নিখুঁত মৰমৰ বীজ বোৰত ডুব গৈ
আচহুৱা সুৰুঙাৰে খামুচি স্পৰ্শ কৰিম
লহপহীয়া পাত কিম্বা কাঁইটৰ ফাঁকেৰে উকমুকাই থকা
ঠিক ডগমগ বেলিটোৰ দৰে
নোৱাৰোঁ চাবলৈ পিৰালিৰ কাষৰে তুলসী জোপাৰ উদাসীনতা
অলস ৰৌদ্ৰজ্জ্বল পুৱা
এবাৰ কোৱা প্ৰেম নে প্ৰেৰণাৰ শব্দৰ মূৰ্চ্ছণা
আমোল মোলোৱা জ্যোৎস্না নিশাৰ সজীৱ ফুলৰ সুগন্ধিৰ দৰে
তুমি যে প্ৰতিটো মূহুৰ্তত দুচকুৰ চিনাকি আলহী
সীমাহীন আন্তৰিকতাৰ দীঘল উকিত
আৱেগৰ ধল উশাহৰ বাটেৰে ভুমুকিয়াই যায়
পুৰণিকলীয়া জংকী পানৈৰ যেন
প্ৰেমৰ উন্মেষ সুঁতি ...।
-
🍂হাঁহিবলৈ মাথো এটা অজুহাত লাগে……
বিষাদৰ পাৰ ভাঙি
মৌন ওঁঠ যোৰায়ো খিলখিলাই উঠে,
ঠিক খৰাংত লঠঙা আজাৰ জোপা
বৰ্ষাৰ পৰশ পাই,পাহি মেলাৰ দৰে……🌸🌸🌸-
আকাশৰ নীলাবোৰ বুজিবলৈ লোৱাৰপৰাই
তোমাৰ প্ৰেমত পৰিব আৰম্ভ কৰিলো………😍
সাগৰৰ গভীৰতা জুখিবলৈ লোৱাৰপৰাই
তোমাৰ হাঁহিত বলিয়া হ'লো……🥰
নীলাবোৰ সাঁচি ৰাখিব নোৱাৰি যদিও হাঁহিটি
ধৰি ৰাখিব বিচাৰিছো
সূৰুজৰ ৰঙা আভাৰে বিকশিত হ'ৱ
পৰাকৈ……… 🌝-
অসীম নীলাৰ মাজত নিস্তব্ধতা আৰু কাষত থিয় দি আছে বাৰিষা ৰাতিৰ জোনাক। ধুমুহাত বিধস্ত এটা ৰাতি আৰু তাৰ ভয়ংকৰ আৰ্তনাদ । অকলে অকলে হেৰাই যাও ধুমুহাৰ ছায়াত । ডুবিব ধৰা বেলিটোক ধৰি ৰখাৰ মিছা প্ৰয়াস ! নিজক চাওঁ বুলি খেপিয়াওঁতে এন্ধাৰ হ'ল ।।
-
তোমাৰ আকাশৰঙী টি-চার্টটোৰ বুতাম হ'ৱ খোজো....🥀
এপিয়লা প্ৰেমৰ ৰাগীত
শব্দৰে মৰমৰ মালা গাঠিব খোজো....🥀
………………………:)…………………………
কিন্তু,
………………………:(…………………………
অশান্ত বিবেকেৰে উজাগৰি নিশা
মাতাল হৈ কটাব নোখোজো....💔-
🌥️শুকুলা ডাৱৰৰ কণিকাবোৰে
মিচিকি হাঁহিটিৰে লুকা-ভাকু খেলিছে
ৰামধেনুৰ সেন্দুৰীয়া ৰহনেৰে🌈
গোপনে বাট চাই ৰৈছে
তাইৰ ভৰ যৌৱনে…🥀
সপোনবোৰ গুপুতে ৰাখিছে
তাইৰ আলফুলিয়া হৃদয়ে…🌹
অপেক্ষাৰতঃ তাই🙇♀️
উটি ভাঁহি ফুৰিব মৰমৰ ঢৌত😍
বাৰে বাৰে আহি মৰম যাচিব অচিনাকি জনে…
দিনবোৰ বাগৰাৰ লগে লগে অচিনাকি জন
চিনাকি হৈ পৰিব….❤️
ৰচিব নানান ৰঙীন সপোন
ক্ৰমোন্নতাত সপোনৰ দিনবোৰ গঢ় লৈ উঠিব🤞
ৰঙীন সপোনবোৰ বৰন সানিব
এক নতুন জীৱনে প্ৰাণ পাব……💝❣️
°°@$hu°°-
আপুনি…
আপুনি মোৰ সেউজীয়া হৃদয়ৰ
ক্ৰমান্নোতাৰ বিশেষ,
মই…
মই আকাশ লঙ্ঘী ডাৱৰৰ খুন্দিত
বৰষুণৰ নি:শেষ।-
ধূলিয়ঁৰি আকাশ
পচোঁৱাৰ লয়লাস,
অৰ্ধশায়িত সুৰুজ
বিদীৰ্ণ প্ৰকৃতি,
উদাসীন মন
তৃষ্ণাতুৰ ধৰা ৷
সেয়া চোৱা
ফাগুণ আহিছে…
-
চাল্লা……বেইমানী প্ৰেমিক
তোৰ ব্যক্তিত্বৰ প্ৰেমত পৰা
মাতাল প্ৰেমৰ নায়িকা মই।।।
মোৰ সূলভ মূল্যৰ হৃদয়খনক
বেচি চাবি নিকি তোৰ প্ৰেমৰ পঁজা?
তুলা চালনীত জুখি চাম
কাৰ প্ৰেমৰ কিমান ওজাস্বিতা।।।
তোৰ প্ৰেমৰ ভৰত
আজিও ডুবিব মোৰ
হৃদয়ৰ এটা পাল্লা।
আই শপত,
যদি তোৰ প্ৰেমৰ বিনিমই কৰ'
তোৰ শূণ্যতাৰ লগত বিনিমই কৰিম
মোৰ সমগ্ৰতা।।।-
আকাশৰ নীলিম উদাৰতাত,
শৰৎ নামে সংগোপনে,
এটি মিচিকি আনন্দিত বদনে।
✍️Ashomi-