Arju Ahmed   (Arju Ahmed)
6 Followers · 15 Following

Joined 12 May 2019


Joined 12 May 2019
28 APR 2021 AT 21:54

মই বাবেই জানো
তোমাক ভাবিয়েই কান্দো

নুবুজিবা তুমি
মোৰ শব্দৰ গাঁথনি

মৌনতা অৱলম্বন কৰি
নিজকে ধিয়াই
শুনিবা মোৰ উচুপনি,

উপলব্ধি কৰিবা ভালপোৱা
মোৰ বুকুত উম লৈ
বিচাৰিবা শান্তিৰ হুমুনিয়াহ ।

আৰ্জু আহমেদ

-


6 APR 2021 AT 10:57

নিৰিবিলি সময়ত মৌন হৈ
নিজকে ধিয়াই
হাঁহি এটি আঁকি যাওঁ আগুৱাই....,

দুচকু জপাই
একান্ত হৈ
আঁকিবলৈ ল‌ওঁ

নাই একো লক্ষ্য
উকা পাতত তাইৰ ছবি কিয়!
এয়াই নেকি নিৰৱধি ভাল পোৱা !

-


24 MAR 2021 AT 20:28

পৃষ্ঠাত তোমাৰ মোৰ অস্বিত্ব

কবিতাই লিখিছে তোৰ মোৰ কাহিনী
কবিতাই গঢ়িলে অনুভৱৰ পৃথিৱী
তুমি মই গ'ম নোপোৱাকৈয়ে
মোৰ হৃদয়ত প্ৰেমৰ সন্ধান কৰিলা।
মোৰ হাঁহিৰ আঁৰত সদায়
তুমিয়েই লুকাই থকা-থাকিবা ।
বৰষুণ হৈ তুমি মোৰ শুকান ভূমি জীপাল তুলিলা
সোন তুমি-মই নাথাকিলেও
আমাৰ প্ৰেমৰ মৃত্যু নহয়!
মোৰ উশাহ মোৰ লগতে থাকিবা।
সময়ে কি কয় নাজানো কিন্তু !
তুমি মোৰ অন্তৰত সদায় থাকিবা
ভালপোৱাৰ সুগন্ধি হৈ ।।

✍️গোপন পক্ষী

-


23 MAR 2021 AT 12:01

তুমি আনৰ হৈ চোৱা চোন
মই তোমাৰ হৈ থাকিম

তুমি এৰি যোৱাৰ কথা কোৱা চোন
মই বান্ধি ৰাখিম

তুমি ভাল নাপাওঁ বুলি কোৱা চোন !
মই ভালপোৱাৰ কাৰণ বিচাৰিম

তুমি মোৰ ভবিষ্যত নহয় বুলি কোৱা চোন
তথাপিও নিতৌ নতুন কল্পনা কৰিম

তুমি নুবুজাৰ অভিনয় কৰা চোন
মই অভিমান কৰিম

মুঠতে মই সম্পূৰ্ণ বিপৰীত
তুমি বুজিবা চোন!

✍️আৰ্জু আহমেদ

-


21 MAR 2021 AT 11:55

জীয়াই থকা মানেই জীৱন নহয় !
জীৱনক জীয়াই তোলাতো হে জীৱন।

জীৱন জিন্দাবাদ

-


21 MAR 2021 AT 11:53

প্ৰেমত বিশ্বাস থাকিব লাগে
কিন্তু সন্দেহ কৰাৰো প্ৰয়োজন!

প্ৰেমত স্বাধীন দিব লাগে
কিন্তু বাধা দিয়াটো প্ৰয়োজন!

প্ৰেমত বুজাবুজি থাকিব লাগে
কিন্তু খং কৰাটো প্ৰয়োজন!

মুঠতে প্ৰয়োজন সময় সাপেক্ষে

-


21 MAR 2021 AT 11:50

তাই সুখী আনৰ সৈতে
মই সুখী তাই সুখৰ সৈতে

যদিও অকলে নিৰৱে কান্দো
তাইক অথবা আনক দেখুৱাই হাঁহো

আবেগত উন্মাদনা হৈ পৰোঁ
তথাপিও অভিশাপ নহয় !
শুভেচ্ছা দিওঁ

ভাল লগা বোৰ
ভালপোৱা হৈ থাকক সদায় ।

-


27 OCT 2020 AT 15:31

সিহঁতে মোক স্বাৰ্থপৰ বুলি কয়
নাজানোঁ কিয়!
নিজক ভাল পাওঁ বাবেই নেকি?
যদি নিজক ভাল পালে
নিজৰ সপোনক ভাল পালে
নিজৰ ইচ্ছা বোৰ পূৰ্ণ কৰিবলৈ আগবাঢ়িলে
যদি স্বাৰ্থপৰ বুলি কয় !
তেন্তে হয় মই স্বাৰ্থপৰ।

মোৰো মন যায় নিজৰ প্ৰতিষ্ঠা গঢ়িবলৈ
আনৰ সন্তুষ্টি ভাঙি নহয়! নিজ নিষ্ঠাৰে
মই কষ্ট কৰোঁ চেষ্টা কৰোঁ ,
মোৰ খোজত আন দুইজনক খোজ মিলাবলৈ
সাহস,বিশ্বাস,নিজ শক্তি দিওঁ আগবাঢ়িবলৈ
সিহঁতে পিচলৈ ঘুৰি ঘুৰি চাই
নিষ্ঠা ভাঙি ৰৈ যায়,
আৰু মই জখলা বগাই বগাই
সেই বাবে যদি মোক স্বাৰ্থপৰ বুলি কয় !
তেন্তে হয় মই স্বাৰ্থপৰ।

✍️আৰ্জু আহমেদ

-


9 SEP 2020 AT 21:48

প্ৰভাতী বাৰ্তা

তুমি অমুকৰ উদাহৰণ দি
তুমি তোমাৰ মাঁ-দেউতাক কষ্ট দিয়া!
কিন্তু .......'
অমুকৰ মাক দেউতাকে
তোমাৰ উদাহৰণ দিয়ে নিজৰ সন্তানক বুজাই

সুপ্ৰভাত

Arju ahmed

-


9 JUL 2020 AT 12:25

প্ৰিয়,ধুনীয়া বস্তু এটা পাবলৈ হলে
সহজে পোৱা নাজায় !
মন কৰিবা ফুল বহু আছে ধুনীয়া
কিন্তু পদুম ফুল আনিবলৈ হলে
কষ্ট কৰিবলৈ লাগে
পদুম ফুলৰ মানদণ্ড বহু ।

আৰ্জু আহমেদ

-


Fetching Arju Ahmed Quotes