সুখ আহিব হেনো, মোৰ পঁজালৈ
পুৱা ডাকোৱালজনে চিঠিখন দি যায়
নঙলাৰ মুখত ৰৈ থাকোঁ
ৰাতি আহে, দিন যায়
কিন্তু , সুখৰ ছাঁটোকে দেখিবলৈ নাই !
আকৌ চিঠিখন পঢ়ো একে উশাহতে
সুখে লিখিছে ," বৰষুণৰ লগতে যাম,
সি তোৰ ঠিকনা জানে"।
আকাশখন ওফন্দি আহিছে
হাতৰ বন দলিয়াই , আগফালে ওলাই
নেদেখোঁ এইবাৰো কিন্তু
মেঘৰ দেওধনি নৃত্য
আশাত চেঁচা পানী ঢালি
বতৰটোৱে মাৰে মোক চাই
তাচ্ছিল্যৰ হাঁহি!
আজিকালি সুখবোৰো
মানুহবোৰৰ দৰেই মূখাপিন্ধা
বিশ্বাস কৰিব নোৱাৰা
আপোন কৰি আকোঁৱালি লোৱালৈ ,নৰয়
দি যায় আশাভৰা
আঁকৰী হৈ মই ৰৈ যাওঁ পুনঃ
সুখক পোৱাৰ অপেক্ষা মাথোঁ প্ৰত্যাশা ......-
# #কবিতাৰ শিৰোনামত তই # #
সময়বোৰ কেনেকুৱা ?
ফাগুনৰ বতাহত কথাবোৰ উৰাৰ
নে বহাগত নাহৰৰ গোন্ধই
তোৰ অভিমানী মন উতলা কৰাৰ ?
দিনবোৰ ঠিক এনেকুৱা ,
আহিনৰ চতিয়নাৰ সুবাসত উন্মনা হোৱাৰ
হেঁপাহ ৰামধেনুৰ ৰঙত তোক চোৱাৰ!
কোনো শুকুলা আবেলিৰ
অস্তমিত সূৰুযৰ প্ৰচ্ছেদত
অঁকা তোৰ ছবি
জিলিকে যেন বেছি সেউজ হৈ
শাওনৰ মোৰ কঠীয়াতলীত !
শীতৰ কুঁৱলিৰ আৱেশত
শৰতৰ মধুভৰা প্ৰীতিৰ জোনাকত,
মৰমৰ পৰিসীমাত আছে কোন?
মোৰ কবিতাৰ শিৰোনামত তইয়েই চোন।-
এফালে সি যদি নিজৰ জীৱন গঢ়াৰ যুদ্ধত ব্যস্ত আছিল, আনফালে তাইও পঢ়া শুনাক কেন্দ্ৰ হিচাপে লৈ ভাললগা কামবিলাকেৰে আৱৰি থকা এটা বৃত্তৰ মাজত নিজকে আৱদ্ধ ৰাখিছিল।
সাধনাৰ সেই সময়চোৱাত কিন্তু তাই সদায়ে তাক মনত পেলাইছিল, নিজৰ প্ৰাৰ্থনাৰ মাজত!
গাঁঠিছিল সিহঁতে সফলতাৰ চৈ, আত্মবিশ্বাস আৰু আস্থা আছিল যেন চৈ খনৰ ইফাল-সিফাল হৈ.....-
- নাৱৰীয়া-
নাৱত উঠিবলৈ মোৰ বৰ ভয় লাগিছিল
কিবা তুলুং ভুটুং কৰি যায়,
বুকুখন লগতে বৰকৈ ধপধপায়।
তেওঁৰ নাওঁখনত উঠি ঘাটটো পাৰ কৰিছিলোঁ
প্ৰতি আবেলি ,
নাওঁখন আগবাঢ়ে
ধিৰে ধিৰে
বঠাডাল মাৰে তেওঁ লাহে লাহে।
তেওঁ জানিছিল, মোৰ ভয়টোৰ কথা !
পাহৰাবলৈ সেয়েহে বাঁহীটো বজাইছিল
বাঁহীত ঐনিতমৰ সুৰ ভাঁহিছিল
বাঢ়নী পানীৰ ভয়লগা সোঁতবোৰ কিবা
শান্ত হৈ পৰিছিল।
এতিয়া নদীখনৰ ওপৰত দলং হ'ল
নাৱৰীয়া ককাজন বা ক'ত গ'ল ??
এতিয়াও কেতিয়াবা ঘাটলৈ যাওঁ
পাৰ্যমানে দূৰলৈ চাওঁ।
কিজানি লগ পাওঁয়ে
নদীক ভাল পাবলৈ শিকোৱা
বাঢ়নী পানীৰ কাৰণে মোৰ ভয় কমোৱা
সেই ককা নাৱৰীয়াজনক!
-Ankita Saikia
-
# # #কাহিনীৰ আঁৰত # # #
ছবি আঁকি ভাল পাইছিল সি আৰু তাই লিখি ..
এফালে শাওনৰ পথাৰত যদি বাঢ়িছিল ধানবোৰ, আনফালে তাইৰ আজলী হৃদয়ত ছবিবোৰে উকমুকাই তুলিছিল ভাৱবোৰ, উৰ্বৰতাত লহপহকৈ বাঢ়িছিল শব্দবোৰ!
আৰু ঠিক আঘোনৰ পথাৰত বন্ধা সোনগুটি ধানৰ ডাঙৰিৰ দৰে তাই বান্ধিছিল কথাৰ ডাঙৰি ,সৃষ্টিৰ পথাৰখনত......
মানুহে কয়," প্ৰতিখন চিত্ৰৰ আঁৰত থাকে একোটা কাহিনী " ..কিন্তু তাইৰ প্ৰতিটো কাহিনীৰ আঁৰত আছিল একোখন চিত্ৰ..
-
ঘপকৈ ঋতুক সুধি পেলাইছিলো," বৰ্ষা আৰু শাৰদীৰ মাজত পাৰ্থক্য কি তেনেহ'লে ?"
কৈছিল সি," বাউলী প্ৰাণেৰে মোৰ অকলশৰীয়া বুকুত আউল লগোৱাকৈ ,
বৰ্ষাৰ আৱেশত প্ৰেমৰ বীজটো বাঢ়িছিল লহপহকৈ....
জীৱনৰ পাকচক্ৰত পৰি শাৰদীয়ে তাইৰ স্থান ল'লে যদিও শাৰদীৰ ভালপোৱাৰ যি আকুলতা,
তাত মইচোন নাপাওঁ বৰ্ষাৰ লগত প্ৰেমৰ বৰষুণজাকত তিতাৰ মাদকতা !"-
বতাহজাকে তাৰ কাপোৰৰ চিনাকি আতৰৰ গোন্ধটো যেন তাইৰ কোঠাত বিয়পাই দিছিল, ঠিক ব'হাগত বতাহে মলয়াৰ দুপাখি হৈ, বৰষুণত নাহৰৰ গোন্ধ বিয়পোৱাৰ দৰে !
বাৰিষাৰ বৰষুণত খোজ কাঢ়োতে বতাহে সিহঁতৰ ছাতিটো দূৰলৈ উৰুৱাই নিয়াৰ দৰেই ,আজিৰ বতাহজাকত কুণ্ডলীৰ পাক লৈ কিন্তু উৰিছিল টেবুলৰ কফিমাগৰ ধোৱাখিনিহে মাথোঁ.....
বৰষুণ আৰু বতাহৰ প্ৰেম একেদৰেই ৰ'ব, কেতিয়াও বিচ্ছেদ নোহোৱাকৈ। মাত্ৰ বিশ্বাসৰ অভাৱে তাঁহাতৰ সম্পৰ্কটো বিজুলীৰ দৰে জোকাৰি গ'ল, বিচ্ছেদ হোৱাকৈ........-
কি ভাবি আছ' বা? অকণমানিজনীয়ে সুধিছিল।
"সৌ দূৰ পাহাৰৰ সিপাৰে থকা
সূৰ্য উঠা দেশৰ সাধুকথা,
ককাদেউতাৰ মুখত শুনা
আজি যে কিমান দিন হ'ল......
তামোলেৰে সেলেঙী বোৱা
আইতাৰ ৰঙা ওঠখন
নেদেখাকৈ বহু দিন পাৰ হৈ গ'ল....
পথাৰৰ সেউজবোৰৰ মাজেৰে ভাঁহে
জীৱনটো উমাল কৰিবলৈ দিয়া
দেউতাৰ শিকনিবোৰ।
আৰু কেতিয়াবা ভাল লাগে এনেকৈ
পথাৰৰ সৰু সৰু আলিত বহি,
মাৰ ডাঙৰ ছোৱালীৰ দৰে
আকাশ চোৱাৰ সপোন দেখিবলৈ".........-
# # #চিত্ৰলেখা
নজনাকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাস্তাবোৰ, কাঞ্চনৰ ফুলবোৰ কিবা আপোন হৈ পৰিছিল.. এজাক মানুহৰ মাজত কেইখনমান আপোন মুখ মাত্ৰ, তাইৰ আৰু তাৰ কেম্পাচৰ "নিৰিবিলি"ত বহা সময়বোৰ একান্ত......
তাই মোক কৈ গৈছিল প্ৰেমাস্পদৰ লগত কাঞ্চন নগৰীৰ ফাগুন আৰু পছোৱা বতাহৰ প্ৰেমমিহলি বৰষুণজাকত ভিজাৰ সপোন, শুনি লাজত কাঞ্চন ফুলৰ দৰে গোলাপী হোৱা মোৰ গাল দুখন !
সেই দুদিনত আজিৰ চিত্ৰলেখা যেন হৈ মোৰ ৰাঙলী কলিজাত অনুভৱ কৰিছিলোঁ বতাহত গুঞ্জৰিত হৈ থকা, লগৰী উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কথকতা......-
3Nov ,2018
ডায়েৰীত স্মৃতিবোৰক তলা লগাই থৈ দিম ভাবিলেও পৃষ্ঠাৰ অভাৱ হৈ যাৱ আজি ।জীৱনত ইমান স্ফূৰ্তি কৰা নহৈছিল চাগৈ আগত যিমান তহঁতবোৰক পাই
শিকিছো। Momo আৰু Sri ৰ imaginary wedding ৰ পৰা ৰিকিংয়াৰ পাপালৈ , কমলিকাৰ অভিনয় আৰু foodvilla ৰ তলেদি আহোতে সেই অচিনাকি ল'ৰাক মাতিবলৈ দিয়া তহঁতৰ dare বোৰ।
বহুত বেছি প্ৰিয় হৈ গৈছে এই দিনবোৰ ।সময়বোৰ স্থবিৰ কৰি দিব পৰা হ'লে । অন্ততঃ তহঁতৰ পৰা বন্ধুত্বৰ নিস্বাৰ্থ মৰমৰ টানবোৰ পাইছো অ' যিবোৰ মোৰ বুকুৰ মাজেৰে নদী হৈ বৈ যাৱ অনাদী কাললৈ আৰু তাৰ আকুলতাত যেন উটি-ভাঁহি যাম মই চিৰদিন চিৰকাললৈ..........
মোৰ জীৱন গ্ৰন্থৰ তহঁতবোৰ এনে একোটা চৰিত্ৰ যিবোৰৰ স্মৰণ কৰি মই আনন্দাশ্ৰু বোৱাম এটা সময়ত। স্মৃতিবোৰ backup কৰি ৰাখিম হৃদয়ৰ gallery ত যাতে কেতিয়াও delete নোহোৱাকৈ। আৰু তহঁতবোৰ মৰম নদীৰ এটা এটা শিলৰ ৰূপত থাকিবি এনেকুৱা লাগিব মৰমবোৰে সেই পাথৰত ঠেকা খাইছে আৰু ঝংকাৰিত হৈছে তহঁতে "অংকি" বুলি মোক মৰা চিঞৰবোৰ মাজনিশাৰ নিৰ্জন প্ৰহৰৰ মাজেৰেও!-