🥀তুমি মাএ ভাল পাও বুলি কোৱা,🥀
মোৰ জীবন ত দ্বিতীয় নাৰীৰ স্থান তোমাৰ🌹
প্রথম মা❤-
হাঁহিবোৰো কেতিয়াবা হৃদয় বিদায়ক হয় যেতিয়া সেই হাঁহি ফুটি উঠে ভগ্ন হৃদয়ৰ গৰাকীৰ মুখত ।
-
মোৰ অজ্ঞাতেই অনুভৱবোৰে পৰিধান কৰিলে এটি বিষাদৰ চোলা । আজি মই জ্ঞাত ,কিন্তু মানুহৰ এই স্থানত মই আজি নিৰূপাই ...
-
এটি শোকাচ্ছন্ন ৰাতি
জোনাকীৰ উচুপনি
বৃষ্টিৰ আগমনত
নিস্তব্ধ ধৰণী ।
হঠাৎ এটি চিনাকি মাতে
হৃদয়ত জোৱাৰৰ সৃষ্টি কৰিলে ,
অতিকৈ আপোন এই মাতটো
পুনৰ শুনাৰ ইচ্ছা হ'ল ।
" ভালে আছানে ? , ক'ত আছা ?? "
সমস্ত দুখৰ পৰা যেন মুক্ত হৈ গ'লো
এতিয়া সুখী মই
এৰা,সম্পূৰ্ণ সুখী !!
পুৱাৰ ৰশ্মিয়ে
সপোন মুচি
বাস্তৱক আঁকি দিলে
চকুৰ পতাত ।।-
এবাৰ যে তুমি উপহাৰ স্বৰূপে এখন ডায়েৰী দিছিলা , আৰু যে কৈছিলা "ইয়াত তুমি ,তোমাৰ কবিতা বোৰ লিখিবা চোন " । কবিতাহে লিখিব নোৱাৰিলো মই । মনটোৱে দেখোন তোমাৰ বাহিৰে বেলেগ কাৰো কথা লিখিবলৈকে অনুমতি নিদিলে !! পৃষ্ঠাবোৰ লাহে লাহে শেষ হ'ব ধৰিছে , প্ৰতিটো পৃষ্ঠাতে মাথোঁ অংকিত হৈ ৰৈছে , আধৰুৱা সপোনবোৰ !! এদিন শেষ হৈ যাব পৃষ্ঠাবোৰ আৰু সেইদিনা এই হয়টো মনটো ও মুক্ত হ'ব !!
-
তুমি ভাগৰুৱা অনুভৱ কৰা ?
যদি হয় । যিমান পাৰা সোনকালে তোমাৰ লক্ষ্য সলনি কৰা !!
হয়টো তুমি ,তোমাৰ শক্তি খিনি ভূল পথত প্ৰয়োগ কৰি আছা ।।
#be_positive😊-
অভিমানী চহৰ খনত
সপোনবোৰে ৰং সলালে ,
অভিমানী বাস্তৱে
নিঃসংগতাৰ সংগী কৰিলে !!
-