৰ প্ৰেমৰ মৰম সানিছো...
মই কলো :
তুমি কথাবোৰ আওপকীয়াকৈ কিয় কোৱা !!
তুমি ক'লা :
ওঠৰ ভাষা বুজিব নালাগে
মনৰ ভাষা বুজা....
মই কলো :
তোমাৰ সকলো কথা একো একোটা প্ৰশ্নবোধক !!
তুমি কলা :
মোৰ সকলো প্ৰশ্নৰ উওৰ তুমি....-
তুমি জানানে...!!!
কেতিয়াবা কোনো কবিৰ জন্ম হৈ যায়, যেতিয়া তোমাৰ কথা সোৱৰে..
মোৰ হৃদয়ৰ দুৱাৰত টুকুৰিয়াই চোৱাচোন, তুমি নামৰ গানৰ গুঞ্জন শুনিবলৈ পাবা...
তুমি জানানে....!!!
তোমাৰ প্ৰতিটো শব্দৰ পোহৰত
হৃদয়ত ফুলি উঠে তগৰ, চম্পা আৰু হাস্নাহানা
সপোন নে দিঠক কি মই নাজানে,
দেখিছো কিছু নীলা সপোন....-
উশাহবোৰ শীতল হয়, তোমাৰ শব্দৰ জোৱাৰত,
নিৰব শ্ৰোতাহৈ শুনি যাওঁ, তোমাৰ ডায়েৰিৰ শিৰোনামা...
চতুৰালিৰ মাস্তৰণী তোমাৰ প্ৰতিটো বাতৰি নিভাজ মৰমবোৰ তাতে লুকুৱাই আছে...
-
~কৱিৰ পথিক~
অচিনাকী পখী তুমি, চিনাকী যে মাত তোমাৰ | নিমিষতে আতৰি গ'ল, ঘন্টাৰ কোৱাল সোতত,
দিন কি ৰাতি, চকুৰ আস্ফালনত ভাহে তোমাৰ তৰংগ...
ভৱাটো নাছিলো, দখল কৰিলা যে মনৰ শিৰোনামা...!!!-
দাদা, আজি আপোনাৰ পবিত্ৰ জন্ম দিন | এই শুভ ক্ষণত আপোনালৈ পবিত্ৰ জন্ম দিনৰ বহু বহু শুভ কামনা জ্ঞাপন কৰিলো | আপোনাৰ মনৰ আশাবোৰ আপুনি বিচৰা ধৰণে পূৰণ হওঁক |আপোনাৰ সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত দোৱা ও প্ৰাৰ্থনা কৰিলো |
Wish you many many happy Bornday Dada. May almighty God bless you with a good health.
জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালো🎂🎉 ভগৱানে আপোনাৰ সকলো সপোন সাৰ্থক কৰাৰ লগতে জীৱনলৈ কঢ়িয়াই আনক প্ৰজ্বলিত জোনাকৰ অনাবিল সুখ আৰু আনন্দ।🎂🎉🎂🎉🎂🎂🎂🎂🎂🎂🎂
-আজাহাৰুদ্দিন আহমেদ
সাতগাওঁ(শুক্তাগুৰি)-
In every year thousands of birds are demolished due to firecracker. The maximum causes of bird injuries during Diwali and it has been aggrovating with every year. Birds are sensitive to sound,loud and sudden noises. The loud exploitations can make them so disorinted that they cannot find their way to back home. Therefore many animals are leave their home and get shocked due to bountiful of firecrackers. So, I requested to all my friends #Save our birds, #save our nature #and #save our animal.
Azaharuddin Ahmed.-
মোৰ প্ৰিয় সন্মানীত দাদা,
অজ্ঞানতাৰ বিপক্ষে জ্ঞানৰ, অশুভ শক্তিৰ বিপক্ষে শুভ শক্তিৰ আৰু আন্ধাৰৰ বিপক্ষে পোহৰৰ জয়ৰ বাৰ্তা কঢ়িয়াই অনা দেৱালী অথবা দীপাৱলী আটাইতকৈ বেছি জনপ্ৰিয় উৎসৱ।
দীপাৱলী পোহৰৰ উৎসৱ, এই উৎসৱৰ জৰিয়তে মানৱতা,নৈতিকতা আৰু প্ৰমূল্যবোধ আমাৰ সমাজত বিয়পি পৰক।
এই দিপাৱলীত মোৰ কামনা এইয়ে যে, প্ৰত্যেকটো কাৰ্য্যতে যেন আপুনি লাভ কৰা সফলতা, সুখ আপোনাৰ চাৰিওফালে বিয়পি পৰে আৰু মা' লম্ক্ষীৰ কৃপাই আপোনাৰ জীৱন সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কৰক। তাৰে কামনাৰে আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ পোহৰৰ উৎসৱ দীপাৱলীৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলো।
- আজাহাৰুদ্দিন আহমেদ।
সাতগাওঁ(শুক্তাগুৰি)-