Our hope is just like the rain storm that we love. Even if we keep waiting to see the clouds, sometimes it doesn't come, and sometimes it just drizzles. And sometimes it gives us a chance to soak our hearts. Still I don't mind.
Yet we wait with a heavenly faith for the dear ones, loved ones.
As Emily Dickinson quoted "Hope is the thing with feathers. That perches in the soul and sings the tune without the words and never stops at all."
And at the end of the day three things remain: faith, hope and love. But the greatest of these is love.
-
~বিশ্বাসৰ প্ৰশ্নটি~
তাই আমাৰ ঘৰত কামকৰা দাইটিৰ ছোৱালী, তেনেই ফুলকুমলীয়া। বেঙেনাবুলীয়া ফ্ৰ'কটোৰ দুঠাইমানত অলপ চিলনি এৰাইছে যদিও তাই বৰ আগ্ৰহেৰে পিন্ধিছে, আই ঐ দেহি! দুদিনমানৰ আগতে ধুমুহাই দাইটিৰ ঘৰখন মাটিৰে সৈতে সমান কৰি থৈ গ'ল । দেউতাকৰ সৈতে আজি আমাৰ ঘৰলৈ আহোঁতে আইতামায়ে তাইৰ হাতত কাগজ এখন গুজি দি ক'লে," অ' আই, এইটো মন্ত্ৰ অহা বছৰলৈ ব'হাগৰ গৰু বিহুৰ দিনা নাহৰ পাতত লিখি ঘৰৰ মাৰলীত থৈ দিবি , আমাৰ ঘৰটো ভগা নাই ,নাহৰ পাতৰ মন্ত্ৰৰ বাবে । তহঁতৰো কেতিয়াও নাভাগে আৰু!"
কণমানিজনীয়ে লাহেকৈ কৈ উঠিছিল , "কিন্তু আমাৰ ঘৰটো আপোনালোকৰ দৰে পকী নহয়যে ; এইটো মন্ত্ৰই আমাৰ বাঁহ- খেৰৰ ঘৰটো বচাব পাৰিবনে বাৰু , আইতা ?"-
~To all those broken souls, who deserve to be loved~
It's okay to cry, it's ok to scream at night when you feel heavy from inside ..
You may feel deeply for someone, you may contemplate things in your own way, even though they don't feel the same for you..it's ok, it's absolutely okay ....
Don't think it to be a curse.. trust me this is a blessing, that everyone doesn't receive.
In a self centred world full of fake people that tries to pull you down , treat you as an option with a so-called connection , but it's time for you to make the decision that these people are just an illusion , they are not real ,they are not evident..
And it's ok to remove such people,
They don't deserve a gem like you !
Because you are real, you are pure and your soul deserve to be loved ♥
-
#লকডাউন
পুৰণি ডায়েৰীখন জাপৰ পৰা পৰি গৈছিল, মেলি লৈছিলো ২০২০ ৰ দেখোন....
এফালৰ পৰা চাই যাওঁতে দেখিছিলো মাৰ্চৰ ঠিক ১৮ মানৰ পৰা এপ্ৰিলৰ ১৫ লৈকে পৃষ্ঠাবোৰ খালি!
মনত পৰিছিল অহঃ ঠিকেইটো লকডাউন দিয়া সময়খিনিত ঘৰত থাকোঁতে হোষ্টেলত ডায়েৰীখন এৰি আহিছিলো। লক্ষ্য কৰিছিলোঁ লকডাউন উঠোৱাৰ পিছত পুনৰ যেতিয়া দিনবোৰৰ খতিয়ান আছিল , ডায়েৰীখনত সেই বিশেষ নামটো জিলিকি নাছিল....
কৰ'ণা ভাইৰাছে বিয়পোৱা Covid-19 নামৰ পৃথিৱী কঁপোৱা মহামাৰীৰ পৰা বচাবলৈ দেশখনত লকডাউন দিছিল ,
মোৰ আত্মবোধেও যেন লকডাউন দিছিল নিজকে , প্ৰেম নামৰ মহামাৰীৰ পৰা নিজকে বচাবলৈ!
তাৰ ফলশ্ৰুতিতে হয়তো দস্তাবেজখনৰ পাতত সেই বিশেষ নামটো নিজিলিকা হৈছিল লকডাউনৰ ঠিক পিছৰ পৰাই .....-
মানুহে মোক ক'ব পাৰে
পুৰণিকলীয়া বুলি ,
তথাপিও কিছুমান আশা
ৰৈ যায় মনত সৰু সৰু কথা।
যদিও তই এতিয়া নাই
তথাপিও ধূমায়িত কফিৰ কুন্ডলীত ধোঁৱাত
আৰু কেতিয়াবা বৰষুণৰ পিছত
চন্দ্ৰাৱলীৰ আধা চায়াত,
তোক দেখা পাওঁ .....
মাজৰাতি হঠাতে টোপনি ভাঙে
ভয়লগা আন্ধাৰৰ মাজেৰে
বেলকনিৰ পৰা অদূৰলৈ চাঁও,
কিজানি ষ্ট্ৰীট লাইটৰ পোহৰত
বৰষুণৰ পানীত জিলিকি উঠা
তোৰ পদছায়া দেখা পাওঁ।
আৰু আজিও কৃষ্ণচূড়াৰ নগৰীলৈ গ'লে
হালধীয়া দোপ্পাতাৰ আঁৰেৰে
শাৰী শাৰী কৃষ্ণচূড়াৰ ফাঁকেৰে চাঁও,
কিজানি তোক দেখা পাওঁ ।
-Ankita Saikia-
-
কলেজৰ পৰা আহি আছিলোঁ, প্ৰায় আন্ধাৰেই হ'ব ধৰিছিল তেতিয়া। এনেও ঠাণ্ডাৰ দিনকেইটাত আন্ধাৰ সোনকালেই হয় ... ৰাস্তাটো পাৰ হ'বলৈ লওতেই অনুভৱ কৰিছোঁ কোনোবাই মোৰ কাষৰতে গাড়ীখন ৰখাই মোক যেন সুহুৰিয়াইছে । পিছলৈ ঘূৰি চাই দেখো গাড়ীখনৰ ভিতৰত ৫ টা মান ল'ৰা। মই প্ৰায় দৌৰাৰ দৰেই খোজ দিছো , কিন্তু নাই আকৌ গাড়ীখন পুনৰ ষ্টাৰ্ট দি মোৰ কাষত ৰখাই দিলে। এইবাৰ সিহঁত গাড়ীখনৰ পৰা নামি আহিল ।জনশূন্য সেই ঠাইকণত মই চিঞৰিলে শুনাকৈ কোনো নাছিল। ম'বাইলটো উলিয়াই নম্বৰ ডায়েল কৰিবলৈ লওঁতে তাঁহাতৰ এটাই মোৰ হাতৰ পৰা ম'বাইলটো থাপ মাৰি লৈ গ'ল। মই গম পালোঁ দানৱ পশুকেইটাৰ লক্ষ্য এইবাৰ মই। ঘামত তিতি জুৰুলি জুপুৰি হৈ মই কান্দিছো। মাৰ মুখখন , দেউতাৰ মুখখন মনলৈ আহিছে...উশাহটো চুটি হৈ আহিছে, চিঞৰিছো কিন্তু মোৰ মাতটো ওলোৱা নাই। দৌৰিব খুজিছোঁ কিন্তু পৰা নাই । এপাকত মোৰ চিঞৰিটো ওলাল ঠিক তাৰপিছতেই
"অংকিতা কি হৈছে? কি হৈছে?" বুলি মোৰ ৰুমৰ দুৱাৰত ঢকিয়াইছে কাষৰ ৰুমটোৰ লগৰজনীয়ে....
অহ: কি ভয়ানক আছিল সপোনটো !
হয়তো দিঠকতেই নহয় আজিকালি সপোনবোৰতো বৰ অসহায় অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ....-
এই যে মোৰ
কলমৰ কাপেৰে ওলোৱা চৰিত্ৰবোৰ
ঠিক মই নহয় ।
কোনোবাদিনা নায়ক ,পলকতে খলনায়ক
আজি প্ৰেম , কাইলৈ বিৰহ
খন্তেকতে ৰাণী , তৎক্ষণাৎ দাসী
মনৰ গাঁতত কবিতাৰ চৰিত্ৰবোৰ
লুকাই থাকে কুচিমুচি.....
মইটো খান্দি আনো মাত্ৰ
চুৰুকি চুৰুকি........
কবিতাৰ সেই চৰিত্ৰবোৰ যেন ঠিক
মোৰ সত্বাত লুকাই থকা
মই হ'বলৈ বিচৰা
মই অতীতত জী অহা
মই ভৱিষ্যতে হ'ব খোজা....
-Ankita Saikia-
-
গেৰেজৰ চুক এটাত পৰি আছিল ককাকৰ পুৰণি চাইকেলখন ,
ধূলিৰে পোত যোৱা , মামৰে খোৱা
টায়াৰকিটাও পাম্প নোহোৱা!
কলেজীয়া দিনবোৰত আইতাকক আগত উঠাওঁতে, চাইকেলখনৰ পৰি যোৱা চেইনডাল ভাল কৰোঁতে, ঘামত জিলিকি উঠা ককাকৰ মুখখন মনত পেলাই এইবাৰ জিলিকি উঠিছিল আজলী আইতাকৰ কেটেৰেক্ট পৰা চকুকেইটাত স্মৃতিৰ দুখৰীয়া পৃষ্ঠাবোৰহে মাথোঁ..
আৰু পিছদিনা আবেলিলৈ ককাৰ নাতিনীয়েকৰ Instagram story ত জিলিকিল ৬০ বছৰীয়া পুৰণি ভগা চাইকেলখন #timefliesmemorylasts বুলি....
-
আহিনৰ আৱেশবোৰ বুকুত
সেউজীয়াৰ সৈতে অলপ সুখ আৰু হাঁহি
ওপৰত নিয়ৰৰ চাদৰ
কাতিৰ কুঁৱলীবোৰো সৰিব তাতে হৈ মুকুতা!
শুনাচোন.....
আহিনৰ ৰং অলপ মোৰ জীৱনৰ পিয়লাটোত চাহৰ দৰে ঢালি দিবা নেকি?
অৱসাদ খিনি আঁতৰাই,
নিয়ৰৰ আৱেশ ফালি
মুকুতাৰ দৰে জিলিকিবলৈ মন,
মোৰ পৰা তোমালৈ ...........-
"মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব"....
ভাল লগা আবেলি বোৰত মহানদীৰ পাৰে পাৰে তাৰ লগত ঘূৰি ফূঁৰোতে গানটো প্ৰায়ে গুনগুনাইছিল তাই !!
কিন্তু তাই যোৱাৰ পিছত ধূলিৰে পোত খোৱা আকাশখনত সাঁজৰ তৰাটোক তাইৰ কথা সোধাৰ একমাত্ৰ সুৰঙাটোও আধুনিক যুগৰ মেচিন ভালপোৱা মানুহবোৰে মাৰি পেলালে।
ভগৱানে তাইক মাৰিলে আৰু মানুহবোৰে নাইকীয়া কৰিলে, তাইৰ লগত ভাৱ ৱিনিময়ৰ একমাত্ৰ সুৰঙাটোও..
-