Ambika Das  
271 Followers · 126 Following

Joined 1 March 2021


Joined 1 March 2021
25 JUL 2021 AT 20:03

আজিতো লিখাৰ কথা নাছিল
সুখৰ কবিতা.....!
সুখৰ কবিতাবোৰ চোন কবিৰ লগত
গুছি গ'ল...
হৃদয়ৰ অসুখবোৰৰ কথা কৈ কৈ
এজন কবিৰ মৃত্যু হ'ল
বিষবোৰ নিচুকায় আজি
সম্পূৰ্ণ অনুভৱ হেৰাই গ'ল
এতিয়া বিষাদগ্ৰস্ত কবিতানো কোনে পঢ়িব
সমাধিস্থজনৰ কাহিনী এতিয়া কোনেনো শুনিব!

তেজৰঙা চকুলো ভুমিসহ হয় চিয়াঁহীৰ ৰঙত
সন্তৰ্পনে ৰৈ যায় সপোনৰ অৱশিষ্ট
হাতৰ মুঠিত কিছু বিচ্ছিন্ন প্ৰশ্ন
উওৰ বিচৰাৰ অৱকাশ ইয়াতনাই
এটি-দুটাকৈ জীয়া মৃত্যুৰ কাহিনী
অৱশ অচেতন শুই পৰে
অস্তাচলৰ বুকুত , খোদিত কৰি
ব্যৰ্থতাৰ পৰিচয়ত....//

-


23 JUL 2021 AT 19:46

আপোনাক ভালপোৱাৰ অধিকাৰ
আছে নে নাই নুসুধাকৈয়ে
আপোনাৰ প্ৰেমত পৰিলোঁ
পাগল হৃদয়খনক যে
কিমান বাৰ বুজালো...
আপোনাক আওকাণ কৰাৰ অজুহাতত
বিচাৰিলো নিজক পৰ কৰাৰেই
হেজাৰ কাহিনী
এতিয়া..
এটা ৰাতি কেনেকৈ পাৰ কৰো
মিঠা অথবা মৌন বিষ এটা বুকুতলৈ

ফাগুন মোৰ যৌৱনৰ অন্য নাম
এতিয়াৰ পৰা আপোনাক গতাই দিলোঁ
ইয়োতো ভালপোৱাৰেই অংশ
যাযাবৰ মৰুহৃদত
বনফুল ফুলিল যেতিয়া
আপুনি বাধা দিব নোৱাৰে....
মই আপোনাৰ আজন্ম প্ৰেয়সী হৈ থাকিম
ওৰে জীৱনলৈ
আপোনাৰ মৰমৰ প্ৰতি কোনো আক্ষেপ নথকাকৈ
আপোনি মোক ভাল নোপোৱাৰ সম্ভাৱনাক
কেতিয়াও ভ্ৰূক্ষেপ নকৰাকৈ......//

-


21 JUL 2021 AT 17:36

উশাহযুক্ত ভয়াবহ মৃত্যুৰ মাজত ভগ্নহৃদয়ৰ অভিমুখী
ভগ্ন দাপোনত প্ৰতিবিম্বৰ বিভ্ৰান্তিকৰ ছায়াত
ভগ্নতাৰ দুৰ্গন্ধ বিলোৱা এটি কেচা শৰীৰ
অপ্ৰয়োজনীয়, অবাঞ্ছিত.....
অভ্যস্ত মই নিচাসক্ত ৰাতিত গনি গনি
ধোৱাৰ মাজত হেৰাই দিবলে বিষাক্ত উশাহ_
যাৰ কুটিলতাই আত্মাক প্ৰতিবাৰে
উপহাৰ দিয়ে দুখৰ চোলা
দুখৰ ওফন্দা মুখখনেও নিচুকাব বিচাৰে
দুখতেই নষ্টালজিয়া সানি
বিষাদৰ এৰিয়া চাদৰখনেৰে
শব্দবোৰ উমান হৈপৰেহি
হাঁহি শব্দটো লিখিবলৈ হেনো

জ্বলি ৰৈছে পাৰ হৈ যোৱা ধোৱাই
ওঠ কলা কৰা কবিৰ তেজে ধোৱা মৃতদেহ
শেষত__
আত্মাই কয় শৰীৰক
বলা উভতি চাও এৰি আহা বাট
মিৰিকাৰ ধেমালিত
জীৱন সাঁথৰৰ উওৰ বিচাৰি

-


20 JUL 2021 AT 19:09

জাৰৰ নিশা হাতত একাপ চাহলৈ
ভবিষ্যতলৈ অদূৰ কল্পনা আজিও কৰো.....

-


20 JUL 2021 AT 14:03

হৃদয়ৰ কোণেৰে আলফুলকৈ সৰকা
এইয়া শাওণৰ প্ৰথমজাক বৰষুণ
শাওণ মানেই কৃষকৰ আশাৰ ঢল
মোৰ বাবে শাওণ বোকাৰ দলিচাত থল
সেউজীয়া আৰু জীয়া সপোনৰ তুলিকাৰে
ব্যস্ত শাওণৰ পথাৰ ....

বানে গৰকি যোৱা পথাৰখনত
পিতাইৰ ঘামে ধোৱা গা
তাম ৰঙীন দেহটোৱে
হুমুনিয়াহ নিগৰিলে
আইৰ ওচৰত বুকু উদঙাই
বানে ধোৱা ভোকবোৰে ৰিঙিয়াই ....

সপোন সিচে, আশাবোৰ বান্ধি লয়
বুকুৰ মাজত
নাই আহৰি, নাই ভাগৰ
শাওণবোৰ পথাৰখনৰ ৰং
আৰু পথাৰখন চহাৰ বুকুত বাজি থকা
এটা নিলিখা কবিতা ।।

-


18 JUL 2021 AT 17:28

বিয়া হোৱাৰ দুবছৰ পিছত-

ৰাতিপুৱাই পুৱাই শাহুৱেকে বোৱাৰীৰ ৰুমত বোৱাৰীক মাতিবলৈ গৈ, বোৱাৰীক দেখি শাহুৱেকে আচৰিত হৈ ক'লে-

শাহু - কি কৰিছা তুমি!! মোৰ ল'ৰাটোক মাৰিবা নিকি, তাৰ মোখত কিয় এনেকৈ বহি আছা,

বোৱাৰী - (লাজত) আপোনাৰ ল'ৰায়ে বিয়া নোহোৱাৰ আগতেই কৈছিল যে মোক বুলে বিয়া হোৱাৰ পিছত palakon Mein বহাই থ'ব সেয়ে আজি বহিবৰ মন গ'ল সেই কাৰণে বহি চালোঁ

শাহুৱেক - অচেতন...!!


😂😂

-


18 JUL 2021 AT 14:44

जो छूट गया उसका क्या गलाल करें
जो हासिल है, चल उस से ही सवाल करें

हंसता हुआ बित रहा है पल, आज मैं ही खुश हूं
जिंदगी है छोटी, हर पल में खुश हूं

बिन सफ़र , बिन मंजिल का
एक रास्ता होना चाहता हूँ ।

मेरा भविष्य भी पानी
फिर गरमी किस बात पे रखू

न कभी मिला न कभी जूदा हुआ,
रिशता हम दोनों का कितना अजीब था

तैरे जीवन में कभी अचन न बनूँगी
तेरे सपनो की बिच ना पडूंगी

कुछ इस तरह मैं निखरना चाहता हूँ
बहुत सिमट गया, बिखरना चाहता हूँ ।

तारीफ करती है जिस दिन ये दुनिया बहुत मेरो
मे घर जाकर आईने में असलियत देखलेता हुँ ।।

-


17 JUL 2021 AT 22:42

দুখ নাথাকিলে
সুখৰ মূল্য কোনে বুজিব ?

-


17 JUL 2021 AT 22:25

মূল্য থাকিব পাৰে জানো কিবা
অজীৱক দিয়া মনোৰঞ্জনৰ বাহিৰে
বৰ সহজতেই গ্ৰাস কৰিলে বিষন্ন এন্ধাৰে এই সমগ্ৰতা
বৰ কুতচিত সেই ছায়া
কেচাতেজৰ গোন্ধ কঢ়িয়োৱা বতাহজাক
আৰু
আৱেগৰ নৈত অনুভৱৰ কলৱৰ
শূণ্যতাৰ এখন জয়াল মৰুদ্যান
নিঃসংগতাৰ এজোপা মাত্র বকুল.....

উভতি আহে স্মৃতিৰ ধুমুহা এন্ধাৰৰ স'তেই
প্ৰিয়বোৰৰ শাশ্বত
যেন হৃদয়াংগৰ কোষত বাজি উঠা ঐনিতমৰ কেঁচা সুৰ .....

পক্ষামাতত আক্রান্ত হৃদয়চনলৈ
আজিও মোৰ যুজ অব্যাহত এই আন্ধাৰ পৃথিৱীত
এযুৰি সেমেকা চিনাকী চাৱনিৰ সন্ধানত....

-


17 JUL 2021 AT 15:41

জীৱন নামৰ ডায়েৰিখনত
প্ৰতিটো অংগত খিতাপি লোৱা মলিয়ন বস্ত্রৰ সিপাৰে
কামনাৰ ধুলিৰে অন্ধ চকুৰে শব্দ পিতপিতাই বিচাৰি
এটা অকবিতাৰ সৃষ্টি কৰিম
নিচাসক্তৰ আবিৰ সনা শব্দবোৰৰ প্ৰেমত মগ্ন
এজনী অহংকাৰী নষ্ট প্ৰেমিকা
নাহ! এয়াতো বাস্তৱৰ চৰিত্ৰহীনাৰ কাহিনী
অভিমানৰ গধুৰ অলংকাৰ পিন্ধি
স্বাৰ্থপৰ সংজ্ঞাটিৰ স্বৰ্ণ মুকুত পৰিধান কৰি

হাঁহিৰ কাষত এমুঠি কলংকৰ ৰহণ
দুই ওঠৰ পাহীত সানি আছিলো,
ধিপ ধিপ কৰি ধকা সপোনৰ হৃদয়স্ত্রতোৰ কবৰত
ৰৈ আছোঁ নিসাৰ নিস্তব্ধতালৈ.....
ক্ষমা কৰি দিবি মোক প্ৰেমৰ গল্পকৰ
বন্দী হৈ ৰলোঁ কবিতাৰ নীলাবোৰ হাতত সানি../

-


Fetching Ambika Das Quotes