17 SEP 2019 AT 11:46

প্ৰিয়জনলৈ জন্মদিনৰ শুভেচ্ছা 🎂-

জীৱনত লগ পোৱা মানুহ সংখ্যা বহুত কিন্তু মনৰ মাজত ঠাই পোৱা মানুহৰ সংখ্যা খুবেই কম । মোৰ জীৱনত , তুমিও অদ্বিতীয় !! চিনাকি বা সম্পৰ্ক দিন হিচাপে অতি কম কিন্তু গভীৰতা বহুত বেছি । তুমি কিমান গুৰুত্বপূৰ্ণ সেইয়া হয়তো তোমাৰ লগত কৰা ধেমালিবোৰেই ক'ব !! তোমাৰ বাবে আজি এটা বিশেষ দিন , আজি যেনেকৈ সুখী অনুভৱ কৰিছা অনাগত প্ৰতিটো দিনত এনেকৈয়ে নিজক লৈ , নিজৰ মাজত , নিজৰ বাবে সুখী হৈ থাকা তাৰেই কামনা । আজি সকলোৱে দিয়া মৰম খিনি বুকুত লৈ আগবাঢ়ি যোৱা তুমি সপোন দেশলৈ ; বাটটো ও আনন্দময়ী হওঁক । ওপজা দিনত হিয়া ভৰা আন্তৰিক অভিনন্দন যাচিলোঁ !! জীৱন জিন্দাবাদ ।।🎂💙

-