বিধি
____
(৫)
সময় নদী বৈ গ'ল, নাইকীয়া হোৱা জীৱনৰ আনন্দ আকৌ ঘূৰাই পোৱাৰ আশাৰে সেই সোঁতত উটি ভাঁহি গৈ থাকিল মিলন লগত নিজু আৰু ল'ৰাটো । কিয় জানো সময়ৰ ঢৌৱে জীৱনৰ কঠিনতম পলবোৰক উটাই লৈ গুচি নাযায়, কিয় বুকুৰ মাজত পোত খাই থকা সেই যন্ত্ৰণাৰ বিৰাট পাথৰবোৰ খহি নাযায় । সুখৰ কামনাৰে এদিন তুলিকাৰ আঁচলত মিলনে নিজৰ সমস্তখিনি বিলাই দিছিল, কিন্তু অসৎ ভাগ্যই তাইক তাৰ পৰা কাঢ়ি নিলে । বুঢ়ী মাকজনীয়ে বিনা কষ্টে সিপাৰে যাব নোৱাৰিলে, মৃত্যুৰ কামনা তীব্ৰ হোৱাতহে সিপাৰৰ মালিকে মাকলৈ ঠাই ওলাব পাৰিলে । আৰু মধু ??? মধুৰ অনুপস্থিতিতহে মিলনে অনুভৱ কৰিব পাৰিছে মধুৱে তাৰ ৰুগ্ন ভগ্ন জীৱনটোক কিদৰে আঁত মাৰি ৰাখি আছিল, ভাগি যোৱা পঁজাটোৰ চালখন কেনেকৈ তাৰ শক্তিৰে দাঙি ধৰি আছিল । মিলনে বহুত ভালকৈ অনুভৱ কৰিব পাৰিছে ।
ৰাতিপুৱা মিলনে বহুত সোনকালে সাৰ পালে, কাষত শুই থকা নিজু আৰু ল'ৰাটোৰ পিনে চাই এটি দীঘলীয়া নিশ্বাস এৰিলে । বিছনাৰ পৰা উঠি আহি সি কোনোফালে নাচাই পিছফালৰ পথাৰৰ ফালে খোজ দিলে, বহুত দিন হ'ল বেলিটো পূবত উদয় হোৱাটো দেখাৰ ।
-