20 JUN 2019 AT 0:52

"মোৰ কবিতাৰ ছন্দ লাগি" - বিষ্ণুপ্ৰসাদ ৰাভা

মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে?

নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি
হিয়াত নাচোন উঠেনে?

ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন-বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ?

ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোলমোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচেনে?

- YQ বান্ধৈ