" ভালপাওঁ " বুলি নকলেওঁ হ'ব...
তোমাৰ দুচকুত প্ৰতিফলন হোৱা আৱেগৰ গভীৰতাতে উমান কৰিব পাৰিম
তোমাৰ ভালপোৱাৰ ঠিকনা....
-
From sonari ,assam
B.A 1st sem
DCBgirls ... read more
কাৰোবাৰ সান্নিধ্যতাই সৃষ্টি কৰা চঞ্চলতাক জানো বিপ্ৰিয় কৰিব পাৰি?
-
তোমাক জীৱনৰ অৰ্থ কৰি লোৱাৰ পূৰ্বে
মোৰ নিজৰ জীৱনৰ ৰহস্য বিচৰা মন...
তোমাৰ হাঁহিত মুগ্ধ হোৱাৰ পূৰ্বে
নিজৰ সান্নিধ্যত প্ৰাণখুলি হাঁহিবৰ মন...
-
এবছৰ নে তিনি-চাৰি বছৰ ... নাজানো content list ত এনেই পৰি থকা number বোৰৰ কিমান বছৰ হ'ল....হয়তো এবাৰলৈ খবৰ লবলৈও কাৰো আহৰি নাই... জানো সকলো ব্যস্ত মোৰ দৰেই নিজৰ নিজৰ destiny ৰ সন্ধানত.. কিন্ত মন যায় কেতিয়াবা আকৌ লগ পাবলৈ...বছৰ গৰকি অহা মুহূৰ্তবোৰ আকৌ এবাৰ জী চাবলৈ...200, 300 টা contact numbers থকাৰ অন্তটো কেতিয়াবা নিসংগ অনুভৱ কৰোঁ হয়তো সকলোৱে কৰে...msg টো type কৰিও যেন হাতখন থমকি ৰয় "তাই/সি বা কি ভাবে??" মাথোঁ এটি প্ৰশ্নৰ অন্তত... অনেক চিনাকি মানুহৰ মাজতো যেন হঠাৎ অচিনাকী অনুভৱ কৰোঁ...নাজানোঁ তহঁতি কি ভাব 'মই সলনি হৈছোঁ নে আগৰ দৰেই আছোঁ' আনকি মোৰ কথা কোনোবাদিন ভাব নে নাভাব সেয়াও নাজানোঁ.. কিন্ত বিশ্বাস কৰ তহঁতি সকলো মোৰ অকল contact list ৰে নহয় জীৱন দস্তাবেজৰ নিগাজি নাম...
-
নিশাবোৰ আৰু গভীৰ হোৱক..
কোনোদিন পোৱাৰ বাতৰি ননাকৈ...
মইও স্বপ্নৰ বঠা এৰি ক্লান্ত হৈ ৰ'ম...
নিজৰ বাস্তৱতাত নিজে বুৰ যোৱাকৈ...
-
He look more beautiful with the pink t shirt which he wore on the day when I first saw him...
He might shy , he might quite , he might arrogant , he might introvert ...dammam I have so many imagination about you... even you don't have that much photo of yours in your gallery which ammount of photo I have in mine gallery...
I don't even want to share my feelings but I want you to share...
Okay I know what I am saying is quite weird but yahh my feelings are never weird...
___ arpita kaushik-
As you stated to grown up
You stated to begin you
You stated to lose people you love
You stated to feel lonely
You stated to messed up your life
Socialization becomes a Trapp for you
Most of your friends becomes your enemy
Headphone becomes your best-friend
But at the end you have to realised that this is your life..you can live it with your terms and conditions... You have to love yourself because you are the best.. and remember at the end you need yourself...
___ Arpita Kaushik
-
তাইৰ অনুৰাগক সি কোনোদিন অনুভৱ কৰা নাছিল..
আৰু তাই প্ৰেমৰ জটিলতাৰে তাইৰ নিঃস্বাৰ্থ আৱেগক বান্ধিব বিচৰা নাছিল...-
" সম্পৰ্কৰ অবিহনে জানো দুই হৃদয়ৰ অনুৰণ মাপিপ পাৰি?
" সম্পৰ্কৰ জটিলতাৰবোৰৰ অৰ্থই জানো প্ৰেম?"
" তোমাৰ হৃদয়েৰে নিৰূপন কৰি পাইছানেকি প্ৰেমৰ সংজ্ঞা ? "
" হমম পাইছোঁ...মগজুৰ অনেক প্ৰশ্নৰ অন্তত হৃদয়ে বুজাইছিল,' পোৱা নোপোৱাৰ দোমোজাটো উজাগৰী নিশাবোৰৰ কল্পনাৰ মাজত তেওঁৰ নামৰ প্ৰতি বাঢ়ি উঠা আসক্তি বোৰেই যে প্ৰেম'...!!"-
অস্তবেলিৰ অনুৰাগৰ দৰে
সিও প্ৰতিটো আবেলিৰ মায়া হৈ পৰিছিল মোৰ জীৱনৰ..
এক যেন অজান প্রশান্তিৰ বন্যাই পূৰ্ণ কৰি তুলিছিল কাৰোবাৰ অপেক্ষাৰ নির্জনতাবোৰ..!!
তাৰ উপস্থিতিত মোৰ অস্থিৰ দুচকুৰ চঞ্চলতাবোৰেযেন অচল কৰি তুলিছিল মোৰ
দেহ -মানসিক প্ৰক্ৰিয়া...
সি এক অভ্যাস হৈ পৰিছিল সঁহাৰিহীন হৃদয়ৰ অন্তহীন ভালপোৱাৰ ....
-