এতিয়া দুচকু ভাগৰুৱা...
হয়তো অলপ জিৰণি বিচাৰিছে..!!
অৱসাদ স্পষ্ট সকলো ফালে ।
চাৰিওকাষ কোলাহল ,
তথাপিও তাৰ মাজত মৌনতা ..!!
স্থবিৰ ...
নিস্তব্ধ ...
নিৰ্বাক ...
-
... read more
শুনকচোন ..
নাজানো আপোনাক কিমান সুখী
কৰিব পাৰিম !
কিন্তু মোৰ জীৱনৰ শূণ্যতাৰ পৰা
বৰ্তমানলৈকে আপুনি আছে..
মই নাজানো প্ৰাপ্তি - অপ্ৰাপ্তিৰ
ভাৰসাম্যতা ক'ত..
কিন্তু কথা দিব পাৰিম
নামবিহীন ভাৱে আৰম্ভ হোৱা সম্পৰ্কটো
চিৰস্থায়ী কৰিব পৰাৰ ।
প্ৰিয়জন হ'বলৈ থকা সামৰ্থ খিনি নাই যদিও
চেষ্টা কৰিম নিজকে সজাই তোলাৰ ।
জানিব খোজো আপুনি বুকুত সামৰি থোৱা
কিছু যন্ত্ৰনা ..
অনুভৱ কৰিব বিচাৰো আপোনাৰ নীলা
দুচকুৰ সেই গভীৰতা..
আৰু...
আৰু মোৰ একান্ত ব্যক্তিগত জীৱনটো
অতিবাহিত কৰিব বিচাৰো
আপোনাৰ আজীৱন প্ৰেয়সী হৈ...!!!!
শুনকচোন ...
ভাল পাঁও আপোনাক...!!!
-
বিষাদবোৰো অব্যক্ত ..
নীৰৱ নিস্তেজ চাৰিওপাশ...
য'ত মই আছো আপোন বিষাদবোৰ আৱৰি ।
জীৱনত প্ৰথমবাৰৰ বাবে
প্ৰেমৰ উন্মাদনাবোৰ অনুভৱ
কৰিছিলোঁ আপুনি নামৰ
সেই সময়বোৰত ।
অপূৰ্ণতাৰে শেষ হ'ল সকলোবোৰ..
শুভ্ৰ আচ্ছাদনৰ নীলা চিয়াঁহীবোৰ অস্পষ্ট..!
মৰিশালী হৈ পৰিল
সৌন্দৰ্যশীল কাব্যিক পৃথিৱীখন ।
আপুনি নামৰ বতাহ জাকত মায়া আছিল..
প্ৰেমৰ মায়া ..!!
মোৰ অবুজন মনত প্ৰেমৰ জোৱাৰ উঠিছিল..
আহ্ কি মধুৰ ...!!
জোনাকৰ আচল গুচাই সন্ধ্যাৰাগ হৈ
আকৌ আহকচোন মোৰ জীৱনত ..!!!
আহিবনে..??
-
শব্দবোৰ ভালপাওঁ..
কিন্তু আপোনাৰ তিক্ততাপূৰ্ণ শব্দবোৰ নহয় !!
আকাশ ভালপাওঁ ..
কিন্তু আপুনি ভালপোৱা গোমোঠা হৈ থকা
আকাশ খন নহয়!!
সপোন ভালপাওঁ..
কিন্তু আপোনাৰ মোৰ বিচ্ছেদৰ
সপোনবোৰ নহয়!!
ৰঙা ৰং ভাল পাওঁ..
কিন্তু আঘাতপ্ৰাপ্ত তেজেৰে ৰাঙলী হোৱা
আপোনাৰ শৰীৰ নহয়!!
আপোনাক ভালপাওঁ..
কিন্তু..
কিন্তু একো নাই দিয়ক..
আপুনি যেনেকুৱা তেনেকৈয়ে ভাল পাওঁ..!!!
-
আপোনাৰ অনুপস্থিতি বৰ কষ্টকৰ মোৰ বাবে ..
আপুনি জানেনে??
বৰষুণ জাকেও আপোনাৰ অনুপস্থিতিত
বিদ্ৰোহ কৰি ধুমুহাৰ ৰূপ লয় ..
চাওকচোন আপোনাৰ আৰু মোৰ প্ৰিয়
বৰষুণ জাকেও প্ৰতিবাদ কৰিছে..!!
তেন্তে মোৰ মনটো..??
জানিব বিচাৰিব মোৰ মনৰ বিশৃংখলতাবোৰ ..??
নাই নালাগে দিয়ক
মিছা হাঁহিতকৈ বিশৃংখলতাবোৰেই ভাল ।
আপোনাৰ নামৰ ৰাগিত মাতাল মই..!!
ওহো নহয় আসক্ত..!!
নাই নহয়..!!
এইবোৰ মাথোঁ ভালপোৱা ।
আপোনাক লগ পাবলৈ যিমান উৎকণ্ঠা থাকে
লগ পোৱাৰ পিছত সিমানেই ভয় লাগে..
উফ্ ইমান কম সময়ৰ বাবে আহিছে তেওঁ..!!
আহকছোন মোৰ জীৱনলৈ...
ফুলৰ দৰে নহয়...
আজীৱন প্ৰৱাহিত নদীৰ দৰে আহক ।
ঢৌবোৰত আমি থাকিম আৰু থাকিব
আমাৰ স্মৃতিবোৰ..!!!
-
আপোনাৰ পৰা হয়তো অলপ
বেছি আশা কৰোঁ।
সেইটো মোৰ ভুল??
ওহো মই নাভাবো মোৰ ভুল বুলি ।
আপোনজনৰ পৰা আশা কৰাতো
স্বাভাৱিক..!!
বৰ ভালকৈ জানো
আপুনি হতাশা দিব বুলি।
তথাপিও যে নোৱাৰো অ' বুজাব
মোৰ এই পাগল মনটোক...!!
কেতিয়াবা মোৰ অনৰ্থক আশা বোৰ
অকনমান
পূৰাবলৈ চেষ্টা কৰিবচোন..!!!
-
আপোনাৰ শব্দবোৰৰ মাজত থাকে
আপোনাৰ অব্যক্ত হেঁপাহ বোৰ,
কঠোৰ চাৱনিৰ মাজত থাকে কিছু দুষ্টালি
মোৰ ভগ্ন হৃদয়খন যোৰা লগালে
আপোনাৰ সান্নিধ্যই।
যদি আপুনি বিচাৰে
একেলগে সজাব পাৰিম
আমাৰ জীৱন ৰঙীন অনুভৱেৰে..!!❤️
-
আপোনাৰ জেদবোৰ
মোৰ বাবে হতাশা..
আপোনাৰ খংবোৰ
মোৰ কৰ্মফল ..
আপোনাৰ শব্দবোৰ
মোৰ মৌনতা..
আৰু ,
আপোনাৰ হাঁহিবোৰ
মোৰ প্ৰাপ্তি...-
আকৌ এবাৰ হাবিয়াস জাগিছে
ল'ৰালি নামৰ স্মৃতিৰ বৰষুণ জাকত তিতিবলৈ।
মাৰ চাদৰৰ আচলত ধৰি ফুৰিবলৈ এতিয়াও মন যায়..
শাওনৰ উৎকট গৰমত বোকাৰ ফাকু খেলিও
যেন ভাগৰা নাছিল সেই ল'ৰালি ।
জোনাক ৰাতি চোতালৰ
এচুকত আইতাৰ কোলাত বহি
দেখা সেই ৰঙীন সপোনবোৰ এতিয়া সময়ৰ সুঁতিত
ধূসৰ হৈ পৰিল..
ফাগুনৰ কোনোবা এজাক পছোৱোৰ মাজত
আকৌ উভতাই লাগে মোৰ সোণোৱালী শৈশৱ !!
চাকিৰ ধিমিক ধামাক পোহৰৰ মাজত অস্পষ্ট হোৱা
কিতাপৰ আখৰবোৰতেই তেতিয়া বহুতো
নতুন চিন্তায়ে খেলা কৰিছিল..
শিয়ালীৰ কাহিনী শুনি টোপনি যোৱা সেইদিনবোৰ সলনি হ'ল..
এতিয়া কাণত হেডফোন লগাই
গান শুনিলেহে টোপনি ভাল হয়..!!
নালাগে আৰু মোক এই যান্ত্ৰিকতাবোৰ ।
আকৌ উভতাই লাগে
মোৰ সুখৰ সোণোৱালী শৈশৱ..!!-