ৰজনীগন্ধাৰ সুৱাস বিচাৰি
মৰহা ফুলপাহিকে হাতত লৈ
নিসংগ হৃদয়খনিয়ে এয়া নো কালৈ
কৰিছে অপেক্ষা...?
-
✨উপন্যাসৰ মাজতে সুখ বিচাৰি পাওঁ💙🌻
💙অভিনয়, নৃত্য, কবিতা আৰু সাহ... read more
ধূলিয়ৰি বাটটিৰে
মাজনিশা চাকিটি হাতত লৈ
তেওঁ আগুৱাই গৈছিল।
ক্ৰমশঃ,
পোহৰহৈ কলাবোৰৰ পৰা
আন্ধাৰবোৰো আঁতৰিছিল;
এখন অজানা দেশৰ সিটো পাৰলৈ....।
-
ৰজনীগন্ধাৰ সুৱাস বিচাৰি
মৰহা ফুলপাহিকে হাতত লৈ
নিসংগ হৃদয়খনিয়ে এয়া নো কালৈ
কৰিছে অপেক্ষা...?
-
এবাৰ সপোন ভগাৰ পিছতো
আকৌ জানো মানুহে সপোন দেখিবলৈ পাহৰে..!
বাৰে বাৰে আশাবোৰ নিৰাশাৰ গহ্বৰত ডুব গ'লেও
আকৌ জানো মানুহে আশা নকৰাকৈ থাকে..!
তথাপিওঁ জীৱন ৰৈ নাযায়,
মানুহে সপোনবোৰ মোহাৰি নেপেলায়,
আশাবোৰ ত্যাগ নকৰে,
জীৱনে গতি কৰিয়ে যায়।
আশাৰ চাকি গছি আকৌ জ্বলায়
সপোনবোৰ আকৌ দেখে, নৱ উদ্যমেৰে নতুনকৈ....।🍃
✍️ভাগ্যশ্ৰী🌸-
তুমি বাৰু জানানে?
তোমাৰ সান্নিধ্য পাবলৈ বাঢ়িছে বাৰে বাৰে ব্যাকুলতা..!
মই নুবুজো তোমাৰ মৰমৰ গভীৰতা
মাথোঁ বিচাৰো হৈ থাকক মৰমবোৰ চিৰযুগমীয়া।
ভালপোৱাবোৰ বাৰু কিয় ইমান ভাললগা..?
যেন মিঠা এটি অনুভৱ বুজাব নোৱাৰা।
মই মাথোঁ বিচাৰো তোমাক প্রতিবাৰ,
মাথোঁ কেতিয়াও দূৰ নহ'বা।♥️
—ভাগ্যশ্রী🍂-
ধুমুহাৰ দৰে আশাবোৰ উৰি
যেনি-তেনি গৈ আছে ঠিকনাহীন ৰাস্তাত...
জীৱহীন ভাৱে নিথৰ হৈ
থৰ হৈ চাইছো মই
আশাবোৰ নিৰাশা হোৱাৰ বেদনাত
ক্রমাৎ,
মৰুভূমিৰ দৰে শুকান বালিময় হৈ পৰিছে আশাবোৰ...
—ভাগ্যশ্রী (নিৰৱতা প্রিয়া)🖤-
সপোনবোৰ মৰহি আছিল তাইৰ,
এজাক ধুনীয়া বতাহে
আহি জীয়াই তুলিছিল হি।
অতীতৰ বিষাদক নেওঁচি,
নতুনকৈ আকৌ সপোনে পোখা মেলিছিল
কিন্তু,
ঠন ধৰি উঠিব নাপাওঁতেই
আকৌ এজাক ধুমুহা আহি
যেনি তেনি উৰুৱাই নিলেহি...
এতিয়া ঠিকনাহীন সপোনবোৰ যোৱাৰ দিশত
ৰৈ আছে তাই, নাজানে আকৌ সপোনবোৰ
জী উঠিব নে নাই...
স্বপ্নহীন জীৱন এটিত
অকলে বাট বুলিব পাৰিব জানো তাই...!?
হয়তো নোৱাৰিব, কিন্তু
সুখৰ অভিনয় কৰি যাব থিকেই পাৰিব..!-
"আপোনাৰ অপেক্ষাত"
কোনোবা এটি সোণালী ক্ষণত
আহিছিল আপুনি,
হৃদয়ৰ একোণত
নীলিম আকাশৰে মৰম
এবুকু ভৰাই।
সপোনবোৰে পোখা মেলিছিল
সেই ক্ষণত, আপুনি অহাৰ উলাহত।
যাওঁ বুলি সঁহাৰি নিদিয়াকৈ
গুছি গ'ল দূৰ দিগন্তলৈ...!
ৰৈ আছো আজিও
স্মৃতিৰ ঢাকনিখন খুলি
আপুনি অহাৰ অপেক্ষাত..।
ক্রমাৎ, অস্পষ্ট হৈ পৰিছে আশাবোৰ,
সপোনবোৰ, হেঁপাহবোৰ.....
আপুনি যোৱাৰ বেদনাত।
নিথৰ হৈ পৰিছো মই
আপুনিবিহীন জীৱনত
ৰৈ আছো আজিও
সোণালী ক্ষণৰ হেঁপাহত,
আহিবনে আকৌ এবাৰ?
ক্ষণ যে গণিছো,
আপোনাৰ অপেক্ষাত....!
—✍️ভাগ্যশ্রী বৰা-
"এটি আধা লিখা কবিতাৰ কথাবোৰ....."
সপোনবোৰ পোখা মেলিছিলহে মাথোঁ,
আশাবোৰো হৃদয়ত ঠন ধৰি উঠিছিলহে,
কিন্তু,
সময় যে নিষ্ঠুৰ অ'....
আবেলিৰ সেই ফিৰফিৰিয়া
বতাহজাক বলিয়েই আছিল ফিৰফিৰকৈ
লাহে লাহে আন্ধাৰ নামিছিল ধৰালৈ...
কিন্তু,
তাইৰ হৃদয়ত সেয়া যেন নহয় নিশা!
সূৰ্যোদয়ৰ ক্ষণত ৰাঙলী বেলিটিৰ
সেয়া যেন ৰূপালী আভা...
ঘৰমুৱা পক্ষীজাকলৈ চাই ৰৈছিল
তাই অবিৰতভাৱে একেথিৰে...
ক্লান্ত নিশ্বাসবোৰ নাছিল তেতিয়ালৈ,
বৈছিল দুটি ওঁঠৰ কোণেৰে এটি মিচিকনি
কলমটো তুলিছিল ডায়েৰীৰ পৃষ্ঠাত
অব্যক্ত কাহিনীৰ অকথিত কথাবোৰ বোৱাবলৈ,
কিন্তু,
সেয়া যেন তাতেই ৰৈ গৈছিল
আখৰৰ ৰূপত...
ৰৈ গৈছিল স্তদ্ধ হৈ,
এটি আধা লিখা কবিতা হৈ.....
—ভাগ্যশ্রী(মাইনা)🍂-