"কেনেকৈ কওঁ "
কেনেকৈ কওঁ তোমাক.....?
তুমিয়েই যে মোৰ জীৱনৰ
জোনাকী জনী.....
ক'ব বিচৰা কথাবোৰ
হৃদয়ত সাঁচি ৰাখিছো....
তুমি যদি অভিমানী পক্ষী
জাকৰ দৰে মোৰ জীৱনৰ
পৰা উৰামাৰা.....
তুমি মোৰ হৃদয়ত মৰম নামৰ
শৃংগ হৈ জিলিকি ৰ'বা.....
-
" বাৰে বাৰে "
অনুভৱ বোৰ দেখোন
আজি নাইকিয়া হ'ব
ধৰিছে....বাৰে বাৰে
কোৱাৰ পাছতো তুমি
একেই অভিমান
কৰি আছা....কোন
ক্ষণত কাৰ ভূল আছিলে
সাঁথৰ হৈয়ে ৰৈ গ'ল.....
-
" আশাৰ চাদৰ "
আশাৰ চাদৰ খনৰ আঁৰত
লুকাই ৰৈ যায় মোৰ
হাজাৰটা সপোন....
হৃদয়ৰ মৰমৰ
খিনি আজি মৰীচিকা
হৈ পৰিছে..... গভীৰ নিশা
বাৰুকৈয়ে মনত পৰে
তোমাৰ মুখ খনিলৈ....
আশাৰে ৰৈ থাকিম মাথো
তোমালৈ....-
" আঘোণৰ কুঁৱলী "
আঘোণৰ কুঁৱলীৰ মাজেৰে
জিলিকি ৰৈ ছে নিয়ৰ স্পৰ্শিত
মোৰ সোণবৰণীয়া পথাৰ খনি...
মন যায় পকা ধানৰ সুগন্ধিৰে
ভৰা মোৰ পুৰণি গাঁও খনিলৈ
এবাৰ উভতি যাবলৈ....
আপোন পাহৰা হৈ আধা
বাটতে হেৰাল মোৰ
সোণোৱালী গাঁওখন....-
" আপোন "
তিনিটা আখৰৰ আপোন
শব্দটোৰ হয়তো সকলোৰে
বাবে অৰ্থপূৰ্ণ কিন্তু.....মোৰ
বাবে.....মোৰ বাবে নিৰৰ্থক....
যাকেই আপোন বুলি ভাবোঁ...
সিয়েই দুৰ হৈ যায়.....
সকলো বোৰ পাহৰি তোমাক
আকৌ আপোন বুলি ভাবিছোঁ...
দিবানে চিৰ জীৱন মোৰ
হোৱাৰ ভৰসা....????-
" হেঁপাহ "
হেঁপাহ নামৰ কেঁচা
সূতাডাল চিঙি যাব ধৰিছে....
সম্পৰ্ক নামৰ বগা সূতাডাল
এতিয়া মলিন হৈ পৰিছে....
মানৱতাৰ শিখৰত.....
আত্মহাৰা হৈ নিজৰে চানেকি
আঁকি থৈ গ'ল অতীত বুলি.....
-
"মই নথকাৰ কবিতা"
সচাঁকৈ নাজানোঁ মোৰ
জীউটো আৰু কিমান
দিনৰ আলহী এই পৃথিৱীত....
কেনেকৈ থাকিবা......?যেতিয়া
মই পৃথিবীৰ খেলাৰ লগত
হাৰি যাম.....তোমাৰ হৃদয়ত
স্মৃতি হৈ মোৰ কথাবোৰে
বাৰে বাৰে আমনি কৰিব.....
তুমি মই আমি হোৱাৰ সপোন...
সপোন হৈয়ে ৰ'ব....
ছাঁয়া হৈ থমকি ৰ'ম তোমাৰ পদূলিত...
-
" শিকাইছে "
সময়ে বহুত শিকাইছে.....
পোৱা নোপোৱাৰ ভাষা.....
যন্ত্ৰণাৰ বেথা......
স্মৃতিবোৰ হৃদয়ত সামৰি
সপোন বোৰ চকুত ৰাখি
যন্ত্ৰৰ দৰে আগুৱাইছো....
সপোনৰ পম খেদি.....
হাজাৰটা সপোনক..সপোন
কৰি ৰাখিছো.....ক'বলৈও
ভয় লাগে যদি তুমি
আঁতৰি যোৱা..........
-
"অপেক্ষা"
সূৰুযমূখীৰ হাঁহিত প্ৰাণপোৱা
মোৰ হেঁপাহবোৰ যেন
ৰ'দৰ তাপত গলিব খুজিজে......
উশাহৰ ভাঁজে ভাঁজে এতিয়া বেদনাৰ
চিৎকাৰ....তমশাৰ নিশাত যেন
আন্ধাৰবোৰ জোনাকী হৈ সৰিছে.....
মই মই লগা সময়বোৰ ও যেন
মই নামৰ শব্দটোতেই বিলীন হৈ পৰিছে....
কাৰোবাৰ অপেক্ষাত......
সেয়া হয়তো সময় বা তোমাৰ অপেক্ষাত.....-