8 JUN 2019 AT 0:22

"আইতা" কবি :- হেম বৰুৱা

এয়া আমাৰ আইতা, আশীবছৰীয়া :
মধ্যাহ্নৰ সূৰুযৰ প্ৰখৰ তাপত,
নাইবা
ঘনঘোৰ বাৰিষাৰ প্ৰলয় দিনত
জহকালি, জাৰকালি সকলোকে
উপলুঙা কৰি
ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি।

আইতাক লগ পাই সুধিছিলোঁ মই :
"তুমি আই, লাখুটিত ভৰ দি,
খুপি খুপি বিচাৰিছা কি?"

আইতাই ঘোলা চকুযুৰি
মোৰ ফালে তুলি
একেষাৰ কথা মাথোঁ ক'লে :
"মই বিচাৰিছোঁ, বিচাৰিছোঁ কি,
তই নুবুজিবি, নুবুজিবি সোণ।
বিচাৰিছোঁ মই সেই কুৰিটা বছৰ,
মোৰ যৌৱনৰ, সপোনৰ
বাটৰ ধূলিত কিজানিবা আছে লীন হৈ।"

- YQ বান্ধৈ