অবিনাশ শৰ্ম্মা  
7 Followers · 2 Following

Joined 31 December 2018


Joined 31 December 2018

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমূহ অসমীয়া ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালো। স্বাভিমানী অসমীয়া আমি, বিহু আমাৰ স্বাভিমান ৰ যুগজয়ী প্ৰতীক। শুভ নৱবৰ্ষ। অভিনন্দনেৰে
অবিনাশ শৰ্মা (যদুমণি) ।
উপদেষ্টা, অঃজাঃযুঃছাঃপঃ
ৰূদ্ৰসাগৰ আঞ্চলিক সমিতি, শিৱসাগৰ ।

-



শ্ৰদ্ধাৰ
বেনুধৰ (বিশ্বজিৎ) ছাৰ আৰু প্ৰাৰ্থনা নৱৌ লৈ
শুভ বিবাহৰ শুভ লগনত অন্তহীন আন্তৰিকতা, সীমাহীন স্নেহ , অযুত শুভ কামনাৰে যুগ্ম জীৱনৰ অফুৰন্ত ওলগ জনালোঁ। অনাগত প্ৰতিটো পল অনুপল মধুৰ হওঁক তাৰ বিপুল সম্ভাৰেৰে আমি আপোনাৰ সহকৰ্মী....
যদুমণি শৰ্ম্মা (অবিনাশ) - শিৱসাগৰ।
মুনিন্দ্ৰ গগৈ - লক্ষিমপুৰ।
পেৰুজ সোণোৱাল - ডিব্ৰুগড়।
মনোজ বাছফৰ- নগাঁও।
জলী ফুকন -ডিব্ৰুগড়।
পাহাৰি বৰুৱা- ডিব্ৰুগড়।
তৃষ্ণা দুৱাৰ - চৰাইদেউ।
মৃনালি গগৈ-শিৱসাগৰ ।
প্ৰিয়ংকা বৰবৰা-চৰাইদেউ ।
ৰুবী বৰুৱা - শিৱসাগৰ।
স্নিগ্ধা ৰাণী বৰুৱা - শিৱসাগৰ।
মিতালী ডেকা - ডিব্ৰুগড়।

-



মেলি দে চোন, মেলি দে চোন বণিজৰে নাওঁ,
অলপ দূৰত আছে মোৰ চেনেহীৰে গাওঁ।।
বহুত দিন হ'ল তাইক দেখা নাই ওচৰত গৈ চাওঁ,
কাষৰীয়া চব ঘাটতে মনৰ খৱৰ পাওঁ।
মেলি দে চোন মেলি দে চোন বণিজৰে নাওঁ ।।

-



"ভাল পোৱাৰ গান"
তুমি হয়তো নাজানা জান,
তোমাৰ অবৰ্তমানত
মই যেন জ্বলি 🔥জ্বলি🔥 শেষ হয় যাম,
ভালপোৱাবোৰৰ
অপমৃত্যুৰ চিতাত তুলি দি
আমাৰ প্ৰেম, শ্মশানত এদিন.... 😭😭।
অচিনা দিগন্তৰ বুকুত
সংগোপনে অকলে অকলে চলাথ কৰিছো
তিৰবিৰ জোনাকীৰ ভিৰত আজিও তোমাৰ অৱকাশ বিচাৰি জানা?
তুমিতো এতিয়া সোণৰ
সুখ শয্যাৰ উদ্বেলিত নিশাৰ
কাৰোবাৰ মৰমৰ আকৰ,আৰু মই.....
আউসীৰ 🌘পিয়লাত নিস্তব্ধতাৰ ৰাগী 🥃
চুমুক দিছো উন্মনা মনৰ মোহনাত, সুখ নিদ্ৰাৰ সন্দিহান...!
আৰু ভালপোৱা বোৰ উদযাপন কৰিছো, হুমুনিয়াহবোৰত অগ্নি সংযোগ কৰি কৰি
ছাই ৰে পূৰ্ণপাত্ৰ হৈ পৰিছে বুকুৰ এছট্ৰে'ত।
তুমি হয়তো নাজানা অ' জান👩‍❤️‍👨👩‍❤️‍👨
🖋️ওমপ্ৰকাশ

-



শব্দৰ শিৰোনাম - "জীৱন"
নৱগ্ৰহক উজ্জ্বলাব পৰা নক্ষত্ৰ তই।
ৰুদ্ধদ্বাৰ নিয়তিৰ বুকুত তোৰ সতে ওমলো মই।।
প্ৰত্যাহ্বানৰ স্পৰ্দ্ধাত শুকাই টেতু।
জীৰ্ণকীৰ্ণ হৈ পৰে মনোৱলৰ সেতু।।
মেঘমল্লাৰ গৰ্জন ত খহিব খোজে সংকল্পৰ গম্ভোজ।
সময়ৰ আহ্বানত কঁপিছে প্ৰতি খোজ।।

-



"ৰোলাৰ গাড়ীৰ দৰে জীৱন মোৰ"
মৌনতাৰ পৰিধি ভাঙি জীৱন জিন্দাবাদ বুলি চিঞৰিবলৈ মোক নতুন পৃথিৱী নালাগে।
একেই চন্দ্ৰ, সূৰ্য্য, পৃথিৱীৰে জীৱনৰ ৰং আঁকিবলৈ মই আশাবাদী ।
কাল্পনিকতাৰ কেনভাচ বোৰ মোৰ একেবাৰেই প্ৰিয় নহয়,
মই ব্যস্ত হৈ থাকো উজুটিত ওফৰি ফুৰা ৰাজপথৰ শিল বোৰক লৈ।
সেই শিল বোৰ সঠিক ৰূপত সজাই গঢ়িব খোজো এটা মিশ্ৰণ পথ, ঠিক পুৰণি কৰ্কশ মাতৰ ৰোলাৰ গাড়ী খনৰ দৰে।
নাই কৃত্ৰিমতা, নাই কোনো জটিলতা।
সেই বাবেই বহুতে মোক হজম কৰিব চাগৈ নোৱাৰে।
বুজাৰ বিপৰীতে যুজিঁব বিচাৰে সহজে।
মাত ডাঙৰ মোৰ, মনো ডাঙৰ। বিলাসী বাহনৰ দৰে অভিলাষী মন লৈ ঘুৰিব নোৱাৰাটো মোৰ জানো দোষ হব পাৰে।
শিলাময় পথ মিশ্ৰণ কৰি বাস্তৱ জীৱনৰ ছবি আঁকিব চেষ্টা কৰো বাবেই সকলোয়ে উজুটি খালে ৰোলাৰ গাড়ী বুলি মোকেই টো মাতে।
অৱিনাশ - ১২-১০-২০২০

-



ওপজা দিনৰ অফুৰন্ত ওলগ জনালোঁ সোণালী /কাঞ্চি ।ভগৱানে আপোনাৰ মংগল কৰক ।সফলতাৰে আগোৱাই যাওঁক শিখৰ পৰা শিখৰলৈ ।

-



সোণ যিমানেই পুৰণি হব উজ্জ্বলতা সিমানেই চমৎকাৰ হব | গতিশীল সময়ৰ পংকিলতাত বয়সৰ আচুৰ নপৰা দেশ আৰু জাতিৰ স্বাৰ্থত চিৰ জাগ্ৰত পহৰী হিচাপে জাতীয়তাবাদী চিন্তাৰ শীৰ্ষত জিলিকি থকা অসম মাতৃৰ সুযোগ্য সন্তান মৰমৰ , শ্ৰদ্ধা ৰ সন্মানীয় শ্ৰীযুত ৰঞ্জন উপাধ্যায় দাদাৰ ওপজা দিনৰ এই মধুৰ ক্ষণত অযুত শুভকামনা জনোৱা লগতে দাদাৰ সু স্বাস্থ্য আৰু আৰু দীৰ্ঘায়ু কামনাৰে ভগৱানক জনাইছো প্ৰথৰ্না ।(ফটোত নতুন দিল্লীৰ ৰাজপথত দাদা আৰু মই খোজ কঢ়া মুহূৰ্তত )

-



দেখাত অজলা ভিতৰি মজ্জা টেঙৰ, ডিব্ৰুগড়ৰ বৰবৰুৱা ত একোকে নজনা, যোৰহাট ৰ পানীচকুৱাত সকলো শিকা লৰা গৰাকীলৈ ওপজা দিনৰ ওলগ জনালোঁ। সুখী হোৱা বাপু।

-



একালৰ প্ৰৱল জাতীয়তাবাদী সংগ্ৰামী সতীৰ্থ তথা আজিৰ তাৰিখত ৰাষ্ট্ৰীয় দলৰ চতুৰ ৰাজনৈতিক নেতা মানস কোছলৈ ওপজা দিনৰ অফুৰন্ত ওলগ জনালোঁ।

-


Fetching অবিনাশ শৰ্ম্মা Quotes